Type Here to Get Search Results !

The world's diverse facts পৃথিৱীৰ বিচিত্ৰ তথ্য





পৃথিৱীৰ বিচিত্ৰ তথ্য

১) প্ৰশ্ন : কোনখন সাগৰত জাহাজ চলাচল নকৰে?
উত্তৰ : চাৰগোজা সাগৰত, কাৰণ সাগৰীয় উদ্ভিদ বৰ বেছি।
২) প্ৰশ্ন : ক’ত প্ৰথমে বাৰুদ আৱিষ্কাৰ কৰা হয়?
উত্তৰ : চীন দেশত।
৩) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত পাগল সংখ্যা কোন দেশত বেছি?
উত্তৰ : ব্ৰহ্মদেশত।
৪) প্ৰশ্ন : জীৱ হত্যা ক’ত বেছি হয়?
উত্তৰ : চিকাগো চহৰত।
৫) প্ৰশ্ন : সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থ কোন খন?
উত্তৰ : বাইবেল।
৬) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ অধিক মূল্যৰ বেহেলা ক’ত আছে?
উত্তৰ : নিউয়ৰ্কত।
৭) প্ৰশ্ন : পৃথিৱীৰ ক’ত নাৰী চিকিৎসকৰ সংখ্যা অধিক?
উত্তৰ : ছোভিয়েট ৰাছিয়াত।
৮) প্ৰশ্ন : সাগৰৰ সৰ্বাধিক গভীৰতা ক’ত আছে?
উত্তৰ ৩৫,৪০০ ফুট গভীৰ।
৯) প্ৰশ্ন : প্ৰথম মহাযুদ্ধৰ অস্ত্ৰ কি আছিল?
উত্তৰ : টেঙ্ক।
১০) প্ৰশ্ন : দ্বিতীয় মহাযুদ্ধৰ অস্ত্ৰ কি আছিল?
উত্তৰ : বোমাৰু বিমান।
১১) প্ৰশ্ন : আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনৰ নাম কি?
উত্তৰ : হোৱাইট হাউচ।
১২) প্ৰশ্ন : লণ্ডনৰ পাৰ্লামেণ্ট ভৱনৰ নাম কি?
উত্তৰ : হোৱাইট হল।
১৩) প্ৰশ্ন : বিশ্বৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী কোন?
উত্তৰ : শ্ৰী মতী বন্দৰ নায়েক। শ্ৰীলংকা।
১৪) প্ৰশ্ন : আটাইতকৈ মূল্যবান ঘড়ী কোনে ব্যৱহাৰ কৰে?
উত্তৰ : মহামান্য পোপ।
১৫) প্ৰশ্ন : বিশ্বৰ প্ৰকাশিত বাতৰি কাকতৰ সংখ্যা কিমান?
উত্তৰ : প্ৰায় ১ লাখৰো অধিক।
১৬) প্ৰশ্ন : মুকুতা ক’ত পোৱা যায়?
উত্তৰ : সামুদ্ৰিক শামুকত।
১৭) প্ৰশ্ন : প্ৰথমে ক’ত চাহৰ প্ৰচলন হয়?
উত্তৰ : চীন দেশত।
১৮) প্ৰশ্ন : কোন দেশত কাউৰী নাই?
উত্তৰ : লাক্ষা দ্বীপত।
১৯) প্ৰশ্ন : পৃথিৱীৰ কোন ঠাইত প্ৰথম মটৰ দুৰ্ঘটনা ঘটিছিল?
উত্তৰ : লণ্ডন চহৰত। ১৮৯৬ চনৰ ১০ আগষ্টত।
২০) প্ৰশ্ন : দিনৰ ভাগত কেতিয়া নক্ষত্ৰ দেখা পোৱা যায়?
উত্তৰ : পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত।
২১) প্ৰশ্ন : কোন দেশত ৰাতি ৰামধেনু দেখা পোৱা যায়?
উত্তৰ : হাওৱাই দ্বীপত।
২২) প্ৰশ্ন : পৃথিৱীত ডাক টিকতৰ জন্ম কোনে দিছিল?
উত্তৰ : ইংলেণ্ডৰ চাৰ ৰোলাণ্ড-এ। ১৮৪০ চনৰ ৬ জানুৱাৰীত।
২৩) প্ৰশ্ন : চীনৰ বিপ্লৱ কেতিয়া হৈছিল?
