Type Here to Get Search Results !

এদিন ময়ো গুচি যাম

 

এদিন ময়ো গুচি যাম

সকলো যোৱাৰ দৰে এদিন ময়ো গুচি যাম,
জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰি
ময়ো এদিন নিদ্ৰাদেৱীৰ কোলাত ,
চিৰদিনৰ বাবে শুই যাম।
আপোনবোৰে কান্দিব,
চিঞৰি চিঞৰি মাতিব,
কিজানিবা মই সেই ঘোৰ নিদ্ৰাৰ পৰা
সাৰেই পাওঁ।
কিন্তু সকলোবোৰ হ'ব বৃথা;
আপোনবোৰৰ কান্দোনেও তেতিয়া আৰু
মোৰ হৃদয় গলাব নোৱাৰে।
কাৰণ মই যে তেতিয়ালে এই মায়া-মোহ
লোভেৰে ভৰা বস্তুবাদী দুনিয়াৰ পৰা
বহু দূৰলৈকে গুচি যাম।
গুচি যাম সেই নিৰৱ-নিস্তৱ ঠাই খনলৈ
যʼত নাথাকিব কোনো হিংসা-স্বাৰ্থ;
নাথাকিব কোনো হাই-কাজিয়া,
মাথোঁ বলি থাকিব চৌদিশে
শান্তিৰ শীতল বতাহ।
✍️
ভনিতা ডেকা