Type Here to Get Search Results !

Jyoti Prasad Agarwala Biography in Assamese জ্যোতিপ্ৰসাদ আগৰৱালা জীৱনী

 

জ্যোতিপ্ৰসাদ আগৰৱালা জীৱনী Jyoti Prasad Agarwala Biography in Assamese








জ্যোতি ! জ্যোতি মানে পােহব। সঁচাকৈয়ে জ্যোতিপ্ৰসাদ আমাৰ এক চিৰ-উজ্জ্বল পােহৰ যি চিৰ-উজ্জ্বল পােহৰে আমাক আগবঢ়াই লৈ গৈছে আৰু এক মহান উজ্জ্বল ভৱিষ্যতৰ ফালে।

জ্যোতিপ্ৰসাদ আগৰৱালা জীৱনী Jyoti Prasad Agarwala Biography in Assamese

জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে বৰঙনি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক “ৰূপকোঁৱৰ” বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী  নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক “শিল্পী দিৱস” ৰূপে পালন কৰা হয়


জ্যোতিপ্ৰসাদ আগৰৱালা ৰ জন্ম

১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামােলবাৰী চাহ বাগিচাত জন্ম লাভ কৰে। তেওঁৰ দেউতাক আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী। তেওঁলােকৰ আদিপুৰুষ ৰাজস্থানৰপৰা আহি অসমৰ তেজপুৰত নিগাজিকৈ বাস কৰি হাড়ে-হিমজুৱে অসমীয়া হৈ গৈছিল। নৱৰঙ্গ আগৰৱালা নামৰ এজন ৰাজস্থানৰ ব্যৱসায়ীয়ে অসমলৈ আহি অসমীয়া ছােৱালী বিয়া কৰাই জাতে-পাতে অসমীয়া হ’ল। তেওঁৰপৰাই জন্ম হ’ল হৰিবিলাস, থানুৰাম আৰু কাশীনাথ আগৰৱালাৰ। এই হৰিবিলাসৰ পুত্ৰ পৰমানন্দ আৰু পৰমানন্দৰে সু-পুত্র আমাৰ জ্যোতি’। এই পৰিয়ালটোৰপৰাই অসম মাতৃয়ে আৰু দুটি সু-পুত্ৰ পাইছিল—এজন চন্দ্রকুমাৰ, আনজন আনন্দচন্দ্ৰ আগৰৱালা। তেওঁলােক দুয়ােজনে অসমীয়া ভাষা-জননীক বিভিন্ন পাদ্য-অর্ঘ্যেৰে সেৱা জনাইছিল। তেওঁলােকৰ বন্তিৰ পােহৰত অসমীয়া ভাষা-সাহিত্য উজ্জ্বল হৈ উঠিছিল। জ্যোতিৰ দেউতাকে ভালদৰে বেহেলা বজাব পাৰিছিল। মাকে সুন্দৰ আইনাম, বিয়ানাম আৰু নিচুকনি গীত গাইছিল। জ্যোতিয়ে সেউজীয়া ঘাঁহনিৰ ওপৰেদি দৌৰ মাৰি, জঁপিয়াই আৰু গছত উঠি বৰ ভাল পাইছিল। তেওঁ বৰ সাহসী আছিল।