উত্তৰ : ১৯১১ চনত।
২৪) প্ৰশ্ন : পৃথিৱীৰ ইতিহাসত আটাইতকৈ বোমা বিস্ফোৰণ ক’ত হৈছিল?
উত্তৰ : ইৰাক চহৰত।
২৫) প্ৰশ্ন : প্ৰথম বিশ্বশান্তি সন্মিলন ক’ত অনুষ্ঠিত হয়?
উত্তৰ : চানফ্ৰান্সিচকোত; ১৯৪৫ চনৰ ২৫ এপ্ৰিলত।
২৬) প্ৰশ্ন : ইংলেণ্ডৰ কোন ৰাণীয়ে জ্বা দিন ৰাজত্ব কৰাৰ পাছত প্ৰাণদণ্ডেৰে দণ্ডিত হয়?
উত্তৰ : লেডি জন গ্ৰে।
২৭) প্ৰশ্ন : পৃথিৱীৰ কোন ঠাইত প্ৰথমে চেৰিটেৱল ডিচপেন্সাৰী খোলা হয়?
উত্তৰ : লণ্ডনত, ১৭৭০ চনত।
২৮) প্ৰশ্ন : চুয়েজ খাল কেতিয়া খোলা হয়?
উত্তৰ : ১৮৬১ চনৰ ৭ নৱেম্বৰত।
২৯) প্ৰশ্ন : ইউৰোপৰ কোন দেশত মুদ্ৰা নাই?
উত্তৰ : আলবেনিয়াত।
৩০) প্ৰশ্ন : শ্যেক্সপীয়েৰৰ ছদ্মনাম কি?
উত্তৰ : বাৰ্ড অৱ এভন।
৩১) প্ৰশ্ন : পৃথিৱী কি?
উত্তৰ : পৃথিৱী এটি গ্ৰহ।
৩২) প্ৰশ্ন : পৃথিৱীৰ আয়তন কিমান?
উত্তৰ : প্ৰায় ১৯ কোটি ৭ লাখ বৰ্গ মাইল।
৩৩) প্ৰশ্ন : পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব কিমান?
উত্তৰ : ২ কোটি ৩৯ হেজাৰ মাইল।
৩৪) প্ৰশ্ন : পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব কিমান?
উত্তৰ : ৯ কোটি ৩০ লাখ মাইল।
৩৫) প্ৰশ্ন : ভাৰতৰ প্ৰথম বিশ্ব সুন্দৰী কোন?
উত্তৰ : শ্ৰীমতী ৰীতা ফিৰিয়া, ১৯৬৬ চন।
৩৬) প্ৰশ্ন : পানামা খাল কোনে সাঁতুৰি পাৰ হয়?
উত্তৰ : মিহিৰ সেন।
৩৭) প্ৰশ্ন : ষ্টেলিন পুৰষ্কাৰ কোনে পাইছিল?
উত্তৰ : ড° চফিউদ্দিন কিচলু।
৩৮) প্ৰশ্ন : ভিক্টোৰিয়া পুৰষ্কাৰ কোনে লাভ কৰে?
উত্তৰ : নায়েক খুজাদাদা খান।
৩৯) প্ৰশ্ন : বিদেশী ৰাজ্যৰ প্ৰধান সেনাপতি কোন?
উত্তৰ : কৰ্ণেল সুৰেশ বিশ্বাস। (ব্ৰাজিল)।
৪০) প্ৰশ্ন : পদাৰ্থ বিদ্যাত কোনে নোবেল পুৰষ্কাৰ লাভ কৰে?
উত্তৰ : ড° চন্দ্ৰশেখৰ ভেঙ্কট ৰমন। (১৯৩০ চন)।
৪১) প্ৰশ্ন : কোন গছে আটাইতকৈ বেছি ফল দিয়ে?
উত্তৰ : নাচপতি গছ। এই গছে প্ৰায় ৩০০ বছৰ ধৰি ফল দিয়ে।
৪২) প্ৰশ্ন : পৃথিৱীত আটাইতকৈ ডাঙৰ দুৰ্ঘটনা ক’ত হৈছিল?
