আকৌ পামনে তোমাৰ মৰমবোৰ ঘূৰাই
আকৌ পামনে তোমাৰ মৰমবোৰ
ঘূৰাই পদূলিৰ মুখত বকুলজোপাৰ সুবাসেৰে
সুবাসিত কৰা হৃদয়ৰ মৰমবোৰ ।
আকৌ পামনে তোমাৰ মৰমবোৰ
শালিকী পুৱাতে পঠোৱা মৰমৰ বাৰ্তাবোৰ ।
আশাৰ চাঁকি জ্বলাই ৰাখিছোঁ হৃদয়ৰ নিৰ্ভূত কোণত ।
কেতিয়াবা মাজে মাজে ঢিমিক-ঢামাক কৰিলে
বুকুখনে থমকি ৰ'ব খোজে
কোনোবাই আশাৰ বন্তি গছি নুমুৱাই পেলাব বুলি।
ভগা পজাত থাকিলেও
তোমালৈ সাজিছোঁ হৃদয়ত মৰমৰ অট্টালিকা ।
না ধুমুহা বা-মাৰলীয়ে চুব পাৰিব
না কলীয়া মেঘৰ গিৰগিৰ শব্দত ভৱিষ্যতৰ দাপোণ ভাঙিব ।
তোমাৰ পৰা পুনৰ বহুত মৰম বিচাৰি মৰম ভিক্ষা নুখুজোঁ ।
মাথোঁ আমাৰ মৰমবোৰ আজুৰি নিনিবা ।
তুমি দিয়া মৰমবোৰ সদায় ৰাখিম বুকুৰ সোঁমাজত
তোমাৰ মৰমেৰে ভৰা পূৰ্ণ
পাত্ৰটিত তিয়াই ৰাখিব বিচাৰোঁ মৰমবোৰ
প্ৰেমৰ বাৰ্তাবোৰ জিপাল কৰি ৰাখিবলৈ ।
✍️
"কল্যাণী ডেকা"