ওৰাং ৰাষ্ট্ৰীয় উদ্যান
ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park) | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
![]() এশিঙীয়া গঁড় | |
![]() ![]() | |
অৱস্থান | দৰং আৰু শোণিতপুৰ জিলা, অসম, ভাৰত |
নিকটতম চহৰ | তেজপুৰ |
স্থানাংক | 26°33′41″N 92°19′00″E |
মাটিকালি | 78.81 |
প্ৰতিস্থা | ১৯৯৯ |
কৰ্তৃপক্ষ | ভাৰত চৰকাৰ, অসম চৰকাৰ |
ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)(Pron: ɒˈræŋ or ɒˈrɑ:ŋ), ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মাটিকালি প্ৰায় ৭৮.৮১ বৰ্গ কিলোমিটাৰ। ১৯৮৫ চনত ওৰাঙক অভয়াৰণ্য আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স’তে প্ৰায় একে ধৰণৰ বনাঞ্চল তথা পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ বাসস্থান হোৱাৰ বাবে বহুতে ওৰাঙক ‘মিনি কাজিৰঙা’ বুলিও আখ্যা দিয়ে। এই ৰাষ্ট্ৰীয় উদ্যান জৈৱ-বৈচিত্ৰৰ ক্ষেত্ৰত খু্বেই চহকী। ইয়াত অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তু দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত এশিঙীয়া গঁড়, নল গাহৰি, হাতী, বনৰীয়া ম’হ, ঢেঁকীয়াপতীয়া বাঘ আদিয়ে প্ৰধান।[1][2][3][4][5]
ইতিহাস
প্ৰায় ১৯০০ চনলৈকে ই স্থানীয় জনজাতীয় লোকেৰে অধ্যুষিত আছিল। মহামাৰী ৰোগৰ কবলত পৰি স্থানীয় জনজাতীয় লোক সকলে এই ঠাই পৰিত্যাগ কৰিলে। ১৯১৫ চনৰ ৩১ মে’ তাৰিখে ব্ৰিটিছ সকলে ২২৭৬/R নং চৰকাৰী বিজ্ঞপ্তি যোগে এলেকাটোক ওৰাং গেম (Game) অভয়াৰণ্য হিচাপে ঘোষোণা কৰে। ১৯৮৫ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে ইয়াক FRS 133/85/5 নং চৰকাৰী বিজ্ঞপ্তি যোগে অভয়াৰণ্যৰূপে প্ৰতিষ্ঠা কৰা হয়। কিন্তু, ১৯৯২ চনত ইয়াক ৰাজীৱ গান্ধী অভয়াৰণ্য হিচাপে নামকৰণ কৰা হয়। অৱশেষত, ১৯৯৯ চনৰ ৮ এপ্ৰিল তাৰিখে FRW/28/90/154 নং চৰকাৰী বিজ্ঞপ্তি যোগে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। [6]
ভৌগোলিক বিৱৰণ
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি ৭৮.৮১ বৰ্গ কি.মি. (৩০.৪৩ বৰ্গ মাইল)। ই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে দৰং আৰু শোণিতপূৰ জিলাত 26.483°N 92.266°E আৰু 26.666°N 92.45°E মাজত ভৌগোলিকভাৱে অৱস্থিত। উদ্যানখনৰ সীমাত পাচনৈ (মধ্য), বেলশিৰি নৈ(পূৱ) আৰু ধনশিৰিনৈ (পশ্চিম) অৱস্থিত। এই নৈবোৰ উদ্যানখনৰ দক্ষিণে অৱস্থিত ব্ৰহ্মপুত্ৰ নদীত মিলিত হৈছে। বাৰিষা কালত উদ্যানখনৰ বেছিভাগ অঞ্চল প্লাৱিত হৈ পৰে। ইয়াত ১২টা জলাশয় আৰু ২৬টা মানৱ নিৰ্মিত পুখুৰী আছে।[7] সেইবাবে উদ্যানখন ইন্দো-মালয় জৈৱবৈচিত্ৰ হটস্পটৰ অন্তৰ্গত পাললিক প্লাৱনভূমি ৰ এক অবিচ্ছেদ্য অংগ। উদ্যানখনৰ মুঠ এলেকাটো ইষ্টাৰ্ণ হিমালয়ান আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য- ১৫.৮৫ বৰ্গ কি.মি., ইষ্টাৰ্ণ ঋতু জলাশয় অৰণ্য - ৩.২৮ বৰ্গ কি.মি., ইষ্টাৰ্ণ আৰ্দ্ৰ পাললিক তৃণভূমি- ৮.৩৩ বৰ্গ কি.মি., চাভানাহ তৃণভূমি - ১৮.১৭ বৰ্গ কি.মি., নিকৃষ্ট তৃণভূমি - ১০.৩৬ বৰ্গ কি.