নীলা নদীৰ নীলা প্ৰেম
"তোমাৰ বুকুৰ গভীৰ হৃদয়তলিত এবাৰ সোমাবলৈ দিয়া"!
"নীলা নদীৰ নীলা পানীত সাতুৰি নাদুৰি পাৰ কৰিবলৈ দিয়া যৌৱনৰ শিহৰণ!
বহুজনে কয়,বহুজনে কয়,
বহুজনে বিচাৰে নৈখন এবাৰ চুই চাবলৈ!!
অনুভৱ কৰিবলৈ নীলা নদীৰ নীলা আকৰ্ষণ!
প্ৰেমৰ সংজ্ঞা বিচাৰি নৈখনে হাবাথুৰি খায়।
এয়া জানো প্ৰেম!
নৈৰ প্ৰেম যে সাগৰৰ লগত!
তাই চঞ্চল নিজৰা হৈ পাৰ কৰি আহিছে যৌৱনৰ গাভৰু আবেদন।
পাৰ ভঙা উলাহত শিলনিত ঠেকাখোৱা খৰশ্ৰোতা তাই ।
কঠিন শিলতো সিঁচে সেন্দুৰীয়া আবিৰ।
নিজান বননীত কুলুকুলু গীত গাই কেতিয়াবা তাই হয় আপোনপাহৰা।
নিজৰাৰ ৰূপ চাই বলিয়া পাহাৰৰ বুকুতো ফুলে প্ৰেমৰ শতদল।
পাষাণ শিলত উঠে প্ৰেমৰ জোৱাৰ।
কতবাৰ নিবেদিছে নৈক তাৰ প্ৰেমৰ আৰাধনা!
নৈ পিছে থমকি নৰয়!
শিলৰ আকুলতা নেওচি বৈ যায় নৈ সাগৰৰ দিশে।
নীলিম জলৰাশিৰ অসীম হৃদয় স্পৰ্শত নৈয়ে মিলনৰ স্বপ্ন ৰচে।
বিৰামহীন বোৱতীধাৰাই বিশাল হৃদয়তলিত শেষ বাৰলৈ জিৰাব খোজে।
সেয়ে নৈৰ একাবেঁকা স্বপ্নিল গতি সাগৰ অভিমুখে।
ৰঞ্জুলা শৰ্মা
গুৱাহাটী