দেউতা সদায় পিছপৰি থাকে
মায়ে ৯ মাহ বহন কৰে , দেউতাই ২৫ বছৰ বহন
কৰে , দুয়ো সমান , তথাপিও নাজানো দেউতা
কিয় পিছ পৰি আছে ?
মায়ে বিনা বেতনে সংসাৰ চলায় , দেউতাই
নিজৰ সকলো দৰমহা পৰিয়ালৰ বাবে খৰচ কৰে ,
দুয়োৰে চেষ্টা সমান , তথাপিও নাজানো দেউতা
কিয় পিছ পৰি আছে ?
মায়ে যি লাগে তাকে আপোনাক ৰান্ধি খুৱায় ,
দেউতাই যি লাগে আপোনাক তাকে কিনি দিয়ে
কিন্তু মাকৰ মৰমক উচ্চ বুলি দেখুওৱা হয় ,
নাজানো দেউতা কিয় পিছ পৰি আছে ?
ৰঙীন শাৰী আৰু বহুতো শিশুৰ কাপোৰেৰে
আলমাৰী ভৰি থাকিব কিন্তু দেউতাৰ কাপোৰ
বহুত কম , নিজৰ প্ৰয়োজনৰ চিন্তা নকৰে ,
তথাপিও কিয় জানো দেউতা পিছ পৰি
আছে ?
মাৰ ওচৰত বহুত সোণৰ অলংকাৰ আছে ,
কিন্তু দেউতাৰ বিয়াত দিয়া আঙুঠি এটাই আছে ,
তাৰপিছতো মায়ে অলংকাৰ কম বুলি অভিযোগ
কৰিব পাৰে কিন্তু দেউতাই নকৰে , তথাপিও
নাজানো দেউতা কিয় পিছ পৰি আছে ?
দেউতাই গোটেই জীৱন কষ্ট কৰি নিজৰ
পৰিয়ালটো চোৱা-চিতা কৰে , কিন্তু যেতিয়া
স্বীকৃতিৰ কথা আহে , নাজানো কিয় তেওঁ সদায়
পিছ পৰি থাকে ?
মায়ে কয় , আমালোকৰ এই মাহত কলেজৰ
টিউচন দিব লাগিব , অনুগ্ৰহ কৰি মোক উৎসৱ
পাৰ্বনৰ বাবে এখন শাৰী কিনি নিদিবা নে ? কিন্তু
দেউতাই নতুন কাপোৰৰ কথা নাভাবিলে ,
দুয়োজনৰ মৰম সমান , তথাপিও কিয় জানো
দেউতা পিছ পৰি আছে ?
মাক-দেউতাক যেতিয়া বুঢ়া হৈ যায় তেতিয়া
সন্তানে কয় ,মা ঘৰৰ কাম চম্ভালিবলৈ আটাইতকৈ
উপযোগী , কিন্তু..তেওঁলোকে কয় দেউতা
অক্ষম
দেউতা পিছফালে কাৰণ তেওঁ পৰিয়ালৰ
মেৰুদণ্ড স্বৰূপ , তেওঁৰ কাৰণেই আমি নিজৰ
ওপৰত থিয় দিব পাৰিছো , সম্ভৱত...সেইবাবেই
তেওঁ পিছ পৰি আছে
**সকলো পিতৃলৈ উৎসৰ্গ কৰিলো
মই জানো মায়েই জগত শ্ৰেষ্ঠ , তাৰপিছতো
লিখিলোঁ.....দেউতা বুলি কথা , কিবা ভুল হলে
ক্ষমা কৰিব
*মোৰ মাক-দেউতা এই পৃথিৱীত নাই ,
তেওঁলোকক মোৰ শত কোটি প্ৰণাম
*** সংগৃহীত****