Type Here to Get Search Results !

নীল আৰ্মষ্ট্ৰং Neil Alden Armstrong







নীল আৰ্মষ্ট্ৰং


নেভিগেশ্যনলৈ যাওকসন্ধানলৈ যাওক


নীল আৰ্মষ্ট্ৰং
Photo of Neil Armstrong, July 1969, in space suit with the helmet off
নীল আৰ্মষ্ট্ৰং, ১৯৬৯
Neil Armstrong Signature.svg
NASA মহাকাশচাৰী
অন্য নামনীল এল্‌ডে'ন আৰ্মষ্ট্ৰং
জাতীয়তাআমেৰিকান
জন্ম৫ আগষ্ট, ১৯৩০
ৱাপাকনেটা, অ'হায়'আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু২৫ আগষ্ট, ২০১২ (৮২ বছৰ)
চিনচিনাটী, অ'হায়', U.S.
পূৰ্বৰ পেছাNaval aviatortest pilot
মহাকাশত কটোৱা সময়৮ দিন, ১৪ ঘণ্টা, ১২ মিনিট আৰু ৩০ ছেকেণ্ড
নিৰ্বাচন1958 Man In Space Soonest
1960 Dyna-Soar
1962 NASA Group 2
সৰ্বমুঠ EVA1
সৰ্বমুঠ EVA সময়২ ঘণ্টা ৩১ মিনিট
অভিযানজেমিনী-৮ , এপ'ল' ১১
অভিযানৰ প্ৰতীকGe08Patch orig.png Apollo 11 insignia.png
বঁটাPresidential Medal of Freedom Congressional Space Medal of Honor

নীল এল্‌ডে'ন আৰ্মষ্ট্ৰং (ইংৰাজীNeil Alden Armstrong; জন্ম: ৫ আগষ্ট ১৯৩০ - মৃত্যু: ২৫ আগষ্ট ২০১২) আমেৰিকাৰ এগৰাকী মহাকাশচাৰী (নাচা এষ্ট্ৰনাট কৰ্প্‌চ) , টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক (aviator) আছিল। তেওঁ চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ আছিল। মহাকাশচাৰী হোৱাৰ আগেয়ে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌ বাহিনীত অফিচাৰ আছিল। এই পদতে তেওঁ কোৰিয়াৰ যুদ্ধতো অংশগ্ৰহণ কৰিছিল। যুদ্ধৰ পাচত তেওঁ টেষ্ট পাইলট হিচাবে আমেৰিকাৰ নেশ্যনেল এডভাইজৰী কমিটি ফৰ এৰ'নটিক্‌চ-অৰ হাই স্পীড ফ্লাইট ষ্টেশ্যন (বৰ্তমান ড্ৰাইডেন ফ্লাইট ৰিচাৰ্চ চেন্টাৰ)-অত কাম কৰে আৰু ৯০০ তকৈও অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰে। তেওঁ পাৰডিউ বিশ্ববিদ্যালয় (Purdue University)ৰপৰা স্নাতক আৰু চাউথ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় (University of Southern California)ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।

১৯৬২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ বায়ুসেনাৰ (U.S. Air Force) 'অচিৰেই মহাকাশত মানৱ' (Man In Space Soonest) আৰু (X-20 Dyna-Soar) -অৰ 'মানৱ মহাকাশ উৰণ' (human spaceflight) প্ৰকল্পৰ অধীনত আৰ্মষ্ট্ৰঙে 'নাচা মহাকাশচাৰী গোট'ত (NASA Astronaut Corps) যোগদান কৰে।

তেওঁৰ প্ৰথম মহাকাশ যাত্ৰা আছিল ১৯৬৬ চনত, NASA-ৰ জেমিনী-৮ -অৰ কমাণ্ড পাইলট হিচাবে। তেওঁ এই যাত্ৰাৰ দ্বাৰাই আমেৰিকাৰ প্ৰথম নাগৰিক মহাকাশচাৰী হিচাবে পৰিগণিত হয়। এই অভিযানতে তেওঁ পাইলট ডেভিড স্কটৰ সৈতে প্ৰথম মানৱবাহী মহাকাশযানৰ ডকিং আৰু বাৰ্থিং (docking) সম্পন্ন কৰে।

মিশ্যন কমাণ্ডাৰ হিচাবে আৰ্মষ্ট্ৰঙৰ দ্বিতীয় আৰু অন্তিম মহাকাশযাত্ৰা আছিল ১৯৬৯ চনৰ এপ'ল' ১১-অৰ চন্দ্ৰাৱতৰণ যাত্ৰা। এই যাত্ৰাত তেওঁ আৰু বাজ এলড্ৰিন চন্দ্ৰত অৱতৰণ কৰি 2½ ঘন্টাৰ অনুসন্ধান কৰে। এই সময়ছোৱাত সহযাত্ৰী মাইকেল কলিন্স-এ মহাকাশযানৰ কক্ষতে থাকি কমাণ্ড মডিউল পৰিচালনা কৰিছিল। কলিন্স আৰু এলড্ৰিনৰ লগতে আৰ্মষ্ট্ৰঙক আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সন-এ আমেৰিকা যুক্টৰাষ্ট্ৰৰ (Presidential Medal of Freedom), ১৯৭৮ চনত জিমি কাৰ্টাৰ-এ Congressional Space Medal of Honor আৰু ২০০৯ চনত Congressional Gold Medal প্ৰদান কৰে।

২৫ আগষ্ট, ২০১২ তাৰিখে কৰ'নাৰী ধমনী বন্ধ হৈ হোৱা জটিলতাৰ ফলত ৮২ বছৰ বয়ষত চিনচিনাটি, অ'হায়'ত আৰ্মষ্ট্ৰঙৰ মৃত্যু হয়


Pending.............