ল'ৰালি
ক'ত গ'ল বাৰু সেই সোণসেৰীয়া সময়!!
আইতাৰ চোতালত খেলা লুকাচুৰিবোৰ!!
সমনীয়া,লগৰীয়াৰ নিৰ্দোষ কিৰিলি,
নৈখনৰ আকুল সহাঁৰি!!
ক'ত হেৰাল, কেনি গ'ল জীৱনৰ প্ৰত্যুষৰ সৰল ধেমালি!!
কঠাল পাতেৰে সাজি লোৱা চকৰি ঘুৰাই তাহানি লৰা'লিৰ সময় কটাওঁ।
মামাককাৰ বুঢ়া বাৰীখনত লুকাই চুৰকৈ পকা অমৰা বিচাৰি পিটপিটাই ফুৰা সেইবোৰ আবেলি!
ৰঙচুৱা বগৰিৰ জুটি বিচাৰি চুবুৰীৰ আইতাৰ হৰিছিলো চকুৰ টোপনি।
পঢ়াশালিৰ বাটতে পোৱা হালধীয়া দেৱা ফলবোৰ বুটলি বুটলি 'চিলত' মচিবলৈ সমনীয়াৰ লগত কৰিছিলো লৰা'ধেমালি।
গুলপীয়া টেঙেচী দেৱা ফলবোৰে এতিয়াও দেখোন জিভাৰ সোৱাদ সোঁৱৰাই।
নৈ বঢ়া আবেলি বিচাৰি যাওঁ পকা খেজুৰি
বালি পথাৰৰ পৰা এতিয়াও ভাহি আহে যেন ল'ৰালিৰ কিৰিলি।
চুটিৰ ঘণ্টা শুনিলেই হাবাথুৰি খোৱা পঢ়াশালিৰ চিঞৰবোৰ,
নৈৰ পানী যুৱলিত থিয় হৈ দূৰলৈ মাটি চপৰা দলিয়াই কৰা ল'ৰালিৰ ধেমালি!!
কতনো মান অভিমান,
কতনো চুপতা চুপতি,
ক্ষন্তেকৰ ঠেহ পেচ
ক্ষন্তেকতে যাওঁ পাহৰি।
'লুকাচুৰি','ঘৰিয়াল পানী','হাও,''গোল্লা',''দৌৰাদোৰি',
মাটি খুচৰি ওলিয়াইছিলো 'বুঢ়ী নাচনী'।
'পাচ গুটি'',অলং দলং,'এদিম চেদিম বা'
খেলিছিলো পুতলাৰ 'দৰাকইনা'।
গীত এটি হৈ বাজি আছে যেন ৰিণিকি ৰিণিকি
ল'ৰালিৰ সকলো মনোৰম আবেলি,
হেৰুৱালো ল'ৰালিৰ সমস্ত ধেমালি।
নাহে ঘুৰি আৰু কেতিয়াও নাহে
ৰ'লোহি জীৱনৰ এতিয়া হেঙুলী
গধূলিত।
দূৰণিৰ বাঁহীৰ মিঠা সুৰটি হৈ ভাহি থাকে মাথো
ল'ৰালিৰ সকলো মনোৰম সমৃদ্ধি।