Type Here to Get Search Results !

ইংৰাজীত শিষ্টাচাৰ Learn English Speaking Day 2

 

ইংৰাজীত শিষ্টাচাৰ

ইংৰাজী ইংৰাজ সকলৰ ভাষা আৰু বিগত 300 বছৰৰ পৰা ভাৰত ইংৰাজ সকলৰ ' ঘনিষ্ঠ ' সম্পৰ্কত আছে ৷ সেয়ে ভাৰতৰ প্ৰতিখন ৰাজ্যতে ইংৰাজী ভাষাৰ প্ৰচলন আছে । অন্য বিদেশী ভাষাবোৰৰ দৰে এই ভাষাটো কিন্তু আমাৰ বাবে বিদেশী হৈ নাথাকিল – ই এটা সংযোগী ভাষা ৰূপে বিকশিত হৈ উঠিছে । অন্য অন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰবোৰতো ইংৰাজী ভাষাই বেছিভাগ দেশতে লোকপ্রিয়তা অর্জন কৰিছে ৷ গতিকে বিদেশৰ লগতো সম্পর্ক স্থাপনত ইংৰাজী ভাষাই আমাক সহায় কৰে ৷ ভাল ইংৰাজী শিকিবৰ বাবে সকলোতকৈ প্ৰথমে ইংৰাজীত শিষ্টাচাৰ সম্পৰ্কে আপোনাৰ আৱশ্যকীয় জ্ঞান থকা উচিত ৷ এইবোৰ আমাৰ ভাৰতীয় পদ্ধতিতকৈ কিছু বেলেগ ৷ যিদৰে , প্ৰথমদিনাৰ পাঠটোত আপুনি ইংৰাজীৰ অভিবাদন পদ্ধতিৰ অধ্যয়ন কৰিলে তেনেকৈ আজিৰ পাঠটোত ইংৰাজীৰ শিষ্টাচাৰ পদ্ধতি মনোযোগেৰে বুজিবলৈ চেষ্টা কৰক ।


ইংৰাজী ভাষাত ' আপুনি ’ বা ‘ তেখেত ’ জাতীয় সম্মানসূচক শব্দৰ প্ৰয়োগ নহয় ৷ আমি অসমীয়াত সৰুজন বা সমনীয়াজনক ‘ তই ’ বা ‘ তুমি ’ সম্বোধন কৰো , কিন্তু ডাঙৰজনক আপুনি বোলো । কিন্তু ইংৰাজীত সৰু ডাঙৰ সকলোকে You— ইউ সম্বোধন কৰা হয় ৷ সেয়ে কোনো কোনোৱে ইংৰাজী ভাষাটোক ৰুক্ষ ভাষা বুলি কব খোজে ।
কিন্তু আমি ইংৰাজী ভাষাটোক ৰুক্ষ ভাষা বুলি ধৰি লোৱা উচিত নহয় ৷ ইংৰাজী ভাষাত ' আপুনি ’ ‘ তুমি ’ আৰু ‘ তই’ৰ বাবে মা ā এটাই শব্দ আছে বুলি ধৰি ললেই হল । অৱশ্যে ইংৰাজীত বাৰ্ত্তালাপৰ সময়ত শিষ্টাচাৰ দেখুওৱাৰ প্ৰথা আছে ৷ আচল আৰু স্বাভাৱিক ইংৰাজী শিকিবলৈ হলে এই অভিব্যক্তিটো উপলব্ধি কৰিব লাগিব ।
ইংৰাজীৰ এই শব্দবোৰ মনতে আওৰাওক । এই শব্দবোৰত গোটেই ইংৰাজ জাতিটোৰ শিষ্টাচাৰ অস্ত নিহিত আছে । এই কেইটা হ'ল ইংৰাজী ভাষাটোৰ অতি মহত্বপূর্ণ শব্দ—

1. Please প্লীজ
2. Thanks থেংকচ
3. Welcome ৱেলকাম
4. Kindly কাইন্দ্‌লি
5. Allow me এলাও মী
6. After you আফ্‌টাৰ ইউ
7. Sorry ছৰী
8. Excuse me এক্সক্যুজ মীী
9. Pardon পাৰ্ডন
10. No mention নমেসন
11. It's my pleasure ইট্‌ছ মাই প্লেজাৰ

