Type Here to Get Search Results !

চুৰায়ে ইয়াছিনৰ ফজিলত ও বৰকত (Assamese)

চুৰায়ে ইয়াছিনৰ ফজিলত ও বৰকত (Assamese)
চুৰায়ে ইয়াছিনৰ ফজিলত ও বৰকত (Assamese)




✍️✍️
শ্বেহাব উদ্দীন ।

   ছাত্ৰ জামীয়া

 চুৰায়ে ইয়াছিনৰ ফজিলত ও বৰকত

ফজিলত

 হজৰত আনছ ( ৰাঃ ) ৰ পৰা বর্ণিত , নবী কৰিম ( ছঃ ) য়ে ফৰ্মাইছে- সকলো বস্তুৰ দিল আছে আৰু কুৰআনৰ দিল হৈছে চুৰায়ে ইয়াছিন । যিজনে চুৰায়ে ইয়াছিন তিলাৱত কৰিব সেই তিলাৱতৰ পৰিৱৰ্তে দহবাৰ কুৰআন পাক তিলাৱত কৰাৰ ছোৱাব ছোৱাব লিখা হয় ।

 হজৰত আব্দুল্লাহ বিন আব্বাছ ( ৰাঃ ) ৰ বৰ্ণিত , ৰছুলুল্লাহ ( ছঃ ) য়ে ফমাইছে- যি ব্যক্তিয়ে জুম্মাৰ দিনত চুৰায়ে ইয়াছিন শ্বৰীফ আৰু তাৰ পিছত চুৰায়ে ছাফ্ফাত পঢ়ি আল্লাহৰ ওচৰত দোয়া কৰে তেওঁৰ দোৱা আল্লাহ তা'লাই সোনকালে কবুল কৰে আৰু যি বস্তু বিচাৰে আল্লাই তেওঁক দান কৰে । উল্লেখনীয় যে , চুৰায়ে ইয়াছিন জুম্মাৰ ৰাতি তিলাৱত কৰাজনক আল্লাই মাফ কৰি দিয়াৰ ওৱাদা কৰিছে ।

 হজৰত আবু হুৰাইৰাহ ( ৰাঃ ) ৰ পৰা বৰ্ণিত , ৰছুলুল্লাহ ( ছঃ ) য়ে ফৰ্মাইছে- যিজনে জুম্মাৰ ৰাতি চুৰায়ে ইয়াছিন পাঠ কৰিব আল্লাই তেওঁক মাফ কৰি দিব ।

 বৰকত 

হজৰত আলী ( ৰাঃ ) ৰ পৰা বৰ্ণিত , হুজুৰ ( ছঃ ) য়ে ফৰমাইছে- হে আলী ! চুৰায়ে ইয়াছিন বেছি বেছিকৈ পঢ়া , তাৰ মাজত দহটা বৰকত আছে ।

 ( ১ ) ভোকলগা ব্যক্তিয়ে যদি ভোক দূৰ কৰিবলৈ চুৰায়ে ইয়াছিল তিলাৱত কৰে , তেওঁৰ ভোক দূৰ হৈ যাব ।

 ( ২ ) পিয়াহ লগা ব্যক্তিয়ে যদি পিয়াহ দূৰ কৰিবলৈ চুৰায়ে ইয়াছিন তিলাৱত কৰে , তেওঁৰ পিয়াহ দূৰ হৈ যাব ।

 ( ৩ ) অভাৱগ্ৰস্ত মানুহে চুৰায়ে ইয়াছিন তিলাৱত কৰিলে আভাৱ - অনাটন দূৰ হৈ যাব ।

 ( ৪ ) পুৰুষ - মহিলা উভয়ে যদি বিবাহৰ বাবে চুৰায়ে ইয়াছিন তিলাৱত কৰে আল্লাই আশা পূৰণ কৰি দিব ।

 ( ৫ ) যদি কোনো মানুহৰ অন্তৰত ভয়ভাৱ জন্ম হৈ থাকে , চুৰায়ে ইয়াছিন তিলাৱত কৰিলে ভয় দূৰ হৈ যাব । 

( ৬ ) বেমাৰী ব্যক্তিয়ে যদি চুৰায়ে ইয়াছিন তিলাৱত কৰে বেমাৰ দূৰ হৈ পৰিব ।

 ( ৭ ) কোনো মানুহ যদি জেলত থাকে , মুক্তি পাবলৈ চুৰায়ে ইয়াছিন তিলাৱত কৰিলে আল্লাহ পাকে তেওঁক মুক্ত কৰি দিব ।

 ( ৮ ) মুছাফিৰ ব্যক্তিয়ে যদি ভ্ৰমণৰ অৱস্থাত চুৰায়ে ইয়াছিন পঢ়ে , তেন্তে ছফৰ সহজ হৈ যাব । 

( ৯ )  চিন্তিত ব্যক্তিয়ে চুৰায়ে ইয়াছিন পাঠ কৰিলে চিন্তা দূৰ হৈ যাব ।

 ( ১০ ) যদি কোনো বস্তু হেৰাই যায় চুৰায়ে ইয়াছিন পঢ়িলে হেৰাই যোৱা বস্তু পাই যাব । 

সেই কাৰণেই চুৰায়ে ইয়াছিন ৰাতিপুৱা বা সন্ধিয়া একবাৰ পঢ়িব লাগে আৰু যদি পঢ়িব নোৱাৰে তেনেহলে কমপক্ষে এবাৰ হ'লেও পঢ়া উত্তম । আল্লাহ পাকে আমি সকলোকে আমল কৰাৰ তৌফিক দান কৰক- আমীন ।