#নাৰীৰ_সম্পত্তিৰ_অধিকাৰ_বিবাহ_আৰু_স্বনিয়োজনৰ_সম্পৰ্কে_সজাগতা
ভাৰতবৰ্ষত নাৰীক অৰ্দ্ধাঙ্গিনী, অৰ্দ্ধ আকাশ ,দেৱী বুলি কোৱা হয়। পঞ্চকন্যা স্মৰে নিত্যং
মহাপাপ বিনাশনং
কিন্তু বৈদিক যুগৰপৰা বৰ্তমান যুগলৈকে সীতাৰ অগ্নি পৰীক্ষা ,দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা দিল্লীৰ নিৰ্ভয়া কাণ্ডলৈকে প্ৰতিদিনে অসংখ্য মহিলা নিৰ্যাতিতা হৈ আছে।ভাৰতবৰ্ষত নাৰীক দুৰ্গতিনাশিনী, দশভূজা দূৰ্গাৰ ৰূপত ,মা লক্ষ্মীৰ ৰূপত,আই সৰস্বতীৰ ৰূপত অথবা দূৰ্যোগ আঁতৰিবলৈ কালীগোঁসানীৰ ৰূপত পূজা কৰা হয়। কিন্তু সেই পূজা কেৱল মাটিৰ মূৰ্তিটোতে সীমাবদ্ধ হৈ থাকে। কাৰ্যতঃ তাৰ ওলোটাহে হৈ থাকে।
সম্পত্তিৰ অধিকাৰৰ পৰা নাৰী সদায়েই বঞ্চিত। বিয়া দিয়াৰ পিছত পিতৃ ঘৰখনে ছোৱালীজনীয়ে সম্পত্তি পাব লাগে বুলি নাভাবেই । আকৌ বিয়া দিয়াৰ ঘৰতো বুঢ়ী হোৱালৈকে লোকৰ ঘৰৰ ছোৱালী, যোৰহটীয়ানী, তেজপুৰীয়ানী ইত্যাদি হৈয়েই থাকে। আইনত কিন্তু ল'ৰাৰ সৈতে ছোৱালীৰ সম্পত্তিৰ সম-অধিকাৰৰ কথাহে আছে।
২০০৫ চনত যদিও গাৰ্হস্থ্য সুৰক্ষা আইনখন বলবৎ হয় ,ই মহিলাক বিশেষ সহায় কৰা নাই। ঘৰৰ সকলো মিলি মহিলাগৰাকীক অত্যাচাৰ কৰিলেও তেওঁ নীৰৱে সহি থাকে।কিয়নো ই গোচৰৰ পৰ্যায়লৈ গ'লে সেইখন ঘৰত তেওঁৰ সন্মান আৰু অৱনমিত হোৱাৰহে আশংকা থাকে। বিবাহ বিচ্ছেদ হ'লেও সমাজে সদায়েই মহিলা গৰাকীকহে দোষ দিয়ে। যৌতুক বন্ধ কৰা আইন ১৯৬১ চনতেই বলবৎ হয়।কিন্তু যৌতুকৰ কাৰণে অত্যাচাৰ চলিয়েই আছে এতিয়াও।অসমতো ইয়াৰ বিষবাষ্প বিয়পিছে লাহে লাহে।
বিবাহৰ যোগেদি নাৰী সিখন ঘৰৰ অধিকাৰ প্ৰাপ্ত হয়।বিয়াত হোমৰ গুৰিত মন্ত্ৰ মতা হয় , " মম এক হৃদয়ং তৱ/তৱ এক হৃদয়ং মম",বুলি। বিয়াৰ যোগেদি দুখন হৃদয় মিলি এখন হৈ পৰে। কিন্তু কাৰ্যতঃ বিয়াৰ পিছদিনাৰ পৰাই তাৰ ওলাটাতোহে প্ৰতিফলিত হয়। নাৰীয়ে বাহিৰত সন্মান পালেও ঘৰখনত উপযুক্ত মৰ্যদা আৰু সন্মান নাপায়। পুৰুষজন মহিলাগৰাকীৰ বাবে ঈশ্বৰসদৃশ বুলি সৰুৰেপৰাই শিক্ষা দিয়া হয়। মহিলাসকল শিক্ষা-দীক্ষাত আগবাঢ়ি গৈ স্বাৱলম্বী হোৱাৰ লগতে সমাজৰ মানসিকতা সলনি কৰিবলৈ যত্নপৰ হোৱা উচিত। কন্যাসন্তানক সৰুৰেপৰাই যত্নসহকাৰে ডাঙৰ-দীঘল কৰি ,সৎ শিক্ষাৰে সু-শিক্ষিত কৰি, স্বাৱলম্বী আৰু সাহসী হোৱাত সহায় কৰা উচিত। পিতৃপ্ৰধান ভাৰতীয় সমাজত নাৰী বিয়াৰ আগত পিতৃৰ অধীন ,বিয়াৰ পিছত স্বামীৰ অধীন আৰু স্বামীৰ অবৰ্তমানত পুত্ৰৰ অধীন হিচাবে চলিব লাগে।এইখন সমাজত এগৰাকী বিধবাই বহুতো লাঞ্ছনা-গঞ্জনা সহ্য কৰিব লগা হয় ।কিন্তু বিপত্নীক পুৰুষজনে পত্নীৰ মৃত্যুৰ পিছতেই আকৌ বিয়া পাতিব পাৰে।
