তাজমহল
তাজমহল স্থানীয় নাম: ताज महल | |
![]() তাজমহলৰ দক্ষিণভাগ | |
অৱস্থান: | আগ্ৰা, ভাৰত |
স্থানাংক: | 27.8°0′0″N 78.0°0′0″W |
উন্নয়ন: | ১৭১ মি (৫৬১ ফুট) |
নিৰ্মান: | 1632 - 1653[উদ্ধৃতিৰ প্ৰয়োজন] |
স্থাপত্য: | ওস্তাদ আহমেদ লাহৌৰি |
স্থাপত্য নীতি: | মোগল |
পৰিদৰ্শন: | More than 3 million (2003) |
colspan=2 align=center style="border:4px solid #FFE978;"|'ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ"|| colspan=2 align=center style="border:4px solid #FFE978;"|ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ' | |
ধৰণ: | সাংস্কৃতিক |
বিচাৰধাৰা: | i |
মনোনীত হৈছে: | ১৯৮৩ (7th session) |
তথ্যসূত্ৰ #: | 252 |
ষ্টেট পাৰ্টি: | ![]() |
অঞ্চল: | এছিয়া মহাদেশ |
তাজমহল (হিন্দীত: ताज महल, উৰ্দুত: تاج محل) ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী আৰজুমান্দ বানু বেগম, যিগৰাকী মুমতাজ মহল নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল। সৌধটি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৬৩২ খৃষ্টাব্দত আৰু সম্পূৰ্ণ হৈছিল প্ৰায় ১৬৪৮ খৃষ্টাব্দত। সৌধটিৰ নক্সা কোনে কৰিছিলে এই প্ৰশ্নৰ অনেক বিতৰ্ক থাকিলেও, এইটো পৰিষ্কাৰ যে শিল্প-নৈপুণ্যসম্পন্ন এদল নক্সাকাৰক আৰু কাৰিকৰে সৌধটি নিৰ্মাণ কৰিছিলে যিসকল ওস্তাদ আহমেদ লাহৌৰিৰ লগত আছিল, যিজন তাজমহলৰ মূল নক্সাকাৰক হোৱাৰ বেছি দাবীদাৰ।[1]
তাজমহল (তাজ নামেৰেও জনাজাত) মোগল স্থাপত্যশৈলীৰ এটি আকৰ্ষণীয় নিদৰ্শন হিচাপে পৰিগণিত হৈছে। ইয়াৰ নিৰ্মাণশৈলীত পাৰস্য, তুৰস্ক, ভাৰতীয় আৰু ইছলামী স্থাপত্য শিল্পৰ সংমিশ্ৰণ ঘটাই নিৰ্মাণ কৰা হৈছে। যদিও কেৱল মাৰ্বলৰ গম্বুজাকৃতিৰ ৰাজকীয় সমাধিটো বেছি সমাদৃত, তাজমহল প্ৰকৃততে সামগ্ৰিকভাৱে এক জটিল অখণ্ড স্থাপত্য। এইটো ১৯৮৩ চনত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে তালিকাভুক্ত কৰা হৈছিল। তেতিয়া কোৱা হৈছিল "universally admired masterpiece of the world's heritage। "[1]
তাজমহল নিৰ্মাণৰ ইতিহাস
১৬৩১ খৃষ্টাব্দত মোগল সাম্ৰাজ্যৰ সমৃদ্ধশালী সম্ৰাট ছাহজাহানে তেওঁৰ দ্বিতীয় পত্নী মুমতাজ মহলৰ মৃত্যুত গভীৰভাৱে শোকাহত হৈ পৰে। মুমতাজ মহলে তেতিয়া তেওঁৰ চতুৰ্দশ কন্যা সন্তান গৌহৰ বেগমক জন্ম দিয়ে মৃত্যুবৰণ কৰিছিল।[2]
তাজমহলৰ নিৰ্মাণৰ কাম মুমতাজৰ মৃত্যুৰ পিছতেই আৰম্ভ কৰা হয়। মূল সমাধিটো ১৬৪৮ খৃষ্টাব্দত সম্পূৰ্ণ হয় আৰু ইয়াৰ চৌপাশৰ মহল আৰু বাগান পাঁচ বছৰ পিছত তৈয়াৰ হয়। ১৬৬৩ খৃষ্টাব্দত আগ্ৰা ভ্ৰমণ কৰা ফৰাচী পৰ্যটক ফ্ৰান্সিস বেৰনিয়াৰে (François Bernier) লিখিছিল:
I shall finish this letter with a description of the two wonderful mausoleums which constitute the chief superiority of Agra over Delhi. One was erected by Jehan-guyre [sic] in honor of his father Ekbar; and Chah-Jehan raised the other to the memory of his wife Tage Mehale, that extraordinary and celebrated beauty, of whom her husband was so enamoured it is said that he was constant to her during life, and at her death was so affected as nearly to follow her to the grave[3].
অসমীয়া অনুবাদ:
দুটা বিস্ময়কৰ সমাধিৰ বিৱৰণ দি মই/ চিঠিখন শেষ কৰিম যিটোয়ে আগ্ৰাক দিল্লীতকৈয়ো শ্ৰেষ্ঠ কৰিছে; এইটো নিৰ্মাণ কৰিছিলে সম্ৰাট জাহাঙ্গীৰে তেওঁৰ পিতা আকবৰৰ সম্মানত আৰু অন্যটো সম্ৰাট ছাহজাহানে তেখেতৰ পত্নীৰ স্মৰণত তৈয়াৰ কৰিছিল "তাজমহল", যিটো অসাধাৰণ সৌন্দৰ্য্যৰ অধিকাৰী, স্বামী তেওঁৰ পত্নীৰ শোকত ইমানেই ম্ৰিয়মান যে পত্নী জীৱনকালত যেনেদৰে তেওঁৰ লগত আছিল, মৰণৰ পাছতো তেওঁ পত্নীৰ কবৰৰ ওচৰতেই থাকিব।