জান:-ঐ শুলা নেকি**
সোণ:-উমম,টোপনিয়েই গৈছিলোঁ
জান:-দিয়া শুই যোৱা নহলে
সোণ:-নাই, কোৱা, কৈ থাকা।দিনতটো সময়েই নাপাওঁ।তুমিও ব্যস্ত থাকা কামত,মইয়ো অফিচৰ কামৰবাবে আজৰিয়েই নাপাওঁ।এতিয়াই অকনমান কথা পাতো,নে কি কোৱা।
জান:-উমম,তাকেই।জানাই নহয়,ঘৰৰ কামত একেবাৰে সময়েই মিলাব নোৱাৰোঁ অ।বহুত ভাগৰ লাগে।
সোণ:-জানো অ জান,মই তোমাৰ কষ্টৰ অনুভৱ কৰো বহুত।কেতিয়াবা বৰ মন যায় তোমাৰ ঘৰৰ কামবোৰত অলপ সহায় কৰি দিবলৈ।কিন্তু????
মোৰ হয়তো সেই সৌভাগ্য নহল অ।
জান:-এহহ,বাদ দিয়া অ।একো নাই দিয়া।মোৰ কথা তুমি ইমান চিন্তা কৰিব নালাগে।তুমি নিজৰটো ভালে ৰাখা।
সোণ:-ঐ শুনা,মোৰ তোমাৰ বাহিৰে এই পৃথিৱীত কোনো নাই অ।কিয় বুজি নোপোৱা।তোমাৰ কথা চিন্তা নকৰি মই বাৰু কাৰ কথা চিন্তা কৰিমনো।
দিনে ৰাতিয়ে কেৱল তোমাৰ কথাকেই ভাৱি থাকো জানা।কি খাইছা,কি কৰিছা,কেনেকৈ আছা,গা ভালে আছেনে,এই সকলোবোৰ।
জান:-জানো অ সোণ,কিন্তু তুমি নিজৰো অলপ যত্ন লবাচোন।দিয়া এতিয়া শুই যোৱা।বহু ৰাতি হল।আকৌ ৰাতিপুৱা অফিচ আছে ন তোমাৰ।
সোণ:-উমম,বাৰু।তুমিও শুৱা।তোমাৰো ভাগৰ লাগিছে বহুত।
জান:-Love u xun.



সোণ:-Love u Jaaan



এনেকৈ কথা পাতি দুয়োজনে ফোনটো কাতি দিলে।কিমান মৰম,আদৰ,সাদৰ।এজনে আনজনৰ গুৰুত্ব দায়িত্ব।সচাই ভাল লাগে এনেকুৱা।
হয়তো এইয়াই সচা মৰম আৰু ভালপোৱাৰ প্ৰতিফলন।
◆●◆●নৱজ্যোতি●◆●◆