Type Here to Get Search Results !

নাৰিয়ে নাৰীৰ প্ৰধান শক্ৰ



নাৰিয়ে নাৰীৰ প্ৰধান শক্ৰ

 *এগৰাকী বোৱাৰীক অত্যাচাৰ কৰাৰ ক্ষেত্ৰত প্ৰথমে আগভাগ লৈ আহিছে এগৰাকী নাৰীয়ে…সেইগৰাকী হ'ল তাইৰ শাহুৱেক, এগৰাকী শাহুৱেকক অত্যাচাৰ কৰাৰ ক্ষেত্ৰতো আগভাগ লয় এগৰাকী বোৱাৰীয়ে ।

*এগৰাকী নাৰীক কুলক্ষণী,কলংকিনি আৰু বহুতো হকেবিহকে অপবাদ জাপি দিয়াৰ ক্ষেত্ৰতো আগভাগ লয় এগৰাকী নাৰীয়ে
* বিধৱা বা স্বামীয়ে এৰি যোৱা নাৰী এগৰাকীয়ে যেতিয়া আন পুৰুষৰ ওচৰ চাপিব ধৰি সুখী হ'ব বিচাৰে সেই ক্ষেত্ৰতো প্ৰথমে বাধা আৰোপ কৰে এগৰাকী নাৰীয়ে। তাইক চৰিত্ৰহীনাৰ নাম দিয়ে এগৰাকী নাৰীয়ে।
*একেলগে থকা দুগৰাকী নাৰীৰ, এগৰাকীৰ অন্য গৰাকীতকৈ অলপ ভাল হলে দ্বিতীয় গৰাকীয়ে প্ৰথমে সফল গৰাকীক নষ্ট কৰিবলৈ বিচাৰে তাইক সমালোচনা কৰাত কুন্ঠাবোধ নকৰেনকৰে
*এটা ধুনীয়া পৰিয়াল, এখন সুখৰ সংসাৰ ভাঙি যোৱাৰ ক্ষেত্ৰতো আগভাগ লয়…এগৰাকী নাৰীয়ে!
হয়টো সেই গৰাকীৰ চৰিত্ৰ বেলেগ,বেলগ হ'ব পাৰে সেয়া শাহু,বোৱাৰী,ননদ
* এজন পুৰুষতকৈ এগৰাকী নাৰীৰ পিন্ধন কাপোৰ-কানি আদিক লৈ হিংসা কৰে এগৰাকী নাৰীয়ে,সমালোচনা কৰে এগৰাকী নাৰীয়ে
**অপ্ৰিয় হলেও সত্য **
*লগতে পুৰুষৰো যথেষ্ট ভুল আছে যিয়ে নিজৰ দোষ ঢাকিবলৈ নাৰী গৰাকীক বেশ্যা বুলি আখ্যা দিয়ে মনত ৰখা উচিত যে এজন পুৰুষৰ স্পৰ্শ অবিহনে কোনো নাৰী বেশ্যা হ'ব নোৱাৰে
যদি প্ৰেমৰ বাবে কাপোৰ খুলে নাৰী এগৰাকীয়ে তাইক কাপোৰ খুলিবলৈ বাধ্য কৰোৱাত এজন পুৰুষৰো হাত থাকে।
**✍️✍️ধ্ৰুৱজ্যোতি দাস