Type Here to Get Search Results !

নিভাঁজ প্ৰেম







" নিভাঁজ প্ৰেম "

প্ৰেম বিচাৰি বিচাৰি পৃথিৱীখন চলাথ কৰিলো

ক'তো যে নাপালো মই বিচৰা প্ৰকৃত প্ৰেম ;
প্ৰেম বিচাৰোতেই জীৱনৰ আধা আয়ুস গ'ল
নিভাঁজ প্ৰেম ক'তো যেন বিচাৰি নাপালো !
আছে নেকি প্ৰেম বাৰু বিশাল সমুদ্ৰ পৃষ্ঠত ?
আছে নেকি প্ৰেম বাৰু নীলা ডাৱৰৰ মাজত ?
আছে নেকি প্ৰেম বাৰু সুউচ্ছ পৰ্বতৰ শৃংগত ?
আছে নেকি প্ৰেম বাৰু অচিন ভূ - গহ্বৰত ?
প্ৰেম বিচাৰোতে বিচাৰোতেই জীৱনৰ আধা আয়ুস খালো ;
তথাপিও মই বিচৰা প্ৰেম ক'তোয়ে বিচাৰি নাপালো !
জ্ঞানৰ পুথিখনি মেলি বিচাৰি বিচাৰি থাকোতে
এদিন হঠাতে নিভাঁজ প্ৰেমক তাতেই লগ পালো ;
অবুজন প্ৰেমৰ বাবেই মিছাতেই সময়ৰ সোঁত বোৱালো !!!
সেই প্ৰেমেই আহি মোক কাণে কাণে ক'লে -- প্ৰেম হেনো লুকাই থাকে দুবৰি ডৰাৰ মাজে ;
প্ৰেম হেনো লুকাই থাকে গোলাপৰ পাহে পাহে ;
প্ৰেম হেনো সুৱাসিত হয় শেৱালীৰ সুগন্ধীতেই ;
প্ৰেম হেনো উত্তাপিত হয় আইৰ বুকুৰ কোমল উমে !!!
শ্ৰী ৰঞ্জিত বৰদলৈ ।