"হাঁহি আৰু চকুলো
হাঁহি আৰু চকুলো
জীৱনৰ লগৰী
হাঁহিৰ মাজতো আহে
চকুলো নিগৰি।
অকল হাঁহিতেই
জীৱন নাযায়,
মাজে মাজে চকুলোৱে
বাধা দি যায়।
যিজনে আনৰ হাঁহিত
ভাগ ল'ব পাৰে,
আনৰ দুখত দুখ
অনুভৱ কৰে,
নিবিচাৰে ৰাজ সুখ,
ঐশ্বৰ্য্য-বিভূতি,
সেইজনেই জীৱনত
সুখ ভোগ কৰে।
অলপতে সন্তুষ্ট হয় যিজনে
হাঁহি মূখেৰে জীৱন
কটায় সেইজনে।
অনু নেওগ তামূলী।