আই
-------
নীলিম আকাশখনিত
তিৰ্-বিৰাই থকা তৰাবোৰ,
এটি এটিকৈ হেৰাই গ'ল...
জোনাকবোৰো গলি গলি শেষ হ'ল...
ডাৱৰবোৰো চপৰা চপৰে খহিবলৈ ধৰিলে...
দপদপকৈ জ্বলি উঠা জুইকুৰাৰ
ধোঁৱাবোৰৰ মাজত আইজনীও
ক'ৰবাত হেৰাই গ'ল...
যাবৰ পৰত মাত এষাৰিও নলগালে,
ক'লৈনো গ'ল ঠিকনাটিও নজনালে!!
সুকোমল গোলাপৰ কলিটিৰ
পাহিবোৰ এটি-এটিকৈ ঝৰ্-ঝৰকৈ সৰি,
কলিজাটি ক্ষত-বিক্ষত কৰিছে,
ৰক্তাক্ত্ব কলিজাটিয়ে
তোকেই বিচাৰি ফুৰিছে,
আকাশে-বতাহে...
ডিঙিৰ হাৰদালৰো ভৰ আজিকালি
সহিব নোৱাৰা হৈছো,
বুকুখনিত শেলে বিন্ধাদি বিন্ধে...
কেনেকৈনো তই ইমান নিষ্ঠুৰ হ'লি,
বালিত ডিমা পৰাদি পাৰি
এবাৰো ঘূৰি নাচালি...
কিহৰ তাড়নাত ইমান লৰালৰি কৰিলি!!
আই,
তই সজাই থৈ যোৱা ফুলনিখন
আজি জক্-মককৈ ফুলিছে,
নানা বৰণীয়া ফুলেৰে...
মাথো তইহে নাই!
তোৰ ঘামৰ পৰশত
লুতুৰি-পুতুৰি হোৱা,
সেই পুৰণি চাদৰখন,
হিঁয়াৰ মাজত আজিও সাচি ৰাখিছো...
তাঁতৰ পাঁতৰ সূতাবোৰ ছিঙোতে,
তইযে মাৰিবলৈ খেদিছিলি,
দৌৰ মাৰি আইতাৰ
চাদৰৰ আঁচলত লুকাইছিলো,
আজিও পাহৰা নাই মই,
সযতনে ৰাখিছো স্মৃতিৰ মনিকোঠত!!
আই,
তোলৈ বাট চাই চাই
চকুপানীবোৰো শুকাল,
এজাক বৰষুণ অহা হলে,
দুখবোৰ উটুৱাই নিবলৈ...
মাজৰাতি কেতেকীজনীয়ে বিনালে,
তোলৈ বৰকৈ মনত পৰে,
হিঁয়াখন চাটি-ফুটি কৰে,
তোৰ বাৰু এবাৰো নপৰেনে মনত??
সময়ৰ শিকলিডালেও আজি
দুখবোৰ ৰাখিব পৰা নাই বান্ধি,
আই,পাৰ যদি ঠিকনাটি পঠিয়াবিচোন,
চিলাজনীৰ পাখিতে গুজি...!!!
অঞ্জলী দেৱী।