মি., জলাশয় -৬.১৩বৰ্গ কি.মি., আৰ্দ্ৰ বালিচৰ (Sandy area)- ২.৬৬ বৰ্গ কি.মি. আৰু শুষ্ক বালিচৰ - ৪.০২ বৰ্গ কি.মি. আদি শ্ৰেণীত বিভক্ত। ই উত্তৰৰ পৰা দক্ষিণলৈ মৃদু ঢালযুক্ত সমভূমি। এলেকাটো সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৪৫ মিটাৰ ৰ পৰা ৭০ মিটাৰ লৈ উচ্চ। ইয়াৰ দক্ষিণে ব্ৰহ্মপুত্ৰৰ অসংখ্য সুঁতি আৰু চৰ এলেকা আছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল এলেকাটো দুইভাগে বিভক্ত: উত্তৰৰ প্ৰায় ৫০% এলেকা উচ্চভূমিৰ সমতল আৰু দক্ষিণৰ প্ৰায় ৫০% এলেকা ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা সৃষ্টি হোৱা পাললিক প্লাৱনভূমি। গোটেই উদ্যানখনৰ চাৰিওকাষে থকা জনবসতি পূৰ্ণ গাঁওবোৰৰ বাবে ইয়াৰ নৃতাত্ত্বিক চাপ যথেষ্ট বেছি।[1]
বতৰ
উদ্যানখনত তিনিটা ঋতু উল্লেখযোগ্য, সেইবোৰ গ্ৰীষ্ম, বৰ্ষা আৰু শীত; যদিও মে’ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈ বছৰৰ বেছিভাগেই বৃষ্টিপাত সহিত ক্ৰান্তিয় বৰ্ষা জলবায়ু পৰিলক্ষিত হয়। গড় বাৰ্ষিক বৃষ্টিপাত ৩০০০ মি.মি.।[1]
তথ্য অনুসৰি শীত কালত অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ ৰাতিপুৱা ৫-১৫ °চে ৰ পৰা আবেলি ২০-২৫ °চে, এপ্ৰিল মাহত ৰাতিপুৱা ১২-২৫ °চে ৰ পৰা আবেলি ২৫-৩০ °চে আৰু গ্ৰীষ্ম ঋতুত মে’ মাহৰ পৰা জুন মাহলৈ ৰাতিপুৱা ২০-২৮ °চে ৰ পৰা আবেলি ৩০-৩২ °চে ভিন্ন উষ্ণতা পৰিলক্ষিত হয়।[1]
উদ্যানখনৰ আৰ্দ্ৰতা ৬৬% ৰ পৰা ৯৫% হয়.[7]
প্ৰাণীকুল
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন স্তন্যপায়ী প্ৰজাতিৰ উল্লেখযোগ্য প্ৰজননকুল আছে। গুৰুত্বপূৰ্ণ এশিঙীয়া গঁড় (শেষ গণনা মতে ১০০ টা)ৰ বাহিৰেও আন কেতবোৰ বিশেষ প্ৰজাতি হ’ল ঢেঁকীয়াপতীয়া বাঘ (Panthera tigris tigris), হাতী, নল গাহৰি, খটিয়া পহু আৰু বন গাহৰি।[4][8] তলত কিছুমান গুৰুত্বপূৰ্ণ অতি বিপন্নপ্ৰায় আৰু বিপন্নপ্ৰায় প্ৰজাতি উল্লেখ কৰা হল।
ক্ৰমিক নং | অসমীয়া নাম | ইংৰাজী নাম | বৈজ্ঞানিক নাম | চিত্ৰ | IUCN Redlist category |
১ | মাছুৱৈ মেকুৰি | Fishing Cat | Prionailurus viverrinus | Endangered | |
২ | বৰ নেউল | Indian Gray Mongoose | Herpestes edwardsii | Least Concern | |
৩ | শহাপহু | Indian Hare | Lepus nigricollis | Least Concern | |
৪ | বন মেকুৰি (হেপা) | Jungle cat | Felis chaus | Least Concern | |
৫ | লতামাকৰি | Leopard cat | Prionailurus bengalensis | Least Concern | |
৬ | জহাম’ল | Common Palm Civet | Paradoxurus hermaphroditus | Least Concern | |
৭ | ফুটুকী জহাম’ল | Small Indian Civet | Viverricula indica | Least Concern | |
৮ | কেটেলা পহু | Indian Crested Porcupine | Hystrix indica | Least Concern |
স্থিতি তথা সংৰক্ষণ
