Type Here to Get Search Results !

তুমালৈ মোৰ প্রশ্ন হয়


তুমালৈ মোৰ প্রশ্ন হয়

তুমালৈ মোৰ প্রশ্ন হয়

   মোৰ বুকুৰ মাজত একোৰা

       দপদপীয়া কৈ জ্বলা জুই

           এইয়া তুমাৰ মনত এবাৰো নপৰে নে ?


তুমালৈ মোৰ প্রশ্ন হয়.....

    অমানিশাৰ নিস্তব্ধতাৰ বুকুত

       আজিও সাৰে আছো তুমাৰ অপেক্ষাত 

          তুমি বাৰু মোৰ অপেক্ষাত আছা নে ?


তুমালৈ মোৰ প্রশ্ন হয়.....

   আজিও সংগ্রাম কৰি আছো জীৱনৰ লগত

       তুমাক পাহৰি যোৱাৰ এক স্মৃতিবোৰ

         তুমি বাৰু সকলো পাহৰিব পাৰিছা নে ?


তুমালৈ মোৰ প্রশ্ন হয়.....

   আজি আকৌ তুমাক সুধিবলৈ মন যায়

       কেনে আছা ? কি কৰি আছা প্রিয়া ?

          মোক সুধিবলৈ মন যায় নে তুমাৰ 

             কি কৰি আছো কেনে আছো মই


- আব্দুল ৰৌফ আহমেদ