আশ্ৰয়
তুমি মোৰ আকাশ,
সেই বিশালতাত উজলি থকা মই এটি স্থিতপ্ৰজ্ঞ তৰা।
তুমি মোৰ নদী,
তোমাৰ বুকুৰ আশ্ৰয়ত জীয়াই থকা মই এক উৰ্বৰা উপকূল।
তুমি বৃক্ষ,
তোমাৰ শীতল ছায়াঁত জিৰণি বিচৰা মই
এক অঘৰী বিহংগ।
তুমি সমুদ্ৰ ,
তোমাৰ নীলিমাত উটি বুৰি ফুৰা মই এক যাযাবৰ নিশা।
তুমি মোৰ সপোন,
মই মাথো সেই সপোনৰ এক গতিশীল অংশীদাৰ।
তুমি গতি,
মই সেই গতিক মাত্ৰা দিয়া নিৰৱ প্ৰগতি।
তুমি মোৰ সুৰুজ ,
তোমাৰ জ্যোতিকণাৰ মই মাথো
বিন্দু উপসৰ্গ।
তুমিয়ে মোৰ প্ৰভাত ,
সেই প্ৰভাতত প্ৰতিভাত মই এক নতুন দিগন্ত।
ৰঞ্জুলা শৰ্মা