অসমৰ কেইখনমান ৰাষ্ট্ৰীয় উদ্যান
আৰু অভয়াৰণ্যসমূহ
১। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ গোলাঘাট জিলাত অৱস্থিত । ইয়াত গঁড় , বাঘ , ম’হ , হাতী , পহু আৰু বিভিন্ন জাতিৰ সাপ - পক্ষী আদি পোৱা যায় ।
২। মানস ৰাষ্ট্ৰীয় উদ্যানঃ বৰপেটা আৰু বঙাইগাঁও জিলাত অৱস্থিত । ইয়াৰ প্রধান জন্তু হ’ল— হাতী , বাঘ আৰু সোণালী বান্দৰ ।
৩। পবিতৰা অভয়াৰণ্যঃ মৰিগাঁও জিলাত অৱস্থিত । এই অভয়াৰণ্যত গঁড় , ম’হ , গাহৰি আৰু বিভিন্ন প্রজাতিৰ চৰাই পোৱা যায় ।
৪। ওৰাং ৰাষ্ট্ৰীয় উদ্যানঃ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত । ইয়াত গঁড় , হাতী , বাঘ আৰু ফেটীসাপ পোৱা যায় ।
৫। পদুমণি অভয়াৰণ্যঃ এই অভয়াৰণ্যখন তিনিচুকীয়াৰ ভেজানত অৱস্থিত । ইয়াত চুটি নেজৰ বান্দৰ পোৱা যায় ।
৬। ডিব্ৰু - চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানঃ এইখন ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত । ইয়াৰ প্ৰধান জন্তু হ’ল বাঘ আৰু হাতী ।
৭। গৰমপানী অভয়াৰণ্যঃ ই কাৰ্বি আংলংত অৱস্থিত । ইয়াত হাতী , বাঘ আৰু হলুবান্দৰ পোৱা যায় ।
৮। পানীদিহিং অভয়াৰণ্যঃ এই অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত । পানীদিহিং অভয়াৰণ্যৰ প্ৰধান প্রাণী হ’ল — ৰাজহাঁহ , বগলী আৰু চুটি নেজৰ বান্দৰ ।
৯। চক্ৰশিলা অভয়াৰণ্যঃ ই ধুবুৰী আৰু কোক্ৰাঝাৰ জিলাত অৱস্থিত । ইয়াত সোণালী বান্দৰ , বাঘ , চিতাবান্দৰ আদি পোৱা যায় ।
১০।সোণাই ৰূপা অভয়াৰণ্যঃ এই অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত । ইয়াৰ প্ৰধান প্রাণী বাঘ , হাতী আৰু হৰিণা ৷