✍️✍️ৰিজুৱান আহমদ।
এতিয়াও মনত আছে চকুযোৰি
(প্ৰথম সপোনত দেখা)
আজি বুধবাৰ, আমাৰ যমুনামূখৰ সাপ্তাহিক বজাৰ। ঘৰৰ পৰা স্কুটিখন লৈ বজাৰ দিশে ৰাওনা হ'লো। প্ৰত্যেক সপ্তাহৰ দৰে নিয়মিত খৰছ কৰিলোঁ। ঘৰলৈ উভতাৰ সময়ত হঠাৎ মোবাইল ফোন বাজি উঠিল। চাই দেখিলোঁ ঘৰৰ পৰা ফোন আহিছে।ৰিচিভ কৰিলোঁ...
---হেল্লো,ৰিজুৱান..!
---উমম, কোৱা.. মা..!
---কʼত তই..!
---বজাৰৰ পৰা ওলালো..!
---শুন না ৰিজুৱান..! ঘৰত আলহী আহিছে আৰু অলপ খৰছ আনিব লাগিব...!
---কি কি আনিব লাগিব কোৱা..!
---মাছ, মাংস... ইত্যাদি..! আৰু এজোৰ কাপোৰ আনিব লাগিব...!
মাকে কোৱা সকলো খৰছবোৰ ক্ৰয় কৰি ঘৰলৈ উভতিলো। প্ৰায় আধাবাট অহাৰ পিছৰ হঠাৎ মনত প্ৰশ্ন উত্থাপন হ'ল -"ঘৰত কোন আলহী আহিল"-মাকে ইমানে বস্তু আনিবলৈ ক'লে। ঘৰলৈ ফোন কৰিলোঁ...
---হেল্লো ..মা..!
---উমম তই ক'ত আহি পাইছ ...!
---আধাবাট আহিলো আৰু ১৩ৰ মিনিট মান লাগিব ...!
---লাহে লাহে স্কুটিখন চলাবি..!
---হুমম, শুনা না মা- আমাৰ ঘৰত কোন আহিছে...!
---নতুন আলহী..! ঘৰ আহি পালে দেখিবি কোন..! 'কোন অ নতুন আলহী' ভাৱি ভাবি ঘৰ আহি পালোহি। চোতালত স্কুটিখন ৰখাৰ লগে লগে ভাইটি আহি খৰচৰ মোনাটো লৈ গ'ল (ইয়া পৰম্পৰা)।স্কুটিখন নিজ স্থানত (বাৰাণ্ডাত) থৈ ঘৰত সোমোৱাত দুৱাৰৰ ভিতৰত এটা ভৰি দিওঁ দেখা পালোঁ আলহীজন । দুৱাৰৰ মাজত থিয় হৈ তেওঁ লৈ চাই থাকিলো। দুয়োজনে, অৰ্থাৎ ইজনে সিজনৰ চকু লৈ বহু সময় থৰ লাগি চাই থাকিলো। আনন্দত আত্মহাৰা হৈ মাত দিলো...
--- কি খবৰ ভাল নে..?
---উমম..ভাল..! আপোনাৰ..?
---উমম ভালেই আছো..!আপুনি, হঠাৎ আমাৰ ঘৰত কেনেকৈ বাৰু...!
---ফুৰিবলৈ আহিছোঁ..! নিষেধ আছে নেকি আপোনাৰ ঘৰত অহাটো..!
---নাʼয়..নাʼয়.. কিয়নো নিষেধ থাকিব..! কিন্তু আজিনো আপোনাৰ মোমায়েকৰ বিয়া..!
---হুমম, আপোনাৰ ইয়াৰ পৰা পিছত মামাৰ বিয়ালৈ যাম..!
---অʼহ..!
এনেকৈ কথা পতাৰ মাজতে ঘৰৰ ভিতৰলৈ আৰু এখোজ আগবঢ়াই দিওঁতে টোপনিৰ পৰা সাৰ পালোঁ।সাৰ পাই ঘঢ়ী টো চালোঁ ৰাতি ০২:৪৫ বাজিল। বহু সময় ধৰি বিছনাৰ ওপৰত বহি মিচিকিয়াই মিচিকিয়াই হাঁহিলো। এয়া কিনো সপোন দেখি আছো।
---- সমাপ্ত ---
....ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।