উত্তৰ : টাইটানিক জাহাজ ডুবি যোৱা ঘটনা। ১৯১২ চনৰ ২৪ এপ্ৰিলত আটলাণ্টিক মহাসাগৰত বৰফৰ টুকুৰাত খুন্দা খাই জাহাজ খন ডুবি যোৱাত শ শ লোকৰ মৃত্যু হয়।
৪৩) প্ৰশ্ন : পৃথিৱীৰ ক’ত ৬ মাহ দিন আৰু ৬ মাহ ৰাতি হৈ থাকে?
উত্তৰ : মেৰু প্ৰদেশৰ তুন্দ্ৰা অঞ্চলত।
৪৪) প্ৰশ্ন : ডিস্কো শব্দৰ অৰ্থ কি?
উত্তৰ : যেতিয়া যেনেকুৱা।
৪৫) প্ৰশ্ন : পৃথিৱীৰ কোন ঠাইত ৩৬০ দিনেই বৰ্ষাকাল?
উত্তৰ : হাওৱাই দ্বীপৰ কাৰ্ডওৱাই অঞ্চলত।
৪৬) প্ৰশ্ন : পৃথিৱীৰ কোন দেশত জনসংখ্যা সৰ্বাধিক?
উত্তৰ : চীন দেশত।
৪৭) প্ৰশ্ন : পৃথিৱীৰ ক’ত কেতিয়া প্ৰথম যাত্ৰীবাহী ৰেলগাড়ী চলে?
উত্তৰ : ইংলেণ্ডত। ১৮৩৪ চনৰ ২১ ফেব্ৰুৱাৰীত ৭০ জন যাত্ৰী লৈ যাত্ৰা কৰিছিল।
৪৮) প্ৰশ্ন : পৃথিৱীৰ কোন অভিনেতাই সৰ্বাধিক সংখ্যক কথাছবিত অভিনয় কৰিছে?
উত্তৰ : ভাৰতী প্ৰেম নাজিৰ। তেওঁ ৭২৫ খনৰো অধিক কথাছবিত অভিনয় কৰিছে। জন্ম ১৯২১ চনত আৰু মৃত্যু ১৯৮৯ চনত।
৪৯) প্ৰশ্ন : সাগৰৰ মাজত বিমান বন্দৰ ক’ত আছে?
উত্তৰ : জাপানৰ ওচাকাত।
জানিবলগীয়া
১) প্ৰশ্ন : ৰামকৃষ্ণ মিছন কোনে, কেতিয়া প্ৰতিষ্ঠা কৰে?
উত্তৰ : স্বামী বিবেকান্দই, ১৮৯৭ চনৰ ৬ ফেব্ৰুৱাৰীত।
২) প্ৰশ্ন : পৃথিৱীৰ কোন দেশৰ একেজোপা গছত একেলগে ছয় ধৰণৰ ফল লাগে?
উত্তৰ : চাইপ্ৰাচ চিচ্‌কোৰ এজন লোকে বহুতো গছৰ কলম একত্ৰিত কৰি ৰোৱা এজোপা গছ।
৩) প্ৰশ্ন : কোন দেশত তিনি মহীয়া শিশুক সাঁতোৰ শিকোৱা হয়?
উত্তৰ : পশ্চিম জাৰ্মানীত।
৪) প্ৰশ্ন : আটাইতকৈ ডাঙৰ আৰু শক্তিশালী ৰাডাৰ কোন দেশত আৱিষ্কাৰ কৰে?
উত্তৰ : ৰাছিয়া।
৫) প্ৰশ্ন : মানুহে কোনবিধ তৰল খাদ্য খাই গোটেই জীৱন বাচি থাকিব পাৰে?
উত্তৰ : গাখীৰ।
৬) প্ৰশ্ন : কোন দেশত কঁঠাল গছত খেজুৰৰ ৰস পোৱা যায়?
উত্তৰ : বাংলাদেশৰ মকবুল মিয়াৰ কঁঠাল গছত।
৭) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ ওখ আৰু বিখ্যাত গছ কোনটো?
উত্তৰ : কিলিফোৰ্ণিয়া গহ (আমেৰিকা)। ৫৬০ ফুট ওখ গছ জোপাৰ বয়স প্ৰায় এহেজাৰ বছৰ।
৮) প্ৰশ্ন : মাংসাহাৰী গছ ক’ত আছে?