1. যদি আপুনি কাৰোবাৰ পৰা কলম এটা খুজিব লাগে বা এগিলাচ পানী খুজিব লাগে অথবা কাৰোবাক সময় সুধিব লাগে বা কাৰোবাক উত্তৰত হয় বুলি কব লাগে তেন্তে আপুনি বাক্যটোত Please— প্লীজ শব্দৰ প্ৰয়োগ কৰিব লাগে ৷ আপুনি কেৱল Please প্লীজ বুলি কলেও হব । কিন্তু যদি আপুনি Please বা Kindly- ৰ দৰে একে অৰ্থ বুজোৱা শব্দ প্রয়োগ নকৰে তেন্তে আপোনাক অভদ্ৰ বুলি গণ্য কৰা হব ৷ অসমীয়াত আপুনি এইদৰে কয়—

1. আপোনাৰ কলমটো দিয়কচোন 2. এগিলাচ পানী দিয়কচোন 3. কম৷ন বাজিছে 4. হয় , খাম ৷ এইদৰেই যদি আপুনি বাক্যকেইটা ইংৰাজীত কয় তেন্তে যিকোনো ইংৰাজ ব্যক্তিয়ে বুজিব যে হয় কোনো অভদ্র লোকে কথা কৈছে বা শিষ্টাচাৰ জ্ঞান নথকা কোনো বিদেশীয়ে কথা কৈছে—
1.Give me your pen . গিভ মী ইয়ৰ পেন
2.Give me a glass of water . গিভ মী এ গ্লাছ অৱ ৱাটাৰ ।
3.What is the time ? হোৱাট ইজ দা টাইম ।
4.Yes , I will drink . ইয়েছ আই উইল ড্রিংক ।

আৰু যদি আপুনি এইদৰে কয়—
1.May I have your pen , please ? মে আই হেভ ইয়ৰ পেন প্লীজ ।
2.A glass of water , please . এ গ্লাছ অৱ ৱাটাৰ , প্লীজ ।
3.Time please ? টাইম প্লীজ ?
4.Yes , please . ইয়েচ প্লীজ ।

বা যদি এই বাক্য কেইটাক তলত দিয়াৰ দৰেও কয় তেতিয়াও আপোনাক ভদ্রলোক বুলি বুজা যাব—

1. May I have your pen , please ? মে আই হেভ ইয়ৰ পেন , প্লীজ ।
2.Give me a glass of of water , please . গিভ মী এ গ্লাছ অৱ ৱাটাৰ , প্লীজ ।
What is the time , please ? হোৱাৰ্ট ইজ দা টাইম , প্লীজ ?


2. ( a ) যদি কোনো ব্যক্তিয়ে আপোনাক সামান্যভাৱেও সহায় কৰে তেন্তে আপুনি তেওঁক Thank you থেংক ইউ কোৱা উঠিত । উদাহৰণস্বৰূপে ধৰক আপুনি কাৰোবাক সময় কিমান হ’ল বা কাৰোবাৰ ঘৰৰ ঠিকানাটো কি বুলি সোধাত সেই মানুহজনে আপোনাক সঠিক উত্তৰ দিলে ৷ তেতিয়া আপুনি তেওঁ ক Thank you থেংক ইউ বুলি কবলৈ নাপাহৰিব । অৱশ্যে আপুনি Thanks থেংক্‌চ বুলিও কব পাৰে । যদি আপনি অধিক কৃতজ্ঞতা প্রকাশ কৰিব খোজে তেন্তে এইদৰেও কব পাৰে ।
Many many thanks to you . মেনি মেনি থেংক্‌চ টু ইউ । বা Thank you very much . থেংক ইউ ভেৰি মাচ্ছ ।