জ্যোতিপ্ৰসাদ আগৰৱালা ৰ শিক্ষা Education of Jyoti Prasad Agarwala in Assamese

জ্যোতিয়ে সাত-বছৰ বয়সতে তেজপুৰৰ হাইস্কুলত পঢ়িছিল ; পিছে দেউতাকে তাত তেওঁৰ পঢ়া-শুনা বৰ ভাল নহ’ব যেন দেখি ডিব্ৰুগড়ত থকা বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালা আৰু খুৰাক আনন্দচন্দ্ৰ আগৰৱালাৰ ওচৰলৈ পঠিয়াই দিয়ে। তেওঁ ডিব্ৰুগড়ৰ জর্জ হাইস্কুলত নাম ভর্তি কৰি পঢ়া-শুনা আৰম্ভ কৰে। ইয়াত কেইবছৰমান পঢ়াৰ পাছত তেওঁ পুনৰ তেজপুৰলৈ যায় আৰু তাত থকা জাতীয় বিদ্যাপীঠৰপৰা পৰীক্ষা পাচ কৰে। ইয়াৰ পাছত উচ্চশিক্ষাৰ বাবে তেওঁ কলিকতালৈ গৈ তাতে কলেজ এখনত নাম ভর্তি কৰি ল’লে যদিও তাতে পঢ়া নহ’ল ; কাৰণ সেই কলেজখন বন্ধ হৈ গ’ল। তেওঁ পুনৰ বৰদেউতাকৰ ওচৰলৈ আহি প্ৰেছৰ কাম শিকিলে আৰু অলপ দিনৰ পাছত উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যােৱাটোকে ঠিক কৰিলে। প্রথমে দেউতাকে মান্তি হােৱা নাছিল যদিও শেষত জ্যোতিৰ অনুৰােধ এৰাব নােৱাৰি মত নিদি নােৱাৰিলে। জ্যোতিয়ে বিলাত পালেগৈ। তাতে ‘এডিনবৰা বিশ্ববিদ্যালয়ত নাম ভর্তি কৰি সেই বিশ্ববিদ্যালয়ৰপৰাই মেট্রিক পৰীক্ষা দিয়ে। প্রথমবাৰ তেওঁ গণিত আৰু সংস্কৃতত বৰ ভাল নাছিল দেখি পাচ কৰিব নােৱাৰিলে; কিন্তু আন বিষয়বােৰত বৰ আগ্রহ আছিল। আগ্রহ দেখি আৰু তেওঁৰ বুদ্ধি আৰু জ্ঞানৰ পৰিচয় পাই বিশ্ববিদ্যালয়ে তেওঁক এম. এ. পঢ়িবলৈ সুবিধা দিলে। তাতে তেওঁ সংস্কৃত, দর্শন, বুৰঞ্জী, সংগীত আৰু অর্থনীতি লৈ পঢ়া আৰম্ভ কৰিলে। কিছুদিনৰ পাছত ইমানবোেৰ বিষয় পঢ়ি উপাধি লােৱাৰ হেপাহ নাইকিয়া হ’ল আৰু শেষত কলেজীয়া শিক্ষা একেবাৰে বাদ দিলে। জ্যোতিৰ মন ঢাল খালে সংগীত আৰু বােলছৰিৰ ফালে। কথা-ছবিৰ বিষয়ে লন্ডনত কিছুদিন অধ্যয়ন কৰি জার্মানিৰ বার্লিন মহানগৰী পালেগৈ। তাতে কথাছবিৰ বিষয়ে বহুত কথা শিকিলে।

স্বাধীনতা আন্দোলনত যোগদান Jyoti Prasad Agarwala Joining the Freedom Movement

১৯৩০ চনত জ্যোতি জন্মভূমিলৈ উভতিল। সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত দেশত স্বাধীনতা আন্দোলন পুৰাদমে চলিছে। জ্যোতিয়ে হাত সাৱটি বহি নাথাকিল। দেশােদ্ধাৰৰ কামত ফৰিঙে জুইত জাঁপ দিয়াৰ দৰে শৃঙ্খলিত জননীৰ মুক্তিৰ বাবে আন্দোলনত জঁপিয়াই পৰিল। এনে মুহূর্তত জ্যোতিক পাই অসমীয়া ডেকা গাভৰুৱে দুগুণ উৎসাহেৰে আন্দোলন চলাই যাব ধৰিলে ; ইফালে পুলিচৰ ৰঙা চকু জ্যোতিৰ ওপৰত নপৰাকৈ নাথাকিল। তেওঁক ধৰিবলৈ পুলিচে নানা ষড়যন্ত্র কৰিলে। জ্যোতিও কম নহয়। যিমান দিন পাৰিলে পুলিচৰ চকুত ধূলি মাৰি আন্দোলন চলাই থাকিল। ;