উত্তৰ : আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ কিছুমান অঞ্চলত এবিধ গছ আছে, যিবোৰে পশু – পক্ষী খায়।
৯) প্ৰশ্ন : বৰষুণ দিয়া গছ ক’ত আছে?
উত্তৰ : দক্ষিণ আফ্ৰিকাত এক ধৰণৰ গছ আছে, যিবোৰ গছৰ পৰা ৰ’দৰ তাপত বৰষুণৰ দৰে পানী সৰি থাকে।
১০) প্ৰশ্ন : দুগ্ধ বৃক্ষ কি আৰু ক’ত আছে?
উত্তৰ : আমেৰিকাত এবিধ গছ আছে, যিবোৰ গছৰ গুটি ফালি কাটি দিলে গাখীৰ ওলায়।
১১) প্ৰশ্ন : দিনৰ পোহৰৰ লগে লগে কি ফুলৰ ৰং সলনি হয়?
উত্তৰ : স্থল পদ্ম।
১২) প্ৰশ্ন : কোন দেশ নাৰী বৰ্জিত?
উত্তৰ : গ্ৰীচৰ এটি সৰু দ্বীপ, যাৰ নাম কেৰিচ এথোচ। পুৰুষ অধ্যুসিত এই ঠাইৰ আটাইবোৰ পুৰুষেই সন্যাসী।
১৩) প্ৰশ্ন : পৃথিৱীৰ কোন মছজিদ হিন্দু মন্দিৰ ৰুপে পৰিচিত?
উত্তৰ : কাশ্মীৰৰ বেগ মাধৱৰ ধ্বজা।
১৪) প্ৰশ্ন : গ্ৰেণ্ডট্ৰাঙ্ক ৰোড কাৰ আমোলত নিৰ্মিত?
উত্তৰ : ছেৰছাহৰ আমোলত। বাংলাদেশৰ পৰা পঞ্জাৱলৈকে তেওঁ যি প্ৰশস্ত পথ নিৰ্মাণ কৰাইছিল, সেইটোৰ নাম গ্ৰেণ্ডট্ৰাঙ্ক ৰোড।
১৫) প্ৰশ্ন : কোন প্ৰাণীয়ে সাঁতুৰি সাঁতুৰি পিছলৈ যায়?
উত্তৰ : আক্টোপাছ।
১৬) প্ৰশ্ন : কোন বিদেশী মহিলাই সৰ্বপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ : উত্তৰ আয়াৰলেণ্ডৰ মিচ মাৰ্গাৰেট নোবেল। তেওঁ স্বামী বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। পাছত তেওঁৰ নাম হয়গৈ ভগিনী নিবেদিতা।
১৭) প্ৰশ্ন : কোন চৰায়ে উৰি যাওঁতে কণী পাৰে?
উত্তৰ : হোমা চৰায়ে।
১৮) প্ৰশ্ন : কোন চৰায়ে বালি, শিল আদিৰ সহায়ত বাহ সাজে?
উত্তৰ : অষ্ট্ৰেলিয়াৰ মেগাপোড চৰায়ে।
১৯) প্ৰশ্ন : কোন চৰাইৰ মাত কুকুৰৰ নিচিনা?
উত্তৰ : দক্ষিণ আমেৰিকাৰ চিলি অঞ্চলৰ গভীৰ অৰণ্যত থকা গাইড নামৰ এবিধ চৰাই।
২০) প্ৰশ্ন : কোন চৰায়ে ফুলেৰে বাস সাজে?
উত্তৰ : নিউগিনিৰ অৰণ্যত থকা মালী চৰাই। ইঁহতে জুপুৰি ঘৰৰ দৰে ঘৰ সাজে আৰু সন্মুখভাগত ৰঙীণ ফুল আৰু শামুকৰ খোলেৰে ঘৰ সাজে।
২১) প্ৰশ্ন : কোন সাপে গৈ থাকোতে ঝুম ঝুমকৈ শব্দ কৰে?
উত্তৰ : দক্ষিণ আমেৰিকাৰ ৰেটল স্নেক।
২২) প্ৰশ্ন : কোন গছৰ ফলে পোহৰ দিয়ে?
