তুমি মোৰ প্ৰেমৰ বেলি
তুমি বিলাপ নকৰিবা
মোৰ দুচকুত তৰাং চকুলো
তোমাক সাহাৰ্য দিবলৈ
মোৰ
সৃষ্টিশীলতা একো নাই
উঁই-হাফলুত জোনাকী কাৰেং দেখা আছে মাথোঁ
এখন হৃদয়
দুহাত মেলি তুমি
মোক মাতিছিলা যিদিনা
সেই দিনাই জোনাক নামিছিল
তোমাৰ হাতৰ পৰশত
বিজুলীয়ে প্ৰাণ পালে
মোৰ কপালত তিলক হৈ
উজলিলে
সেই যে আদৰণিৰ প্ৰথম দিন ! তোমাৰ বাৰু পৰে নে মনত ?
আইতীৰ উৰুলিত
এখোজি দুখোজিকৈ
লাজৰ ওৰণি টানি
কিবা যেন শংকাত
কঁপি উঠা দুখনি ওঁঠত
মনত নপৰে মোৰ ভুলটো দেখা
কদাচিৎ বিদায়ৰ ৰেখা
আজি ঢালিছা কিয় সন্ধিয়াৰ ৰঙীণ কিৰণ ?
মইটো বিচৰা নাছিলো
কোনো কালে অস্ত বেলি !
মই বিচাৰিছো অন্তহীন পুৱাৰ ৰ'দালি
তুমি মোৰ প্ৰেমৰ বেলি !
***********
ৰিণ্টু টায়ে।