১৯৩২ চনত এটা অশুভ দিনত পুলিচৰ হাতত জ্যোতি ধৰা পৰিল। বিচাৰ হ’ল। শাস্তি হ’ল তেওঁৰ ১৫ মাহ সশ্রম কাৰাদন্ড আৰু ৫০০ টকা জৰিমনা। জেলৰ ভিতৰতে জ্যোতিয়ে অসুখত ভােগাৰ কাৰণে চৰকাৰে তেওঁক মুক্তি দিব বিচাৰিলে, যদি তেওঁ কেতিয়াও আন্দোলনত যােগ নিদিওঁ বুলি লিখিত প্রতিশ্রুতি দিয়ে। তাৰ উত্তৰ আছিল জ্যোতিৰ এনে ধৰণৰ—‘মৰিলে বেমাৰতে মৰিম, তথাপি বিদেশী চৰকাৰৰ ওচৰত দয়া-ভিক্ষা নকৰোঁ। ১৯৪২ চনত স্বাধীনতা আন্দোলনে চৰম পর্যায় পায়গৈ। সেইবাৰৰ আন্দোলনতাে তেওঁ বিশেষ ভূমিকা লৈছিল। এটা দিনাে জিৰণি নােলােৱাকৈ তেওঁ সংগঠনৰ কামত ঘূৰিফুৰি শুৱলা বক্তৃতাৰে জাতিক তৱধ মনালে। দলে দলে ডেকা-গাভৰুৱে লগ ল’লে জ্যোতিৰ। অসমীয়া মানুহক আন্দোলনত যােগ দিবলৈ জ্যোতিয়ে গান ৰচনা কৰিলে, তাৰ সুৰ দিলে—

‘ বিশ্ব বিজয়ী ন’জোৱান,

বিশ্ব বিজয়ী নজোৱান,

শক্তিশালী ভাৰতৰ,

ওলাই আহ ওলাই আহা

সন্তান তুমি বিপ্লৱৰ।

জ্যোতিপ্ৰসাদ আগৰৱালা

এইজনে আছিল বিপ্লৱী জ্যোতি! লুইত পাৰৰ আমি ডেকা ল’ৰা, মৰিবলৈ আমাৰ ভয় নাই। বুকুৰ তেজেৰে ভাৰতৰ অপমান ধুই পেলাবলৈ জ্যোতিয়ে আগবাঢ়ি আহিছিল। আৰু আগবঢ়াই আনিছিল অসমীয়া জাতিৰ ডেকা-গাভৰুক সেই বজ্র কণ্ঠেৰে—

‘তােৰ তপ্ত ৰুধিৰ ঢালি আয়েৰক

শক্তি দিবৰে হ’ল’—বুলি।


 এইদৰে তেওঁ ‘সুৰৰ দেউলৰ ৰূপৰ শিকলি ছিঙি’ তাৰ ধ্বনিৰে অসম তথা ভাৰত ৰজনজনালে। গীতৰ উপৰিও ‘শােণিত কুঁৱৰী আৰু কাৰেঙৰ লিগিৰী’ নাট লিখি আৰু সেই নাটত অসমীয়া সংগীতৰ এক অভিনৱ পুনৰুত্থান ঘটালে। দেশ-প্ৰেমত বুৰ গৈ তেওঁ ৰচনা কৰিলে কনকলতা’, ‘অসমীয়া ল’ৰাৰ উক্তি’, ‘অসমীয়া ছােৱালীৰ উক্তি’ আদি জ্বলন্ত দেশ-প্ৰেমৰ কবিতা। শিশুৰ বাবে ৰচনা কৰিলে ধ্বনি প্রধান কৰি ৰামায়ণৰ শিশু সংস্কৰণ আৰু কুম্পূৰ সপােন’। ইয়াতে প্রকাশ পাইছিল তেওঁৰ সৃষ্টিশীল কলাকাৰ মনৰ পৰিচয়।

মহাত্মা গান্ধীৰ সৈতে ডেকা জ্যোতিপ্ৰসাদৰ সান্নিধ্য অতি মধুৰ। মহাত্মাৰ বৈপ্লৱিক চিন্তাই জ্যোতিক, জ্যোতিৰ জীৱনক, জ্যোতিৰ সাহিত্যক আৰু গীত সৃষ্টিক প্রভাৱান্বিত কৰিছে।

তেওঁ সংকীর্ণ দলীয় ৰাজনীতিৰ ওপৰত আস্থা ৰখা নাছিল। তেওঁ গান্ধীবাদ আৰু মার্কস্বাদৰ মাজত সমন্বয় বিচাৰিছিল। দুষ্কৃতিক সুতিৰে পৰাস্ত কৰিবলৈ তেওঁ সদায় বিচাৰিছিল। মহান ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ এটি সুন্দৰ অংগ অসমীয়া কৃষ্টি, অসমীয়া ভাষাৰ কথা এনেদৰে কৈছে—

