হাঁহি
হাঁহিটিয়ে নীৰৱে উচুপে,
মন গহনত এন্ধাৰে আৱৰে..
কৃতিমতাৰ ভৰত ওলমি ৰৈছে
বিচাৰি অকণমান সচাঁ মৰম
অকণমান নিৰ্মল প্ৰশান্তি..
ৰামধেনুৰ সাতোৰঙী আভাবোৰো
আজি ক'ৰবাত হেৰাল,
দীপ্ত সূৰ্যৰ ৰাঙলী কিৰণো
ডাৱৰৰ আৰতে লুকাল,
ক'লা ৰংবোৰ তোৰ কেচা
কলিজাত কোনে সানিলে...
তেজৰঙী ফাকুবোৰ ধূসৰিত হ'ল...!!
হাঁহি,
তোৰ সতে মিলি কৰা ধেমালীবোৰ
পৰি ৰ'ল ল'ৰালিৰ মধুৰ ক্ষণত,
চেনেহী আইৰ মৌসনা মাতত,
আৰু আইৰ নিচুকনি গীতত
পামনে কেতিয়াবা ঘূৰাই...??
মধুৰ অতীত এতিয়া সেইবোৰ
আলফুলে সজাই ৰাখিছো
মন-দাপোনত...
সঘনাই আহি ধেমালী কৰহি
স্মৃতিৰ ধূসৰ দলিচাত...!!
সময়ৰ সোঁতত লীন হোৱা
তোৰ মধুৰ অনুভৱে
বৰকৈ আমনি কৰে
বুকুখন বৰকৈ বিষায়,
তোৰ মিঠা অনুভৱবোৰ
মাথো নস্টালজিয়া হৈয়ে ৰয়...!!!
অঞ্জলী দেৱী।