Type Here to Get Search Results !

Golpo_story_গল্প_হৃদয়ৰ আহ্বান-4



হৃদয়ৰ আহ্বান-4
: পখিলাৰ অবিহনে মই জীয়াই থকাটোৱেই টান হৈ পৰিছে নীলাভ। তাইক বিচাৰি আনা...
: বিচাৰি আনিম অৰুণীমা তুমি নিচিন্ত থাকা...
: তাই কিদৰে আছে , কি খাইছে উঃ ... বুকুখন বিষাই ভাবিলেই। তুমি তাইক মোৰ ওচৰলৈ লৈ অনা নীলাভ.. মই নোৱাৰো জীয়াই থাকিবলৈ...
: যেই তেই কথা কৈ নাথাকিবা ... মই আছোঁ নহয়.. বিচাৰি উলিয়াম ।
শ্বাসৰুদ্ধ হৈ পৰিছে অৰুণীমাৰ বুকুখন ... দুখত জৰ্জৰিত হৈ পৰা এটা ভগ্ন অনুভৱক কঢ়িয়াই লৈ হাবাথুৰি খাইছে কণমানি পখিলাক বিচাৰি। ক'ত আছে তাই... কি খাইছে... কন্দা কটা কৰি আছে নেকি... এইবোৰৰ দৰে এশ এবুৰি প্ৰশ্নই আহি কলিজাত খুন্দা মাৰিছেহি। মিছা ক'ব নোৱাৰে তাই এইমুহূৰ্তত যদি নীলাভ নাথাকিলে হয় তাইৰ কাষত তেতিয়া হয়তো চিৰদিনলৈ হেৰাই গ'ল হয় অৰুণীমা ... পাগলী হৈ ঘূৰি ফুৰিলেহেঁতেন ....।
: অৰুণীমা... অৰুণীমা ...
একানপতিয়া হৈ ভাৱি থকা অৰুণীমাক জোকাৰি দিলে নীলাভে ।
: হা...
: তোমাৰ বাৰু কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি ??
: কাৰ ওপৰত সন্দেহ কৰিম নীলাভ ... এই পৃথিৱীত আপোন বুলিবলৈ মোৰ কোনো নাই.. সকলোৱেইচোন পৰ..
: পৰ হ'লেও শত্ৰু হ'ব নোৱাৰে... তুমি ভাবাচোন...
: নীলাভ ..
: কোৱা..
: হয় মই এজন মানুহক চিনি পাওঁ ... সেইদিনা বাদাম দিওঁতে তেওঁ মোক অশ্লীল ইংগিত দিছিল কিন্তু মই খং কৰাত তেওঁ মুখৰ ভিতৰতেই কিবা বিৰবিৰাই আঁতৰি গৈছিল... হয়তো তেওঁৱেই...
: কিন্তু তেওঁ তোমাৰ ছোৱালীজনীক চিনি পায় জানো ??
: তেওঁ প্ৰায়েই মোৰ দোকানৰ সন্মুখত আহি ৰৈ থাকিছিলেহি ... এদিন পখিলাক লৈ যাওঁতে তেওঁ দেখিছিল ...
: ঠিক কৈছা অৰুণীমা... তেওঁৱেই পখিলাক লৈ গ'ল হয়তো...
নীলাভে বহাৰ পৰা একেজাপে উঠিয়েই কথাষাৰ ক'লে।
: ক'ত যোৱা তুমি ??
: মানুহটোক বিচাৰি ....
: মানুহটোক এতিয়া ক'ত বিচাৰি পাবা ??
: পৃথিৱীখন গোলাকাৰ বুলি নাজানা নেকি অৰুণীমা... মই আহিছোঁ...
অৰুণীমা ৰ ওচৰৰ পৰা নীলাভ বেগাই গুচি গ'লগৈ। অৰুণীমাৰ দুচকুত ফুটি উঠিল উৎকণ্ঠাৰ প্ৰত্যাশা।
নীলাভ গৈ অৰুণীমাৰ দোকানৰ ওচৰ পালেগৈ। এজন দুজন মানুহক সোধাৰ পিছত মানুহজনৰ ঘৰৰ ঠিকনা বিচাৰি পালে। নীলাভে অতি সোনকালে ঘৰৰ ঠিকনাত গৈ উপস্থিত হ'লগৈ। ঘৰৰ দুৱাৰত টোকৰ মৰাত দুৱাৰখন খুলি দিলে মহিলা এগৰাকীয়ে। মানুহজনে তেতিয়া চকীত বহি সুৰাপান কৰি আছিল। নীলাভক দেখি খপ জপ কৰি উঠি বহিল।
নীলাভ মানুহজনৰ ওচৰ চাপি গ'ল। মানুহজন সেই ঠাইৰ পৰা পলাব খোজোঁতেই নীলাভে তাক ঠাপ মাৰি ধৰি ৰাখিলে।
: ক'বিনে পখিলা ক'ত ??
নীলাভৰ মাত শুনি বন্ধ কোঠা এটাৰ পৰা সৰু ছোৱালী এজনীৰ মাত ওলাই আহিল।
: মই ইয়াত আছোঁ .... ইয়ালৈ আহা..
নীলাভ দুৱাৰখনৰ ওচৰলৈ আগুৱাই গ'ল।
আগলৈ....