Type Here to Get Search Results !

আবেগৰ অভিমান।

 









 



আবেগৰ অভিমান।

--------------------------------

কোমল মনৰ 

আবেগ কিমান গধুৰ ,

কোনোদিনা জোখা নাই ,

কিদৰে জুখিম মই

তোমাৰ অনুভৱ কিমান মধুৰ!

সাগৰৰ গভীৰতা ,

জুখিব নোৱাৰো ,

বিচাৰিব নাজানোঁ‌ ,

সংজ্ঞা সুখ আৰু অনুভৱৰ।

বিচাৰি পোৱা নাই ,

বিচাৰিব নাজানো মই 

একাজলি অনুভৱ তোমাৰ মনৰ ।

দূৰৈত থাকিলে ,

খেপিয়াই বিচাৰো অনুভৱ তোমাৰ,

কিজানিবা ওচৰতে পাওঁ‌।

আবেগৰ অনুভৱ হেৰাল

কেতিয়াবা নিগৰে চকুলোঁ‌ মোৰ ,

সপোনত বিচাৰো তোমাৰ অনুভৱ ।

জানানে ? 

আবেগ মোৰো আছে ,

আবেগ পুহিছোঁ‌ মই,

মোৰো আছে অভিমান 

কৰিব পৰা অনুভৱ।


--আছিম আহমেদ।