Type Here to Get Search Results !

অভিমানী ছোৱালীজনী

 


















অভিমানী ছোৱালীজনী
---------------------------
কোনেও নজনা
কোনেও নুবুজা ছোৱালীজনী...
কতযে ঠেহ,
কতযে অভিমান তাইৰ...
অভিমানৰ টোপোলাটো
দাঙোতে দাঙোতে
বেলিটিও লহিয়ালে...
কৈশোৰ-যৌৱন
কেতিয়ানো পাৰ হ'ল,
গমকে নেপালে তাই...
অভিমানবোৰো ভাঙিবলৈ
আজিচোন কোনো নাই!!!
জংকি-পানেইৰ প্ৰেমগাথাঁই
উন্মনা কৰে তাইক,
কেনেকৈনো ইমান প্ৰেম
থাকিব পাৰে মানুহৰ হৃদয়ত,
ভাৱি ভাৱি চকুহাল
সেমেকি উঠে তাইৰ...
টল-বল চকুযুৰিৰে
জীৱনটো খেপিয়াই চায়...
চকুপানীবোৰৰ লগত
জীৱনৰ ৰংবোৰো
উটি-ভাঁহি যায়!!!
ক'তনো ভুল হ'ল,
কিনো ভুল হ'ল
ভাৱি-ভাৱি পাৰাপাৰ নেপায়
আকাশলৈ একেথৰে
ৰ' লাগি চাই থাকে তাই!!!
অঞ্জলী দেৱী।