তুমি
তুমি আতৰি গ'লা,
উভতি নহাৰ বাটেৰে...
উলটি নহাৰ প্ৰতিশ্ৰুতিৰে...
কিনো অভিমান কৰিলা...
এবাৰো ঘূৰি নাচালা,,,
এবাৰলৈ হৃদয়খন নকপিলনে তোমাৰ???
তোমাৰ বাবে বহুত কান্দিলো...
কান্দি কান্দি চকুপানীবোৰ শেষ হৈ গ'ল...
হৃদয়খন শুকান মৰুভূমিত পৰিণত হ'ল...
এবাৰলৈ মনত নপৰিলনে তোমাৰ???
আজিকালি নঙলামুখত ৰৈ থাকো মই...
অতি আশাৰে বাটচাই!
কিজানিবা এবাৰলৈ মন সলনি হয়েই তোমাৰ...
কিজানিবা এবাৰলৈ প্ৰতিশ্ৰুতি ভংগ কৰাই তুমি!!!
নিশা বহুত হ'ল...
তোমাৰ কথা ভাৱি ভাৱি ...
টোপনী যাবলৈ বহু চেষ্টা কৰিছো!
কিজানিবা সপোনত হলেও এবাৰ আহি দেখা দিয়া তুমি...
এবাৰলৈ কিজানি শান্ত হয়েই এই অভাগীৰ,
হৃদয়ৰ তপ্ত বলুকা.....!!!!!
অঞ্জলী দেৱী।