হৃদয়ৰ আহ্বান-3
: ছোৱালীজনী ইমানপৰে ঘৰলৈ অহা নাই.... এই নীলাভক মই আজি ভীষণ বেয়াকৈ ক'ম। কি দৰকাৰত সি মোৰ ছোৱালীজনীক এনেদৰে স্কুলৰ পৰা বাহিৰে বাহিৰেই ফুৰাবলৈ লৈ যায় ... কি অধিকাৰ আছে তাৰ ?? নাই বহুত হ'ল। আজিৰ পৰা নীলাভে যাতে মোৰ ছোৱালীজনীৰ সৈতে কোনো দেখা সাক্ষাটো নকৰে সেই লৈ সচকিত কৰি থ'ম....।
মনৰ ভিতৰতেই কথাবোৰ বুৰবুৰাই আছে অৰুণীমায়ে। পখিলাক লৈয়ে ওৰেটো জীৱন কটোৱাৰ কথা ভৱা অৰুণীমাৰ জীৱনলৈ অন্য কোনোৱেই যেন প্ৰৱেশ কৰিব নোৱাৰে সেই ভাবিয়েই হৃদয়ৰ প্ৰতিখন দুৱাৰ খুন্দি খুন্দি বন্ধ কৰি ৰাখিছে। সেই দুৱাৰ খোলাৰ কাৰোৰে সাহস নথকা স্বত্বেও কিয় নীলাভে দুৰ্বাৰ সাহস দেখাই এই বন্ধ দুৱাৰ মুকলাব খুজিছে তাই ঠিক বুজি পোৱা নাই।
কি আছে তাইৰ ওচৰত ?? নীলাভে কি বিচাৰি পায় তাইৰ কাষত ?? এগৰাকী সন্তান থকা বিধৱা নাৰীৰ হাততনো কি থাকে দিবলৈ ?? প্ৰেম !! সেইয়া কেনেকৈ সম্ভৱ হ'ব ?? বয়সত সৰু নীলাভৰ লগত প্ৰেম কৰি তাই তাৰ জীৱনটো ধ্বংস কৰাহে হ'ব । নাই তাই ইমান স্বাৰ্থপৰ নহয়... হ'ব নোৱাৰে। নীলাভৰ দুচকুত ফুটি উঠা তাইৰ প্ৰতি যি হাবিয়াস সেইয়া তাই দেখিও নেদেখাৰ অভিনয় কৰাটো বেয়া হোৱা নাই... বৰঞ্চ ভালেই হৈছে, তাৰ কাৰণে।
কথাবোৰ ভাৱি ভাৱিয়েই এপৰ হ'ল। নাই এতিয়ালৈকে পখিলা আৰু নীলাভৰ দেখা সাক্ষ্যতেই নাই যে !! মনটোকে পাতলক বুলি বাহিৰলৈ ওলাই আহিল অৰুণীমা। ৰছীৰে যোৰা দিয়া ভঙা জপনা খনতে আঁউজি একান্তমনে দূৰলৈ চাই পঠিয়াইছে।
নাই এনেদৰে নহ'ব । এইবুলি ভাৱিয়েই অনিচ্ছা স্বত্বেও নীলাভলৈ ফোন এটা কৰিলে তাই। পুৰণি তাইৰ চিনাকি গান এটাৰে ফোনটো বাজি উঠিল। প্ৰত্যুত্তৰত মাত আহিল....
: কোৱা ...
: কোৱা !! ক'ত আছা তোমালোক ?? সোনকালে ছোৱালীজনী থৈ নোযোৱাহি কিয় ?? কিমান বাৰ কওঁ মই তোমাক যে মোৰ পখিলাৰ পৰা আঁতৰত থাকিবা বুলি। বহুত হ'ল আৰু আজিয়েই শেষ । আজিৰ পৰা কোনোদিনায়েই মোৰ ছোৱালীজনীক লগ কৰিবলৈ চেষ্টা নকৰিবা।
: কি কৈ আছা তুমি এইবোৰ ??
: অভিনয় নকৰিবা নীলাভ। বহুত দেৰি হ'ল পখিলাক লৈ ঘৰলৈ আহা।
: মই অভিনয় কৰা নাই অৰুণীমা। মোৰ ওচৰত পখিলা নাই। সেইদিনা তুমি মোক গুচি আহিবলৈ কোৱাৰ পৰা মইচোন তাইক আৰু লগেই কৰা নাই ।
অৰুণীমাৰ বুকুখনে প্ৰচণ্ড জোৰত গাজনী এটা মাৰিলে। আচন্দ্ৰই কৰিব খোঁজা মূৰটো কোনোমতে চম্ভালি তাই পখিলাক বিচাৰি দৌৰি ওলাই গ'ল।
: অৰুণীমা ... অৰুণীমা শুনিছা ... মই গৈ আছোঁ অৰুণীমা...
ফোনটো তেনেকৈয়ে লাগি থাকিল। নীলাভ আহি পোৱালৈ অৰুণীমা গুচি গৈছিল ৰাস্তালৈ ওলাই। পিছত অৱশ্যে সি তাইক বিচাৰি উলিয়াইছিল।
: ৰ'বাচোন কন্দা কটা খন নকৰিবা। পখিলা ঠিকেই আছে। আমি তাইক বিচাৰি উলিয়াম।
: পখিলা ... মোৰ পখিলাজনী ক'ত গ'ল অ'.....
কান্দি কাটি ব্যাকুল হৈ পৰিল অৰুণীমা। হৃদয়ৰ এফাল সৌ তাহানিতেই নিয়তিয়ে ছিঙি নিলে এতিয়া যদি পুনৰ সেই অধ্যায়েই ঘূৰি আহে তাইৰ জীৱনলৈ....। বুকুখন কিবা গধুৰ হৈ ওলমি থকাৰ দৰে লাগিল। দুচকুৰে নিগৰি ওলাই আহিল উত্তপ্ত জলৰাশি, তাহানিৰ অভিশপ্ত কথাবোৰে আকৌ এবাৰ খুন্দিয়াই থৈ গ'ল অৰুণীমাক। অন্ধকাৰে গ্ৰাস কৰা পৃথিৱীত অৰুণীমা আৰু নীলাভে পখিলাক বিচাৰি গোটেইখন ঘূৰি ফুৰিল।
আগলৈ .....