****ল'ৰা লি জীৱনটো আকৌ যদি ঘূৰাই পালোঁ হয়।******
-------------------------------------------------------------------------------
১) গধূলি মায়ে হাত-ভৰি ধুৱাই দিয়াৰ সময়ত এখন হাতেৰে মাৰ মূৰত ধৰি থাকো আৰু আনখন হাত নিজৰ ককালত থাকে, হাত-ভৰি ধোৱাই শেষ হোৱাৰ পাছত দুয়োটা ভৰি টিংটোত সোমোৱাই দিছিলো l
.
২) স্কুললৈ যাবলৈ বুলি সজাই পৰাই মুখখনত জোৰেৰে চেপি ধৰি চুলিখিনি তললৈ পেলাই চেপেটাকৈ ফনিয়াই দিছিল l
.
৩) ৰাতি চকুদুটা বন্ধ কৰি টোপনি যোৱাৰ ভাও ধৰিছিলো যাতে কোনোবা আহি কুলাত তুলি বিচনালৈ লৈ যায় l
৩) স্কুললৈ যাবৰ সময়ত মাক খুচৰি-খুচৰি মিঠা মিঠা কথা কৈ ৫ টকা এটা লওঁ, তাৰে ১টকা পেঞ্চিল আৰু ২ টকা চানা, মৰটন খাই বাকী থকা ২টকাটো ঘৰলৈ ঘূৰাই আনিবলৈ কৈছিল l
.
৪) পেঞ্চিলডাল চুটি হৈ যোৱাৰ বাবে কলমৰ মুখনিত সোমোৱাই পুনৰ ধৰিবলৈ সুবিধা কৰি লৈছিলো l
.
৫) পানী নিয়া বতলটোৰ মুখনিখনত কম্পাচেৰে দুই-তিনিটা ফুটা কৰি সেই ফুটাৰে পানী খাইছিলো l
.
৬) এইটো সত্য কথা কবই লাগিব যে ... ফলিখনত (চিলেট) আখৰ লিখি মোহাৰিবলৈ পানী নাপাই হাততে অলপ থু পেলাই ফলিখনৰ আখৰবোৰ মোহাৰি পেলাইছিলো l
.
৭) বাঁহৰ স্কেলডাল বেঞ্চত ঘহাই ঘহাই গৰম কৰি লৈ সমনীয়াৰ গাত লগাই দিছিলো , তাৰপাছত সেই স্কেলডালেৰে ছাৰৰ পৰা গৰম গৰম পূৰ্ণহতীয়া দুই-তিনিটা কুব খাইছিলো l
.
৮) সৰু কালৰ আটাইতকৈ নিৰাপদ বা সুৰক্ষিত বুলি ভবা ঠাইডোখৰেই আছিল দৰজাখনৰ চুকতো আৰু তাত লুকাইয়ে সকলোকে ভয় খোৱাইছিলো l
.
৯) শিলিখা, আমলখি লোৱাৰ সলনি সমনীয়াক পেঞ্চিল দিছিলো l
.
১০) গধুলী কিতাপৰ টেবুলত বহি টোপনি মাৰি থকা অৱস্থাত মায়ে দেখা পাই কানচেপা এটা দি ভাত খাবলৈ জগাই দিয়ে আৰু চকু কাণ মোহাৰি ভাতৰ টেবুলত বহোগৈ l
.
ঘপহকৈ কথাবোৰ ভাৱি মনটো ভাল লাগি যায়
.
লৰালিতে ৫ টকীয়া এটা কলমৰ বাবে ২ কিলোমিটাৰলৈকে দৌৰিছিলো,
নাজানো কিমান সৰু যেন লাগিছিল
সেই কলমটোৱেও আমাক বহুত দৌৰাইছিল
আজি বুজিব পাৰিছো যে,
আচলতে সেয়া কলম নাছিল
এটা চেলেঞ্জ আছিল l
কলমটো পাই কিমান যে আনন্দ পাইছিলোঁ,
সেয়া দোকানত পোৱা নাযায়...
কিজানি এয়াই জীৱনৰ প্ৰকৃত দৌৰ আছিল l
.
যেতিয়া সৰু আছিলো ডাঙৰ হোৱাৰ এটা সপোন আছিল
আৰু এতিয়া ডাঙৰ হৈ ল'ৰালি কালটো সপোন যেন লগা হ'ল l
Share if you really miss your childhood
