প্ৰেমিকৰ কথাৰে......
: ঐ শুনিচা
: কি ?
: ঘৰত কাম বন কৰিছা নাই ?
: কিয় ? তোমাৰ দৰে এলেহুৱা বুলি ভাবিছা নেকি ?
: নহয় অ' , কামবোৰ ভালকৈ শিকি আহিলে মাৰ পৰা গালি নুশুনা আৰু ।
: মানে ?
: এইবাৰ বহাগত তোমাক লৈ আহিম বুলি ভাবিছো ।
: নাযাওঁ মই । ......
: হেল্ল'.…...হেল্ল' ...... ঐ কান্দিলাই যে , বিয়া আজি নহয়টো , বহাগতহে ।
: নাযাওঁ মই ।
: মই যাওঁ তেনে ।
: ক'ত ?
: হিমালয় , সন্ন্যাসী হওগৈ । ৰাস্তাতে তোমাৰ ঘৰটো পাই যাম । গেৰুৱা বসন এযোৰ সাজু কৰি থোৱা ।
: আহি লৈ যোৱাহি ।
: তোমাক নে বসনযোৰ ?
: কথাই নাপাতো মই যা । ফ'ন ৰাখিছো।
: ঐ পাগলী , তোমাৰ অনুমতি অবিহনে তোমাক জানো মই আনিম কোৱাচোন ! যেনে তেনে এইবাৰ চাকৰি এটা লৈ লওঁ । তাৰ পাছতহে তোমাক খুজিবলৈ যাম ।
: মই চাকৰিৰ লগত বিয়া নহওঁ, তোমাৰ লগতহে হ'ম ।
: আজিয়ে লৈ আহোগৈ তেনে ।
: চাকৰি নহ'লেও হ'ব । কিবা এটা কৰা । এইবছৰ মোক বিয়া দিয়াতো খাটাং ।
: হম ....! (মৌনতা)
: চিন্তা কৰিব নালাগে । মই আছো লগত , মাথোঁ তুমি আগুৱাই যোৱা ।
: 'তুমি মই মিলি এদিন ঘৰ সাজিমে , তাতে জোন থাকিব , তাতে তৰা থাকিব , তাতে মৰমতে আমাৰ মইনাই'.....
: যাহ, নিলাজটো ক'ৰবাৰ ।..
❣️ নতুন বৰ্ষটোত বিচৰা বোৰ প্ৰাপ্তি হওক ❣️
🖋️ অৰুন্ধতী🍁
ফটো -সংগ্ৰহ