‘কামৰূপা মােৰ সুৱদী সুৰীয়া

অসমীয়া ভাষা জগৎ-সভালৈ যাব

উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হব।


ব্যক্তিগত জীৱন

১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাহিত্য-চৰ্চা

ইমানতে জ্যোতিক এৰিব নােৱাৰি। তেওঁৰ আন এটা বৈশিষ্ট্যপূর্ণ অৱদান অসমীয়া বােল-ছবি। ‘জয়মতী’ তেওঁৰ তথা অসমীয়া জাতিৰ প্রথম বােলছবি। আনখন ছবি তেওঁৰ ইন্দ্ৰমালতী’। নানা কষ্ট কৰি দিনে-নিশাই খাটি জ্যোতিয়ে জয়মতীক ৰূপালী পর্দালৈ আনি অসমীয়া চিনেমা জগতৰ ভেটি স্থাপন কৰিলে। এয়ে ৰূপকোঁৱৰ জ্যোতি। অসমীয়া জাতিৰ গীত, বােলছবি আৰু নাটকৰ জ্যোতি। অতি কম সময় জীয়াই থাকি ১৯৫১ চনত অসমীয়া জাতিক কন্দুৱাই জ্যোতি চিৰজ্যোতিৰ ৰূপ লৈ গুচি গ’ল। তেওঁ অসমৰ সংস্কৃতিৰ বৰ নামঘৰত’ সােণ-ৰূপৰ খুঁটি পুতি ৰাইজৰ অনুভুতিক এডাল এনাজৰীৰে বান্ধি থৈ গ’ল।

গল্প

  • ৰূপহী
  • বগীতৰা
  • সোণতৰা
  • সোণটিৰ অভিমান
  • যুঁজাৰু
  • সতীৰ সোঁৱৰণি
  • সন্ধ্যা
  • শিলাকুটি
  • নীলাচৰাই আদি।

কবিতা

  • লুইতৰ পাৰৰ অগ্নিসুৰ
  • জ্যোতি ৰামায়ণ

উপন্যাস

  • আমাৰ গাঁও

অন্যান্য গ্ৰন্থ

  • জ্যোতিৰ্ধাৰা
  • চন্দ্ৰকুমাৰ আগৰৱালা

শিশু-সাহিত্য

তেখেতে তেৰটামান শিশু উপযোগী কবিতা লিখি থৈ গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে “কম্পুৰ সপোন“।

কলা-সংস্কৃতিলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান

চলচ্চিত্ৰ

জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।

  • জয়মতী (১৯৩৫)
  • ইন্দ্ৰমালতী (১৯৩৯)

গীত

জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক জ্যোতি সংগীত বুলি কোৱা হয়।

নাটক

  • সম্পূৰ্ণ নাটক
    • শোণিত কুঁৱৰী (১৯২৫)
    • কাৰেঙৰ লিগিৰী (১৯৩o)
    • লভিতা (১৯৪৮)
    • ৰূপালীম (১৯৩৮)
    • নিমাতী কইনা (১৯৬৪)
    • খনিকৰ (১৯৭৭)
  • অসম্পূৰ্ণ নাটক
    • কনকলতা
    • সুন্দৰকোঁৱৰ
    • সোণপখিলী

অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুন তাৰিখে ভাৰত চৰকাৰে আগৰৱালাৰ এটা স্মৃতিৰক্ষামূলক এটা ডাকটিকট মুকলি কৰে। এই টিকটটোৰ মূল্য পাঁচ টকা।

  • ভগৎ সিং ৰ জীৱনী
  • ড০ ভীমৰাও আম্বেদকাৰ জীৱন
  • নেতাজী সুভাষ চন্দ্ৰ বসু
  • মুকুতিৰ মহানায়ক নেলছন মেণ্ডেলাৰ জীৱনী
  • ভূপেন হাজৰিকাৰ জীৱনী
  • উধাম সিং জীৱন পৰিচয়
  • নােবেল বঁটা বিজয়ী অমর্ত্য সেন
PENDING...................................................