Type Here to Get Search Results !

জাতীয় পতাকা The National Flag of India


 

 
Jump to navigationJump to search
India
Flag of India.svg
NameTiraṅgā (meaning "Tricolour")
UseNational flag 
Proportion2:3
Adopted22 July 1947; 74 years ago
DesignA horizontal triband of India saffron, white, and India green; charged with a navy blue wheel with 24 spokes in the centre.
Designed byPingali Venkayya





                জাতীয় পতাকা

 সূচনা : স্বাধীনতা আন্দোলনৰ লগে লগে ভাৰতীয়সকলে নিজৰ এখন জাতীয় পতাকাৰ কথা বৰকৈ অনুভৱ কৰে । ইয়াৰ আগতে ভাৰতত ৰাষ্ট্ৰীয় সকলো কামতে বৃটিছ পতাকা ‘ ইউনিয়ন জেক ’ উত্তোলন কৰা হৈছিল ।

 জন্ম  ঃ ১৯৩১ চনত কংগ্ৰেছ মহাসভাই ভাৰতৰ জাতীয় পতাকাখনক আনুষ্ঠানিক ভাৱে গৃহীত কৰে । সমান আকাৰৰ গেৰুৱা , বগা আৰু সেউজীয়া এই তিনিটা ৰঙৰ কাপোৰেৰে আমাৰ ৰাষ্টীয় পতাকাখন তৈয়াৰ কৰা হৈছে ।

সেই কাৰণে ইয়াক ত্ৰিৰঙ্গ পতাকা বুলিও কোৱা হয় । মাজৰ বগা অংশত এটা যঁতৰৰ ছবি ৰখা হৈছে । যঁতৰ মহাত্মা গান্ধীৰ বৰ প্ৰিয় আছিল ৷ 

  ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে । স্বাধীনতাৰ পাছত এই জাতীয় পতাকাখনৰ মাজৰ যঁতৰৰ ছবি সলনি কৰি তাৰ ঠাইত অশোকৰ ধৰ্মচক্ৰ অঁকা হ’ল ।

 বিৱৰণ  ঃ পতাকাৰ জোখৰ পৰিমাণ ৩ঃ ২ অনুপাত । অর্থাৎ দীঘ ১৫ ছেন্টিমিটাৰ হ’লে প্রস্থ ১০ ছেন্টিমিটাৰ হ’ব লাগিব । ওপৰৰ গেৰুৱা ৰংটো সাহস আৰু ত্যাগৰ প্ৰতীক । তলৰ সেউজীয়া ৰংটো বিশ্বাস আৰু শক্তিৰ প্ৰতীক ৷ মাজৰ বগা অংশত ক’লা ৰঙৰ এটা অশোক চক্র আছে । এই চক্ৰটো অশোক স্তম্ভৰ পৰাই লোৱা হৈছে । ই দয়া , প্ৰেম , আৰু ধৰ্মৰ প্ৰতীক । চক্ৰ প্ৰয়োগৰ অৰ্থই হ’ল আমি ধৰ্ম আৰু নৈতিকতাৰ যোগেদি আগবাঢ়ি যাব লাগিব । পতাকাৰ বগা অংশটো যিমান বহল চক্ৰটোও সিমানেই বহল । চক্ৰটোৰ মাজত ২৪ ডাল দণ্ড - আছে ।

 ব্যৱহাৰ : জাতীয় পতাকাৰ ব্যৱহাৰৰ সম্বন্ধে কেইটামান ধৰা - বন্ধা নিয়ম আছে । ইয়াক য’তে ত’তে , যেতিয়াই তেতিয়াই উত্তোলন কৰিব নোৱাৰি । স্বাধীনতা দিৱস ( ১৫ আগষ্ট ) , গণৰাজ্য দিৱস ( ২৬ জানুৱাৰী ) , মহাত্মা গান্ধী জন্ম দিৱস আদিৰ দৰে নিৰ্দিষ্ট দিনত ইয়াক উত্তোলন কৰিব পৰি । ৰাষ্ট্ৰীয় পতাকাৰ লগত আন পতাকা উত্তোলন কৰিবলৈ হ'লে সেইবোৰ ৰাষ্ট্ৰীয় পতাকাৰ উচ্চতাৰ তলত থাকিব লাগে আৰু বাওঁফালে থাকিব লাগে । কুচকাৱাজত ব্যৱহাৰ কৰা ৰাষ্ট্ৰীয় পতাকা সদায় সোঁহাতে আৰু আগশাৰীৰ কেন্দ্ৰবিন্দুত থাকিব লাগে । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে সদায় গেৰুৱা ৰংটো ওপৰফালে থাকিব লাগে । ৰাষ্ট্ৰীয় শোকৰ সময়ত ইয়াক অৰ্দ্ধনমিত কৰি ৰাখিব লাগে । সন্ধিয়াৰ লগে লগে ৰাষ্ট্ৰীয় পতাকা সামৰিব লাগে ।

   ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰা আমাৰ কৰ্তব্য । ৰাষ্ট্ৰীয় পতাকা দেশৰ স্বাধীনতাৰ প্রতীক , একতাৰ প্রতীক । ই গোটেই দেশৰে সম্পত্তি ।