মহিলাসকল স্বাৱলম্বী হোৱাৰ কেইটামান সৰু সৰু পদক্ষেপ হ'ল----
(১) জীৱ-জন্তু প্ৰতিপালন:- হাঁহ,পাৰ,কুকুৰা আৰু ছাগলী ইত্যাদি পুহি কিছু টকা উপাৰ্জন কৰিব পাৰি।জীৱ-জন্তু পুহিলে ডাক্তৰৰ পৰামৰ্শ অৱশ্যেই ল'ব লাগিব। জাৰ্চী গৰু পুহিব পাৰিলে যথেষ্ট গাখীৰ বেচিব পাৰিব।
(২) মাছ পোহাঃ- সৰু পুখুৰী এটাতে মাছৰ পোনা কিনি জীয়াই ডাঙৰ কৰি অন্ততঃ ঘৰত খাবলৈকে যোগান ধৰিব পাৰি। কাৰ্প মাছৰ পোনাৰ পৰা আৰম্ভ কৰি কান্ধুলি ,মাগুৰ, গৰৈ ইত্যাদি মেলিব পাৰি। খলিহৈ,তুঁহ,মুড়ি ইত্যাদি খাবলৈ দিব লাগে। মাছৰ শত্ৰু ভেকুলী, ঢোৰাসাপ,কণামুচৰী ইত্যাদি চকু দিয়াৰ লগতে মাজে মাজে পুখুৰীত অলপ চূণ দিব লাগে।ডাঙৰ পুখুৰী থাকিলে ব্যৱসায় ভিত্তিত মাছ পুহিব পাৰি।
(৩) খোৱাবস্তু তৈয়াৰ কৰা:-আচাৰ তৈয়াৰ এটা সহজ উপায় । মছলাখিনি সদায় ঘৰত খুন্দি ল'ব লাগে আৰু ভিনেগাৰ আদি কমকৈ ব্যৱহাৰ কৰিব লাগে। ভৰাবলৈ সৰু সৰু বটল কিনিবলৈ পায়। পিঠাপনা,লাড়ু ইত্যাদিৰো আজিকালি ভাল বজাৰ আছে। খৰিচা আৰু কাঁহুদি -খাৰলি ইত্যাদিও তৈয়াৰ কৰি বেচিব পাৰি।বজাৰ চাইহে তৈয়াৰ কৰিব লাগে।মানদণ্ড ভাল হ'লে মানুহে কিনিবই।
(৪) কাপোৰ চিলোৱা:- কেৱল মহিলাৰ ব্লাউজ, মেখেলা,চুৰিদাৰ ইত্যাদি চিলায়েই কিছু টকা উপাৰ্জন কৰিব পাৰি ।স্কুল ইউনিফৰ্মৰ অৰ্ডাৰ ল'ব পাৰিলেও বহুত ভাল।
(৫)শাক-পাচলিৰ খেতি:-মাটি তৈয়াৰ কৰি জৈৱসাৰ আৰু গোবৰ দি বতৰৰ শাক-পাচলিৰ খেতি কৰি ঘৰত খোৱাৰ উপৰিও বেচিবও পাৰি।টাবত বা মাছৰ কাৰ্টনত ছাদৰ ওপৰতো খেতি কৰিব পাৰি।নিজে কৰা খেতিৰ পাচলি ছিঙিয়েই ভাল লাগে।
(৬) দোকান:-বস্তু-বাহানি আনি ল'ব পাৰিলে মণিহাৰী বস্তুৰ দোকান এখনো দিব পাৰি।গাওঁ অঞ্চলত গেলামালৰ দোকানো চলাব জানিলে চলিব।কাৰণ খোৱাবস্তু সকলোকে লাগিবই।
(৭) বিউতি পাৰ্লাৰ খোলা:-আজিকালি বিউতি পাৰ্লাৰ খোলাটো এক লাভজনক ব্যৱসায় হৈ পৰিছে। ভালদৰে কামবোৰ শিকি ল'ব লাগে।কিয়নো গ্ৰাহকে য'তে কাম ভাল পায় তালৈকে যায়।
(৮) টিউচন কৰি:- শিক্ষাগত অৰ্হতা ভাল থাকিলে টিউচন কৰিও টকা উপাৰ্জন কৰিব পাৰি । নিজৰ ঘৰতে সময় উলিয়াই ল'ৰা-ছোৱালী মাতি লৈ পঢ়াব পাৰি।
মুঠ কথাত অভিভাৱকসকলে এজনী ছোৱালীক সৰুৰেপৰাই ল'ৰাতকৈ বেলেগ দৃষ্টিৰে নাচাই শিক্ষা-দীক্ষাৰ যোগেদি স্বাৱলম্বী কৰিবলৈ যত্ন কৰিব লাগে।
©কুমকুম শৰ্মাবৰুৱা।