উত্তৰ : ফিলিপাইন দ্বীপপুঞ্জৰ বাংগিলুচ বেংগ গছৰ একো একোটা ফলে ১৫ মিনিটকৈ পোহৰ দিয়ে।
২৩) প্ৰশ্ন : মনুষ্য কম্পিউটাৰ কোন?
উত্তৰ : ভাৰতৰ শকুন্তলা দেৱী।
২৪) প্ৰশ্ন : কোন সাম্ৰাজ্য নীলামত বিক্ৰী হৈছিল?
উত্তৰ : ১৯৩ খ্ৰীঃত পেটিনেক্সৰ মৃত্যুৰ পাছত ৰোম সাম্ৰাজ্যক নীলামত বিক্ৰী কৰা হৈছিল।
২৫) প্ৰশ্ন : কোন ৰাণীয়ে নিজৰ স্বামী পুত্ৰক হত্যা কৰি সিংহাসন দখল কৰে?
উত্তৰ : ৰাছিয়াৰ ৰাণী কেথৰিন দি গ্ৰেট নামৰ ৰাণীয়ে এই কাম কৰিছিল।
২৬) প্ৰশ্ন : কোন ৰজাই শাস্তি দিবলৈ গৈ অপৰাধী জোতা খুৱাইছিল?
উত্তৰ : স্পেইনৰ ৰজা দ্বিতীয় ফিলিপচ। ৰজাৰ জোতা সৰু কৰাৰ অপৰাধত সেই মিস্ত্ৰীক জোতা খাবলৈ বাধ্য কৰিছিল।
২৭) প্ৰশ্ন : হাত আৰু ভৰিত জ্জটাকৈ আঙুলি থকা মানুহ ক’ত আছে?
উত্তৰ : স্পেইনৰ মাদ্ৰিদ চহৰৰ কিছু দূৰত থকা ফেৰ তৰাডিবুই ট্ৰাগো নামৰ গাঁৱত।
২৮) প্ৰশ্ন : কোন নদীত মাছ নাই?
উত্তৰ : জৰ্ডান নদীত।
২৯) প্ৰশ্ন : ময়ুৰৰ নেজত কেইটা পাখি আছে?
উত্তৰ : ১৮ টা।
৩০) প্ৰশ্ন : কোন ঠাইৰ মহিলাই বিয়াৰ আগলৈকে গছৰ ওপৰত ৰাতি কটায়?
উত্তৰ : নিউ গায়নাৰ মহিলাই বিয়াৰ আগলৈকে গছৰ ওপৰত ঘৰ সাজি সমবেত হৈ বাস কৰে।
৩১) প্ৰশ্ন : কোন ঠাইৰ মানিহে অকল সুহুৰি বজাই কথা-বতৰাৰ কাম চলায়?
উত্তৰ : কেনাৰী দ্বীপপুঞ্জৰ অধিবাসী সকলে।
৩২) প্ৰশ্ন : কোন ঠাইৰ জন্তুৰ ৰং বগা?
উত্তৰ : মেৰু প্ৰদেশৰ।
৩৩) প্ৰশ্ন : তাজমহলৰ উচ্চতা কিমান?
উত্তৰ : ১৭৮ ফুট।
৩৪) প্ৰশ্ন : চাৰমিনাৰৰ উচ্চতা কিমান?
উত্তৰ : ১৮৬ ফুট।
৩৫) প্ৰশ্ন : ভিক্টোৰিয়া মেমোৰিয়েলৰ উচ্চতা কিমান?
উত্তৰ : ১৮২ ফুট।
৩৬) প্ৰশ্ন : কাঞ্চনজঙ্ঘাৰ উচ্চতা কিমান?
উত্তৰ : ২৮,২০৮ ফুট।
৩৭) প্ৰশ্ন : তাজমহলৰ প্ৰধান কাৰিকৰ জনৰ নাম কি?
উত্তৰ : ওস্তাদ ঈশা।
৩৮) প্ৰশ্ন : বিহাৰৰ শোন ব্ৰীজৰ দৈৰ্ঘ্য কিমান?
উত্তৰ : ১০,০৫২ ফুট।
৩৯) প্ৰশ্ন : পুৰীৰ জগন্নাথ মন্দিৰৰ উচ্চতা কিমান?
উত্তৰ : ১৪২ ফুট।
৪০) প্ৰশ্ন : শ্বহীদ মিনাৰৰ উচ্চতা কিমান?
