Type Here to Get Search Results !

বৰষুণ

 


বৰষুণ
বৰষুণ জাক কোন ফালৰ পৰা আহিছিল তাই গমে নাপালে । খিৰিকিৰে আকাশ খনলৈ চাই থাকোতে এটোপ এটোপ কৈ বৰষুণ বোৰ সৰিব ধৰিছে । বৰষুণ তাই বৰ ভাল পাই বৰষুণ আহিলে তাই মুকলি আকাশন'ৰ তলত দুহাত মেলি চিঞৰী উঠে ছা মই ভাল পাওঁ বাবে মোৰ চোতালত বৰষুণ আহিছে , আনন্দত তাই নিজকে পাহৰি পেলাই ।
আজি আকৌ তাই ভাল পোৱা প্ৰেমিক বৰষুণ জাক আহিছে , তাই লাহে লাহে খিৰিকিৰ কাষলৈ গৈছে আজি কিন্তু বৰষুণ জাক তাইৰ ভাল লগা নাই । তাইৰ ভাল পোৱা মনৰ মানুহ জনক সেই দিনা তাইৰ আপোন বৰষুণ জাকে নৈ'ৰ মাজত .....।
তাই বৰষুণ জাকলৈ এবাৰো নাছালে খিৰিকি খনৰ কাষলৈ গৈ খিৰিকি খন জপাই দিলে , ভাল পোৱা বৰষুণ জাকক এতিয়া ভয় কৰে তাই ।
ৰাগদিপ কাশ্যপ✍️✍️