১৯৯১ চনৰ পিছৰ পৰা ৰাজনৈতিক বিদ্ৰোহ তথা উদ্যানৰ চাৰিওকাষে অবৈধ ভূমি বেদখলৰ বাবে উদ্যান তথা ইয়াৰ বন্যপ্ৰাণীৰ বাবে গুৰুতৰ সংকট কঢ়িয়াই আনিছে। অপৰ্যাপ্ত জনবল, চোৰাংচিকাৰ, তহল আৰু নিৰাপত্তা অভাৱ, বহল নদী, অপৰ্যাপ্ত অবকাঠামো সুবিধা তথা ৰাইজৰ মাজত সংৰক্ষণ সম্পৰ্কে ন্যূনতম সচেতনতা আদিও মূল সংকট হিচাপে চিহ্নিত হৈছে। বন্য প্ৰাণীৰ চোৰাংচিকাৰ, বিশেষকৈ এশিঙীয়া গঁড়ৰ বাবে ই যথেষ্ট গুৰুতৰ। চোৰংচিকাৰৰ বাবে ১৯৯১ চনত এশিঙীয়া গঁড় ৯৭ টাৰ পৰা ৪৮ লৈ কমি যায়। চোৰাংচিকাৰৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ বাবে ২০০৬-০৭ ইয়াৰ সংখ্যা কিছু বাঢ়ি ৬৮টা হয় যদিও চোৰাংচিকাৰ আৰু গঁড়হত্যা অব্যাহত থাকে। গঁড়হত্যা ৰোধৰ বাবে বন বিভাগ অসমৰ কৰ্মকৰ্তা আৰু দৰং, শোণিতপূৰ আৰু মৰিগাঁও জিলাৰ কৰ্মকৰ্তাসহ এটি "সমন্বয় কমিটি" গঠন কৰা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সংৰক্ষণ আৰু উন্নয়নৰ সহায়তা কৰাৰ বাবে নীতি ও কৰ্মসূচী বিকশিত কৰিবলৈ World Association of Zoos and Aquariums (WAZA)ৰ দ্বাৰা এটি উদ্যোগ লোৱা হৈছিল। Zoo Basel (Switzerland) ৰ সহযোগত WWF-India, অসম চৰকাৰ আৰু International Rhino Foundation (IRF) এ Indian Rhino Vision (IRV)2020 কৰ্মসূচী চলি আছে। [3] [9] [10] [11] WWF-India আৰু ভাৰত চৰকাৰে গ্ৰহণ কৰা এই Indian Rhino Vision (IRV)2020 কৰ্মসূচীৰ অধীনত ভাৰতত ২০২০ চনৰ ভিতৰত এশিঙিয়া গঁড়ৰ সংখ্যা ৩০০০ লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। [9][3][9][10][11][9]
ঢেঁকীয়াপতীয়া বাঘৰ সংকটৰ বাবে World Association of Zoos and Aquariums (WAZA) আৰু Bush Gardens এ মিলিত হৈ Species Survival Plan (SSP) নামৰ এটি প্ৰকল্প চালিত হয়। এই প্ৰকল্পৰ অধীনত মূলত ঢেঁকীয়াপতীয়া বাঘৰ আনুবংশিক প্ৰকাৰ উন্নত কৰাৰ কৰ্মসূচী হাতত লোৱা হয়। তদুপৰি স্থানীয় গৱেষকৰ দ্বাৰা নিৰীক্ষণ, ৰাইজৰ অংশগ্ৰহণ আদিৰ দ্বাৰা ঢেঁকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ কৰ্মসূচী হাতত লোৱা হৈছে। [12][12]
পৰ্যটকৰ বাবে
উদ্যানখনলৈ যাতায়তৰ সুব্যৱস্থা আছে। বাছ, ৰেল আৰু বিমানযোগে ওচৰৰ চহৰবোৰ সংযুক্ত। তেজপুৰ ৬৪ কি.মি. নিলগৰ একেবাৰে নিকটবৰ্তী চহৰ তদুপৰি গুৱাহাটী পৰা উদ্যানখনলৈ দূৰত্ব প্ৰায় ১৪০ কি. মি.।[4][8]
গুৱাহাটীৰ পৰা উদ্যানখনলৈ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তলত দিয়া ধৰণে আহিব পাৰি:
গুৱাহাটী (০ কি.মি.)--> মঙ্গলদৈ (৭২ কি.মি.)--> খাৰুপেটীয়া (১৬ কি.মি.)--> দলগাঁও (৯ কি.মি.)--> শিলবৰি (কৌপাটী হৈ ১২ কি.মি.)--> ওৰাং ৰাষ্ট্ৰীয় উদ্যান (৩ কি.মি.)।
তেজপুৰৰ পৰা উদ্যানখনলৈ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তলত দিয়া ধৰণে আহিব পাৰি:
তেজপুৰ(০ কি.মি.)--> ঢেকীয়াজুলি(৩৪ কি.মি.)--> ওৰাং (১৫ কি.মি)--> শিলবৰি (১২ কি.মি.)--> ওৰাং ৰাষ্ট্ৰীয় উদ্যান (৩ কি.মি.)।
নিকটতম ৰেল ষ্টেচন ৰাঙাপাৰা আৰু ই ওৰাঙৰ পৰা প্ৰায় ৫০ কি.মি. দূৰৈত অৱস্থিত।
নিকটতম শালনীবাৰী বিমানকোঠ তেজপুৰৰ পৰা ১০ কি.মি. দূৰৈত অৱস্থিত।
অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহলৈ উদ্যান পৰিদৰ্শন কৰাৰ ভাল সময়। ৰাতিপুৱা ৭:৩০ পৰা ৯:৩০ লৈ আৰু আবেলি ২:০০ ৰ পৰা ৩:০০ লৈ উদ্যান পৰিদৰ্শনৰ বাবে খোলা ৰখা হয়।