উত্তৰ : ১৫২ ফুট।
৪১) প্ৰশ্ন : কুতুব মিনাৰৰ উচ্চতা কিমান?
উত্তৰ : ২৮৮ ফুট।
৪২) প্ৰশ্ন : কোন দেশত কৰ নাই, সৈন্য নাই, পুলিচ নাই?
উত্তৰ : এণ্ডোৰা।
৪৩) প্ৰশ্ন : কোন দেশৰ মানুহে মাটিৰ বাহিৰে আন একোকে নাখায়?
উত্তৰ : আফ্ৰিকাৰ আদিবাসী সকলে নীলনদীৰ মাটি পুৰি খায়।
৪৪) প্ৰ্শ্ন : গছৰ ওপৰত কোন ঠাইৰ মানুহে বাস কৰে?
উত্তৰ : আফ্ৰিকাৰ নপুৱান সকলে।
৪৫) প্ৰশ্ন : পৃথিৱীৰ প্ৰথম চিৰিয়াখানা কোনে আৰম্ভ কৰিছিল?
উত্তৰ : ১১৫০ চনত চীনৰ এজন ৰজাই প্ৰথম এখনি ব্যক্তিগত চিৰিয়াখানা প্ৰতিষ্ঠা কৰিছিল। ১৭৯৩ চনতহে পেৰিচত ৰাজহুৱা চিৰিয়াখানা প্ৰতিষ্ঠা হয়।
৪৬) প্ৰশ্ন : কোন মহিলাই বিশ্বৰ ভিতৰতে সৰ্বাধিক উপাধি লাভ কৰিছে?
উত্তৰ : বৃটেইনৰ ৰাণী ভিক্টোৰিয়া।
৪৭) প্ৰশ্ন : কোন পশুৱে পানী নেখায়?
উত্তৰ : আফ্ৰিকাত কৃষ্ণমৃগ।
৪৮) প্ৰশ্ন : ইলেক্‌ট্ৰিক মাছ কি?
উত্তৰ : গভীৰ সমুদ্ৰত ইল নামৰ সাপৰ আকৃতিৰ এবিধ মাছ আছে। ইহঁতৰ শৰীৰৰ পৰা বৈদ্যুতিক শক্তি উৎপন্ন হয়।
৪৯) প্ৰশ্ন : কলিং মাছ কি?
উত্তৰ : আফ্ৰিকাৰ এবিধ মাছ – নাম ‘মোফিন’। এই মাছৰ মুখেৰে এনেকুৱা শব্দ ওলায় – যি শব্দ শুনাত কলিং বেলৰ শব্দৰ দৰে।
৫০) প্ৰশ্ন : কোন মাছে গছত বাহ সাজে?
উত্তৰ : স্পিডল মাছ। দেখাত কাৱৈ মাছৰ দৰে ইঁহতে পানীৰ কাষত থকা সৰু সৰু গছত শেলাই জাতীয় ঘাঁহেৰে বাহ সাজে আৰু কণী পাৰে।
৫১) প্ৰশ্ন : কোন জন্তুৱে চকু আৰু নাকেৰে নিঃশ্বাস এৰে?
উত্তৰ : হৰিণা।
৫২) প্ৰশ্ন : কোন প্ৰাণীৰ কোনো লি! পৰিচয় নাই আৰু চকুৰেও নেদেখে?
উত্তৰ : কেঁচু আৰু উই।
৫৩) প্ৰশ্ন : কোন প্ৰাণীয়ে মাটিত চলাচল কৰিব নোৱাৰে?
উত্তৰ : শ্লথ। চাৰিথেঙীয়া এইবিধ প্ৰাণীৰ দাঁত নাই। ইঁহতে গছৰ ডালত ওলমি থাকে।
৫৪) প্ৰশ্ন : কোন ঠাইত প্ৰত্যেক পৰিয়ালতে একোটাকৈ জীৱন্ত সাপ পুহি ৰখা হয়?
উত্তৰ : মহাৰাষ্ট্ৰৰ কোলাপুৰ জিলাৰ স্বেতপাৰ গাঁৱত।
৫৫) প্ৰশ্ন : কোন মন্দিৰত এন্দুৰক খোৱাই-বোৱাই ডাঙৰ কৰা হয়?
