এমুঠি সময়
জীৱন, তোৰ পৰা ধৰি ৰাখিব বিচাৰো মাথো এমুঠি সময়।
বেচি নিবিচাৰো মই!
আঙুলিৰ ফাঁকেৰে সৰকিব নোৱাৰাকৈ এমুঠি বিচাৰিছো সময়!!
এমুঠি হাতত আটি আটি বান্ধি থৈছো মোৰ চেনেহৰ শৈশৱ,
এমুঠি হাতেৰে চপাই লৈছো বাংময় অতীতৰ সোণালী সোৱঁৰণ।
এমুঠি হাততে আছে মোৰ জীৱনৰ সমস্ত জিৰণী।
এমুঠি হাততে ভৰাই লৈছো
ছন্দভৰা জীৱন আকূতি।
হয়তো এদিন পাখি মেলি উৰি
যাবি সময় সমৃদ্ধি লৈ,
পক্ষীৰাজৰ পিঠিত গোজা মাৰি লৈ যাবি সময়ৰ মাদকতাবোৰ।
তথাপি জীৱন,
নিনিবি কাঢ়ি এই একমুঠি বিশ্বস্ত সময়!!
কাঢ়ি নিনিবি এই একমুঠি মাথো বিশ্বাসী সময়।
মই যে আঁজলি ভৰাই পান কৰিব বিচাৰো এহৃদয় সেউজীয়া সময়।।
তোৰ পৰা বেচি নিবিচাৰো মই...
বিচাৰো মাথো এমুঠি সময়!!!
ৰঞ্জুলা শৰ্মা