( b ) যদি কোনোবাই আপোনাক কিবা লবলৈ কয় আৰু আপুনি তাকে লব নোখোজে তেন্তে আপুনি অসমীয়াতে ‘ নাই নালাগে ’ বুলি কোৱাৰ দৰে ইংৰাজীতে I don't want to take more আই ডণ্ট ৱাণ্ট টু টেক ম'ৰ এইদৰে নকৰ ৷ তাৰ সলনি আপুনি সংক্ষেপতে কব No thanks ন ' থেংক্‌চ ।
3.ধৰক আঙ্গুনি কাৰোবাৰ কিবা এটা সৰু সুৰা কাম কৰি দিলে , আৰু তাৰ বিনিময়ত তেওঁ আপোনাক কলে Thank you । বিস্তু ইংৰাজীত এই বাৰ্ত্তালাপ ইমানতে শেষ হৈ নাযায় ৷ তেওঁ Thanks কোৱাৰ পিচত আপুনি যদি মনে মনে থাকে তেন্তে আপোনাক অভদ্র বা অহংকাৰী বুলিহে গণ্য কৰা হব । সেই সময়ত আপুনি কব লাগিব –

1. It's ' all right . ইট্‌ছ অল ৰাইট ( ঠিক আছে ) ।
বা 2. No mention . ন ' মেম্সন ( কোনো কথা নাই ) ।
বা 3.It's fine . ইট্‌ছ ফাইন ( ঠিক আছে ) ।
বা 4.My pleasure . মাই প্লেজাৰ ( সন্তোষ পালো )
বা 5.Welcome / You're 2 welcome t ৱলকাম / ইউ আৰ ৱেলকাম ( স্বাগতম্ ) |

1. It's = it is 2 . You're = you are – সংক্ষিপ্ত ৰূপত ( চওঁ ফর্ম ) এনেকৈ লিখা হয় । বাৰ্তালাপত বহুল প্রচলন আছে
ওপৰৰ পাঁচটা অভিব্যক্তিৰ ভিতৰত আপুনি নিজেই বুজিব পাৰিব যে অন্তিম অভিব্যক্তিটো সকলোতকৈ নম্ৰতাসূচক । ওপৰৰ দুটা অভিব্যক্তিয়ো বেছ প্রচলিত ।
4. যদি কোনোবাই আপোনাৰ পৰা কিবা এটা বস্তু বিচাৰে আৰু সেইটো আপুনি দিব খোজে তেতিয়া আপুনি অসমীয়াত কব– লওক ৷ ইংৰাজীত যদি আপুনি কয় – Take it টেক ইউ তেতিয়াহলে আপোনাৰ শিষ্টাচাৰ নাই বুলিয়েই বুজা যাব ৷ গতিকে আপুনি এই বুলিহে কব— With great pleasure . উইথ গ্রেট প্লেজাৰ ।


5. যদি আপুনি কাৰোবাক এটা সামান্য সহায় কৰিব খোজে তেত্তে সেই কথা ইংৰাজী ভাষাত কোৱাৰ সুকীয়া ধৰণ আছে ৷ উদাহৰণস্বৰূপে কোনো মহিলাৰ কোলাৰ পৰা কেচুৱাটো লব খুজিলে বা কোনো বৃদ্ধ লোকক তেওঁৰ টোপোলা উঠুৱাত সহায় কৰিবৰ বাবে আপুনি এইদৰে কব– -Allow me ... এলাও মী ... অর্থাৎ চাওঁ মোক দিয়ক ... বা May I ... মে আই ... অর্থাৎ মই আপোনাক সহায় কৰিব পাৰোনে ?


6. আপুনি কোনো মহিলা বা বৃদ্ধক বাট এৰি দিওতে অসমীয়াত কয় — প্রথমে আপুনি । তাকে ইংৰাজীত কও তে First you ফাৰ্ষ্ট ইউ বুলি নকব । আপুনি কব— After you আফটাৰ ইউ ।


7. ইংৰাজীত কথাই কথাই খেদ প্ৰকাশ কৰাৰ প্ৰথা আছে । অসমীয়াতো আমি খেদ প্ৰকাশ কৰো বা ক্ষমা খোজে ৷ ৷ কিন্তু কেতিয়া ? —যেতিয়া আমি বহুত ডাঙৰ কিবা ভুল কৰো । যেনে — আমি কাৰোবাক সময় দিও সময়মতে তেওঁক লগ ধৰিব নোৱাৰিলে খেদ প্ৰকাশ কৰো ৷ আপুনি কাৰোবাক সময়দি সেইদিনা তেওঁৰ ওচৰলৈ একেবাৰে নগলেই— তেতিয়া আপুনি তেওঁৰ পৰা ক্ষমা বিচাৰে ৷ এনেকুৱা সৰু সৰু কথাত ইংৰাজী ভাষাত Sorry ছৰী , Excuse me এক্সক্যুজ মী , Pardon পাৰ্ডন আদি শব্দ প্ৰয়োগ কৰা হয় ।


