Type Here to Get Search Results !

দুখৰ বৰষুণ

 

" দুখৰ বৰষুণ "

দুখৰ বৰষুণ জাক নানিবা মাতি
আকৌ মোৰ জীৱনলৈ ;
দুখবোৰ পাহৰি আগুৱালো চোন
বহু দূৰ বাট ।
দেখুৱাব নোৱাৰা যদি পোহৰৰ বাট
এন্ধাৰবোৰ নানিবা মাতি ;
অন্তৰতে লাগি ধৰা দুখৰ চামনি খনত
নিদিবাহি আৰু অবাঞ্ছিত দুখবোৰ জাপি !
সত্যৰ বাটেৰে বহুদূৰ বাটকুৰি বালো
সত্যক দেখোন ক'তো লগেই নাপালো ;
অসত্যৰ আজি যেন জয়জয়কাৰ
সেই কথাই মাথোন বুজি পালো !!!
শ্ৰী ৰঞ্জিত বৰদলৈ