উত্তৰ : ৰাজস্থানৰ দেশনোক গাঁৱৰ মন্দিৰত।
৫৬) প্ৰশ্ন : কোল মাউচ কি?
উত্তৰ : এয়া এন্দুৰ নহয়, উত্তৰ আমেৰিকাৰ এক ধৰণৰ ক’লা বৰণৰ চৰাই।
৫৭) প্ৰশ্ন : ডাক বি (Duck Bill) কি?
উত্তৰ : অষ্ট্ৰেলিয়াৰ এবিধ চৰাই। ইঁহতে কণী পাৰে, অথচ পোৱালি বোৰক স্তন্যপান কৰায়।
৫৮) প্ৰশ্ন : কোন চৰায়ে মানুহৰ দৰে খোজকাঢ়ে?
উত্তৰ : পেঙ্গুইনে।
৫৯) প্ৰশ্ন : কোন চৰাইৰ ডেউকা নাই?
উত্তৰ : কিউ ই চৰাইৰ।
৬০) প্ৰশ্ন : দিগদৰ্শন গছ কি?
উত্তৰ : উত্তৰ আমেৰিকাৰ এবিধ গছ। এই গছৰ পাত আৰু ডাল সকলো সময়তে উত্তৰ ফালে থাকে।
৬১) প্ৰশ্ন : ভাৰতৰ প্ৰথম ভূ-পৰ্যটক কোন আছিল?
উত্তৰ : বিমল মুখাৰ্জী (১৯২৬)।
৬২) প্ৰশ্ন : কোন মাছে গাখীৰ দিয়ে আৰু কণীৰ পৰিৱৰ্তে পোৱালি দিয়ে?
উত্তৰ : তিমি মাছ।
৬৩) প্ৰশ্ন : কোন প্ৰাণীয়ে মুখেৰে পানী নেখায়?
উত্তৰ : ভেকুলীয়ে মুখেৰে পানী নেখায়, শৰীৰৰ ফুটাৰে পানী শুহি লয়।
৬৪) প্ৰশ্ন : কোন প্ৰাণীৰ গতিবেগ অতি বেছি?
উত্তৰ : মাখি। ঘণ্টাত ৫০০-৬০০ মাইল আৰু ঈগল ঘণ্টাত ১৭০-১৮০ মাইল যাব পাৰে।
৬৫) প্ৰশ্ন : ফাঁচী দিয়াৰ পাছতো কোন জীয়াই আছিল?
উত্তৰ : ফ্ৰান্সৰ পেৰিচত মাৰু ইচৰ ফেবাৰিচক কাউণ্টাৰ ৰিভিলিউশ্যানাৰী ৰুপে ফাঁচী দিয়া হয় আৰু মৃত বুলি ঘোষণা কৰি পৰিয়ালৰ হাতত তুলি দিয়া হয়। তাৰ পাছত হঠাতে তেওঁ চকু মেলি চায় আৰু জী উঠে। ১৭৯০ চনতহে তেওঁৰ মৃত্যু হয়।
৬৬) প্ৰশ্ন : কোনে লোহাৰ হাওঁফাওঁ লৈ জীয়াই আছে?
উত্তৰ : কেলিফৰ্ণিয়াৰ লাক্ৰেচেণ্টো নিবাসিনী লৰেলনেচিবটাই লোহাৰ কৃত্ৰিম হাওঁফাওঁৰ সহায়ত ১৯৪৮ চনৰ ১৯ জুনৰ পৰা জীয়াই আছে।
৬৭) প্ৰশ্ন : হৃদকম্পন বন্ধ হোৱাৰ পাছতো জীয়াই থকাৰ অভিলেখ কোনে সৃষ্টি কৰিছে?
উত্তৰ : কানাডাৰ ইউনিগেগ মেডিকেল চেণ্টাৰত ১৯৭৭ চনৰ ২ জানুৱাৰীত ৰুগ্ন কুমাৰী জীন জবোনৰ হৃদকম্পন ৩ ঘণ্টা ৩২ মিনিট সময় বন্ধ হৈ আছিল। সেই সময়ত ১৭ জন চিকিৎসকৰ অশেষ চেষ্টাৰ পাছত ৰোগী গৰাকী উঠিছিল।

✍️✍️✍️ Asim Ahmad