( a ) যদি অজানিতে আপোনাৰ হাত বা ভৰি অন্যৰ গাত লাগে , বা অজানিতে অন্যৰ লগত আপোনাৰ খুন্দা লাগে তেতিয়া আপুনি তৎক্ষণাতে কব— Sorry ছৰী ৷


( b ) বাটত থিয় হৈ কথা পাতি থকা দুজন মানুহৰ মাজেৰে যেতিয়া আপুনি যাব লগা হয় তেতিয়া আপুনি কব— Excuse me এক্সক্যুজ মী ৷ সেইদৰে মানুহৰ মাজত বহি থকাৰ পৰা কিবা কামত ক্ষন্তেকৰ বাবে উঠি যার লগীয়া হলে আপুনি একো নোকোৱাকৈ নুঠিব ৷ তেতিয়া আপুনি কব— Excuse me এক্সক্যুজ মি ।


( c ) আপুনি টেলিফোনত বা ওচৰে পাজৰে থকা কাৰোবাৰ লগত কথা পাতি আছে । আপুনি ভালদৰে নুশুনা কথা এটা আকৌ যদি শুনিব খোজে তেতিয়া আপুনি এইদৰে নকব— Speak loudly ! I can not hear anything— ডাঙৰকৈ কওঁক ! মই একো শুনা নাই । তাৰ ঠাইত আপুনি ইংৰাজীত কেৱল এইবুলি কব— Pardon পার্ডন বা I beg your pardon ? আই বেগ ইয়ৰ পাৰ্ডন ? তেতিয়া আপুনি যাৰ লগত কথা পাতি আছে সেই ব্যক্তিজনে বুজিব যে তেওঁৰ কথা আপুনি ভালদৰে শুনা নাই ৷


( d ) আপুনি কাৰোবাক লগ পাবলৈ তেওঁৰ ঘৰলৈ গৈছে । তেওঁ এটা কোঠাত বহি আছে ৷ কোনো সংকেত নিদিয়াকৈ আপুনি ভিতৰলৈ যাব নালাগে বৰং আপুনি ইংৰাজীতে এই বাক্যটো কব— May I come in , please ? মে আই কাম ইন প্লীজ ? অৰ্থাৎ মই ভিতৰলৈ আহিব পাৰোনে ? তেতিয়া তেওঁ কব— Certainly চার্টেইন্‌লি অথবা With great pleasure উইথ গ্রেট প্লেজাৰ নাইবা Of course অব কৰ্চ ।
এয়া হ’ল শালীনতা অথবা শিষ্টাচাৰপূৰ্ণ ইংৰাজী ভাষা । নিজৰ বাক্যটো কোৱাৰ সময়ত সদায় এই ভাষাটোৰ প্ৰকৃতি মনত ৰাখিব লাগে ৷


. কেইটামান শিষ্টাচাৰ সূচক বাক্য
( Some Polite Phrases ছম পলাইট ফ্রেজেছ )
1. মই দুঃখিত , সেইদিনা কথা দিও আহিব নোৱাৰিলো ।
I'm sorry , I couldn't make it that day . আই'ম ছৰী , আই কুড’ণ্ট মেক ইট দেট ডে ।
2.ক্ষমা কৰিব , ম‍ই সময়মতে আহিব নোৱাৰিলো ৷
I'm sorry , I couldn't make it in time . আই'ম ছৰী , আই কুড’ণ্ট মেক ইট ইন টাইম ।
3.ক্ষমা কৰিব , মোৰ আহোতে অলপ পলম হল ।
I'm sorry , I got little late . আই'ম ছৰী , I'm লিট্ল লেট
4.তেওঁক কব মৌৰ দায়দোষ নধৰেযেন
Please beg my apologies প্লীজ . বে’গ মাই এপ’লজীজ ।
5.. ভুলক্রমে এনে হল , মাফ কৰক ।
It was all by mistake . Please excuse me . . ইট ৱাজ অল বাই মিছটেক । প্লীজ এক্সক্যুজ মি ।
.6.অনুগ্ৰহ কৰি মনোযোগ দিয়ক ?
May I have your attention please ? মে আই হেভ ইয়ৰ এটেম্সন প্লীজ ?


