Type Here to Get Search Results !

মোৰ দীৰ্ঘদিনীয়া সাত বছৰীয়া প্ৰথম প্ৰেম

 



#মোৰ #দীৰ্ঘদিনীয়া #সাত #বছৰীয়া #প্ৰথম #প্ৰেম
আজি আমাৰ প্ৰেমৰ সম্পৰ্কই সাত বছৰ সম্পূৰ্ণ কৰিলে। বৰ্তমান সময়ত প্ৰেমৰ সংজ্ঞাই যেন সলনি হৈ পৰিছে। প্ৰেম মানে এক স্বৰ্গীয় অনুভূতি,বিশ্বাস, সাহস আদিৰ বিপৰীতে যেন হৈ পৰিছে প্ৰেম মানেই সন্দেহ, বিশ্বাসঘাতকতা, ব্ৰেক আপ।
ভাবিলো আজিৰ এই বিশেষ দিনটোত মোৰ কিছুমান মনৰ ভাৱকে ব্যক্ত কৰো। আমাৰ মাজত ইমান দিন এটা দীঘলীয়া সম্পৰ্ক কিয় বৰ্তি আছে আপোনালোকে জানেনে?
১) তেওঁ মোক ইমানেই বিশ্বাস কৰে যে দিনটোত মোক যদি ৪ বাৰো ব্যস্ত পাই ফোনত কাৰ লগত কথা পাতি আছিলা বুলি প্ৰশ্ন নকৰে । অৱশ্যে সেইখিনি বিশ্বাস মোৰ কাৰ্যৰদ্বাৰা দিব পাৰিছো।
২) মোৰ কেৰিয়াৰক লৈ মোতকৈ বেছি চিন্তা কৰে তেওঁ। আজিলৈকে পঢ়াৰ বা ব্যস্ততাৰ সময় খিনিত কথা পাতিবই লাগিব বুলি বাধ্যবাধকতা কৰি পোৱা নাই।বৰঞ্চ মোৰ প্ৰতিটো কামত উৎসাহ তথা অনুপ্ৰেৰণা যোগায় আহিছে।
৩) ঘৰ খনৰ মা দেউতাৰ প্ৰতি ইমানেই শ্ৰদ্ধা আৰু ভক্তিভাৱ আছে যে মই ভৱাতকৈও বহুত বেছি। দেউতাৰ মৃত্যুৰ সময়ত সি যিখিনি প্ৰতিপাল কৰিলে মই তাৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম।
৪) তেওঁ এজন এজন ভাৰতীয় সৈনিক(Indian Army)।ঘৰলৈ ছুটীত আহিলে যোৱাৰ আগমুহূৰ্তত মোক এবাৰ লগ কৰিবলৈ আহে আমাৰ ঘৰলৈ। মাৰ চৰণ চুই যে সেৱা এটা কৰি যায় তাতেই যে মই সৰগ ঢুকি পাওঁ।
৫) শিক্ষকতাৰ দৰে মহান বৃত্তি এটাত নিয়োজিত হোৱাৰ সুবিধাকণ পালো। এইক্ষেত্ৰতো আছে তেওঁৰ যথেষ্ট অৰিহনা। ২০১৯ বৰ্ষৰ অসম টেট অনুষ্ঠিত হোৱাৰ প্ৰাকক্ষণত মোলৈ ফোন মেচেজ কৰাই কমাই দিছিল যাতে মই ভালদৰে উত্তীৰ্ণ হ'ব পাৰো।
এনে নহয় যে আজি ৭ বছৰে আমাৰ মাজত কাজিয়াৰ সৃষ্টি হোৱাই নাই।বহু কথাত মতভেদ হয় তৰ্কা তৰ্কিও হয় কেতিয়াবা। কিন্তু কাৰণ সমূহ আছিল ঘৰুৱা বা অন্যান্য, কাজিয়া হোৱা নাছিল কেতিয়াও সন্দেহ, অবিশ্বাস আদিৰ কাৰণে।
আৰ্শীবাদ কৰিব অনাগত দিনবোৰ আমি যাতে সুখ আৰু শান্তিৰে অতিবাহিত কৰিব পাৰোঁ।
যান্ত্ৰিকতাৰ পৃথিৱীখনত সদায় আপোন জনৰ লগত বুজাবুজি আৰু বিশ্বাসেৰে সম্পৰ্ক এটা আৰম্ভণি কৰক।দেখিব কিছু পৰিমাণে হ'লেও ব্ৰেক আপ , ভুল বুজাবুজি আদি সমূহ আতৰ হ'ব। অবিশ্বাস ভুল বুজা বুজিয়ে সম্পৰ্ক এটা ধ্বংসহে কৰিব সৃষ্টি নহয়।