#সিদ্ধান্ত
অশেষ কষ্ট কৰি খেতিয়ক পিতৃ সীমান্ত হালৈ আৰু মাতৃ অসীমা হালৈয়ে তেওঁলোকৰ একমাত্ৰ পুত্ৰ বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ডাক্তৰ হিচাপে কৰ্মৰত ডা• ৰূপম হালৈক মানুহ কৰিলে। কিন্তু যোৱা দেওবাৰে বৰ্তমান নিজৰ পৰিবাৰৰ সৈতে গুৱাহাটীৰ নিবাসী তেওঁলোকৰ সুপুত্ৰই আহি গাঁৱৰ ঘৰ পালেহি। পুতেক অহাৰ আনন্দত মাকে হাঁহৰ মাংস, পুতেকৰ পছন্দৰ কচু পাতত দিয়া, মাতিদালি বনাই বাট চাই আছিল। বাপেকেও নঙলামুখতে চটফটাই আছিল। অৱশেষত বিয়লি ২ বজাত সি আহি পালে। কিন্তু আহিয়েই সি তাৰ সিদ্ধান্ত শুনালে --" মা, দেউতা মই গাঁৱৰ থকা আমাৰ সকলো মাটি-বাৰী বেচি গুৱাহাটীত এটা ঘৰ বনাম বুলি ভাবিছো। তোমালোকে চিন্তা কৰিব নালাগে তোমালোকক মই আমাৰ ঘৰৰ ওচৰৰে বৃদ্ধাশ্ৰম এখনত থকাৰ ব্যৱস্থা কৰি দিম।"
পুতেকৰ কথা শুনি বাপেক সীমান্ত হালৈয়েও নিজৰ সিদ্ধান্ত শুনালে --" বংশৰ কলংক, ওলাই যা তই মোৰ ঘৰৰপৰা। দুনাই আৰু তোৰ মুখ নেদেখুৱাবি। তোক মই ত্যাজ্যপুত্ৰ কৰিলোঁ আৰু আমি মৰিলেও তই আমাৰ মুখাগ্নি কৰিবলৈ নাহিবি। যা ওলাই যা। মাকেও সি যোৱাৰ পাছত নিজৰ সিদ্ধান্ত অনুসৰি তালৈ মৰমেৰে বনোৱা সকলোবোৰ খোৱাবস্তু চুৱাপাটনিলৈ দলিয়াই পেলালে।
*সমাপ্ত*
।। ধন্যবাদ।।