স্মৰণীয় ( To Remember )
অসমীয়াত মধ্যম পুৰুষত আদৰ বুজুৱা অৰ্থত “ তইৰ ” ঠাইত “ তুমি ” শব্দৰ প্ৰয়োগ হয় । সেইদৰে সম্মানসূচক “ আপুনি ” শব্দৰো প্ৰয়োগ হয় । কিন্তু ইংৰাজীত তই , তুমি আৰু আপুনি – তিনিওট্টাৰ বাবে “ ইউ ” ( you ) শব্দৰ প্ৰয়োগ হয় । যেনে–
যেনে– আপোনাক কি লাগে ? What do you want ? হোৱাৰ্ট ডু ইউ ৱাণ্ট ?
সেইদৰে অসমীয়াত ‘ সি’ৰ ঠাইত সম্মানসূচক তেওঁ বা তেখেত শব্দৰ প্ৰয়োগ হয় । কিন্তু ইংৰাজীত সকলো অৰ্থতে ‘ হি ' ( He ) শব্দটোৰ প্ৰয়োগ হয় ।
যেনে তেও নিশা আহিব পাৰে- He may come at night . হি মে কাম এট নাইট ।
ইংৰাজীত ক্ষমা খোজা অৰ্থৰ ভালে কেইটা শব্দ আছে যিবোৰ বাৰ্ত্তালাপত প্রয়োগ হয় ৷ এই শব্দবোৰৰ আচল অৰ্থ হ'ল এনে ধৰণৰ—
1. Excuse ( v ) – ক্ষমা কৰা ৷ ই সাধাৰণ অৰ্থত প্ৰয়োগ হয় ।
2. Forgive ( v ) – শাস্তি দিয়াৰ ভাৱটো চিৰদিনৰ বাবে মনৰ পৰা মচি পেলোৱা , হৃদয়ৰ পৰা দোষ মাৰ্জনা কৰা ৷ যেনে – মানুহ মাত্রেই ভুল কৰে , পৰমাত্মাই মাৰ্জনা কৰে ৷ ( To err is human , to forgive is devine ) .
3.Pardon ( v ) – অপৰাধীক দিয়া দণ্ড মার্জনা কৰা ।
4. Mistake ( v ) – ভুলক্রমে , যিটো অচলতে নহয় সেইটোক হয় বুলি বুজা ।
5. Apologize ( v ) – ভুল স্বীকাৰ কৰা ৷
6. Sorry ( adj ) — দুখিত ( I am sorry — মই দুখিত ) ।
- I beg your pardon . এজন অপৰাধীয়ে নিজৰ দণ্ড কম কৰোৱাৰ বাবে ন্যায়াধীশক এই দৰে কয় । Pardon- ৰ আচল অৰ্থ এইটোহে ৷ কিন্তু আজিকালি সাধাৰণ বাৰ্ত্তালাপতো শিষ্টাচাৰ বাক্যৰ ৰূপত ইয়াৰ প্ৰয়োগ হবলৈ ধৰিছে । টেলিফোনত কথা পাতোতে আপুনি যেতিয়া কথা ভালকৈ নুশুনে– তেতিয়া আপুনি এই বুলি কয় – I beg your pardon বা Pardon ? – ইয়াৰ অৰ্থ হ'ল– “ আপুনিতো ঠিকেই কৈ আছে , কিন্তু মইহে ভালকৈ শুনা নাই ” । ইয়াৰ সলনি আপুনি এই বুলিও কব পাৰে— অনুগ্ৰহ কৰি আকৌ এবাৰ কওকচোন— Please repeat it . পিছে আপুনি মূল অর্থটোও জানি থোৱা উচিত ।
___✍️Asim Ahmed