Type Here to Get Search Results !

Learn English Speaking ভাৱবোধক ( Exclamation )

ভাৱবোধক ( Exclamation )

ইংৰাজী এটা অতি ভাৱপূৰ্ণ ভাষা । ইয়াত সৰু সৰু কথাবোৰো অতি ভাৱপূৰ্ণ কৰি উপস্থাপনা কৰা হয় ৷ বিস্ময়বোধক ( ! ) ভাৱ প্ৰকাশ কৰি কথা কোৱাটো ইংৰাজী ভাষী সকলৰ এটা অভ্যাসেই । এনে বাক্য কবলৈ যিমান সৰল সিমানেই ৰসালো হয় । ধেমালিতে এইবোৰ কোৱাৰ অভ্যাস কৰক আৰু উচিত সময়ত ইয়াৰ প্ৰয়োগ কৰিবলৈ শিকক ৷ ইয়াকে কৰিলে আপুনি কথাকোৱাৰ স্বাভাৱিকতাৰ গুণ আহৰণ কৰিব পাৰিব ।
1.বাঃ বাঃ
Marvellous ! মার্ভেলাস !
2. বেচ কৰিলা !
Well done ! ৱেল ডান !
3.অতি সুন্দৰ!ঃ
Beautiful ! বিউটীফুল !
4.আৰে !
Hey ! হেই !
5.হায় !
My God ! মাই গড !
6.হৰি বিষ্ণু !
Oh God ! অ'হ গড !
7.আপুনিতো অবাক কৰি দিলে !
! Done ' wonderfully ! ডান ৱাণ্ডাৰফুলী !
8.নিশ্চয় !
Of course ! অব কৰ্চ !
9.ঈশ্বৰক ধন্যবাদ !
Thank God ! থেংক গড !
10.ঈশ্বৰৰ কৃপাত !
By God's grace ! বাই গড্‌ছ গ্রেচ !
11.ঈশ্বৰে তোমাৰ মঙ্গল কৰক !
May God bless you ! মে গড ব্লেচ ইউ !
12.বৰ বঢ়িয়া !
Excellent ! এক্সেলেণ্ট !
13.! বৰ দুখদায়ক !
How sad ! হাও ছেড !
14.বৰ সুখদায়ক !
How joylul ! হাও জয়ফুল !
15.ইমান ডাঙৰ বিজয় !
What a great victory ! হোৱাট এ গ্রেট ভিক্টৰী !
16.হায় বিধি !
Good heavens ! গুড হেন্স !
17.শুনক চোন !
Hello ! Listen ! হেলো ! লিচিন !
18.খৰধৰ কৰক !
Hurry up , please ! / Make haste , please ! হাৰী আপ প্লীজ ! / মেক হেট্ট প্লীজ !
19.কি যে ভয়ানক !
How terrible ! হাও টেৰিবল !
20.কি যে অপমানৰ কথা !
How disgraceful ! হাও ডিচগ্ৰেছফুল !!
21. কি যে অসঙ্গত কথা !
How absurd ! হাও এব্‌চার্ড !
22.তাৰ ইমান সাহস !
How dare he ! হাও ডেয়াৰ হি !
23.কি যে মৰম লগা !!
How sweet ! হাও ছুইট !
24.কি যে ধুনীয়া !!
How lovely ! হাও লাভলী !
25.এনেকৈ কবলৈ তোৰ ইমান মৰ সাহস হ'ল !!
How dare you say that ! হাউ ডেয়াৰ ইউ ছে ’ ডেট !
26.আই ঔদেহী !!
. Oh dear ! অ ডিয়েৰ ।
27.বেগাই বলা !!
Hurry up ! / Walk fast ! হাৰী আপ ! / ৱাক ফাষ্ট !
28. মনে মনে থাকা ! !
Quiet , please ! / Please keep quiet ! কায়েট প্লীজ ! / প্লীজ কীপ কায়েট !
29.হয় , ঠিকেই !!
Yes , it is ! য়েছ , ইট ইজ !
30.সচায় !!
Really ! ৰীয়েলী !
31.সচা!!
Is it ! ইজ ইট !
32. ধন্যবাদ !!
Thanks ! থেংক্‌চ !
33.আপোনাক ধন্যবাদ !!
Thank you ! থেংক্ ইউ !
34. ঈশ্বৰক ধন্যবাদ !!
Thank God ! থেংক্ গড !
35. এই দিনটো বাৰম্বাৰ আহক !!
Many happy returns of the day ! মেনী হেপী ৰিটাৰ্নচ অফ দি ডে ' !
36.মই যিকিলোঁ !!
Hurrah ! I have won !
37.আপোনাৰ স্বাস্থ্যৰ বাবে !!
For your good health ! ফৰ ইয়ৰ গুড হেল্থ !
38.অভিনন্দন !!
Congratulations ! কংগ্ৰেছুলেশ্যনছ !
39.কি যে বেবেৰিবাং !!
What nonsense ! হোৱাৰ্ট ননচেছ !
40.অতি লাজৰ কথা !!
What a shame ! হোৱাৰ্ট এ ছে’ম !
41.বৰ দুখৰ কথা !!
What a tragic ! হোৱাট এ ট্ৰেজিক !
42.কি আচৰিত ! !
What a surprise ! হোৱাট এ ছাৰপ্ৰাইজ !
43.ছিঃ ছিঃ !.!
How disgusting ! হাও ডিছাগটিং !!
44.সাবধান !!
Beware ! বিৱেৰ !
45.বৰ পুতৌ লগা কথা !!
What a pity ! হে৷ৱাট এ পিটী !
46. কি বঢ়িয়া বুদ্ধি !!
What an idea ! হোৱাট এন আইডিয়া !
47. আহক , ডাঙৰীয়া !!
Welcome , sir ! ৱেল্কাম , ছাৰ !

স্মৰণীয় ( To Remember )

1 . সাধাৰণ বাক্যত , য'ত কমা ( , ) বা দাৰি ( । ) দিয়া হয় , তাত ভাৱবোধক বাক্যত বিস্ময়রোধক চিন ( ! ) Exclamatory sign দিয়া হয় । যেনে— Thanks ! আদি ।
2. লজ্জা , দুঃখ , আশ্চর্য্য , হর্ষ , ক্রোধ আদি বিভিন্ন ভাৱ প্ৰকাশৰ বাবে What , How আদি শব্দৰ প্রয়োগ হয় । যেনে— What a shame ! How execllent আদি ।
3. বিস্ময়বোধক বাক্য ( Exclamatory sentence ) কোৱাৰ সময়ত ধ্বনিত আচৰিত হোৱা আদি ভাৱৰ সুৰ ফুটি উঠিব লাগিব ।
___✍️Asim Ahmed