দেশ বিভাজন আৰু ভাৰতীয় মুছলমান
মৌলানা আতাউৰ ৰহমান
শিক্ষক , জামিয়া
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল এটি বিষাদপূর্ণ ইতিহাস সৃষ্টি কৰি , হিন্দুস্তান আৰু পাকিস্তান নামেৰে ধৰ্মৰ ভিত্তিত দটা পৃথক ৰাষ্ট্ৰ গঠনৰ মাধ্যমৰে । ‘ জমিয়ত উলামাই হিন্দ’ৰ নেতৃবৰ্গই ভাৰত বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল যদিও বৃটিছৰ কু - চক্রান্তত ভাৰতবৰ্ষৰ বিভাজন হৈ পৰিছিল । ভাৰত বিভাজনৰ ফলত সমগ্ৰ দেশজুৰি এক নাৰকীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু হিন্দু - মুছলিমৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত লাখ লাখ মানুহৰ কেঁচা তেজেৰে দেশৰ মাটি ৰঞ্জিত হৈছিল । হিজৰতৰ নামত লাখ লাখ মুছলমান ভাৰতৰ পৰা পাকিস্তানলৈ আৰু হিন্দুসকল পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰিছিল ।ফলত এসময়ৰ ইছলামী শিক্ষা , সভ্যতা আৰু সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ দিল্লীও প্রায় আলিম - উলামা শূণ্য হৈ পৰিছিল । পঞ্জাৱ ধ্বংস হৈ পৰিছিল , পশ্চিম ইউ , পি , ৰ পৰা মুছলমানসকল পাকিস্তানলৈ ঢাপলি মেলিছিল । একেদৰে , ভাৰতৰ উত্তৰ পূর্বাঞ্চল ( তদানীন্তন বৰ অসম ) ৰ পৰা মুছলমানসকল পূর্ব পাকিস্তান ( বর্তমান বাংলাদেশ ) লৈ প্ৰব্ৰজন কৰিছিল । এইদৰে ভাৰতবৰ্ষত মুছলমানৰ সংখ্যা একেবাৰে তাকৰ হৈ পৰিছিল । সেই সময়ত উত্তৰ প্ৰদেশৰ চাহাৰাণপুৰত তিনিগৰাকী যুগশ্রষ্ট মনিষীৰ বৈঠক অনুষ্ঠিত হয় । দেশ বিভাজন আৰু পাকিস্তান প্ৰতিষ্ঠাৰ ফলত হিজৰতৰ নামত মুছলমানৰ দেশত্যাগৰ বিষয়ক লৈ আলোচনা হয় এই বৈঠকত । বৈঠকত উপস্থিত থকা তিনিগৰীকীৰ ভিতৰত এগৰাকী হৈছে শ্বেইখুল ইছলাম মওলানা চৈয়দ হুছাইন আহমদ মাদানী ( ৰঃ ) , দ্বিতীয় গৰাকী মওলানা আব্দুৰ ৰহীম ৰায়পুৰী ( ৰঃ ) আৰু তৃতীয় গৰাকী হৈছে শ্বেইখুল হাদীছ মওলানা জাকাৰিয়া ( ৰঃ ) । তিনিও গৰাকী নিজৰ নিজৰ ঠাইত একো একোটা বৃহৎ প্ৰতিষ্ঠানৰদৰে বুলি ক'ব লাগিব । এটি বৃহৎ জগতে অনুসৰণ কৰে তেখেত সকলক । আৰম্ভণিত হজৰত ৰায়পুৰীয়ে কলে- পূর্ব পাঞ্জাব মুছলমানৰ পৰা খালী হৈ পৰিছে , মোৰ বংশৰ মানুহ , অত্মীয় কুটুম আৰু মুৰিদীন সকল পশ্চিম পাঞ্জাব ( পাকিস্তান ) লৈ গুছি গৈছে আৰু এতিয়া ইয়াত কাম কৰাৰ সুজোগ - সুবিধাও নাইকিয়া হৈ পৰিছে , গতিকে ভাৰতত থাকি কি কৰিম , পশ্চিম পাঞ্জাবলৈ যোৱাৰ কথা ভাৱি আছো । হজৰত জাকাৰিয়া চাহাব একেবাৰে নিচুপ , তেখেতে শ্বেইখুল ইছলামৰ মূখলৈ চাই আছে । শ্বেইখুল ইছলাম ( ৰঃ ) য়ে কলে- এয়া চাওক , মদিনাৰ পৰা মাহমুদে ( তেখেৰত সৰু ভাই ) চিঠি লিখিছে , সি উৰাজাহাজ লৈ আহি আছে , মোক আৰু পৰিয়ালবৰ্গক ইয়াৰ পৰা মদিনালৈ লৈ যাব । কিন্তু অত্যাচাৰিত , বঞ্চিত নিপীড়িত ভাৰতীয় মুছলমান সকলক এই অৱস্থাত এৰি মই নাযাওঁ , মই ইয়াত থকাৰ ফায়চালা কৰি লৈছো । এই বৈঠকৰ এয়াই শেষ ভাষণ বুলি কব লাগিব । লগে লগে তিনিওগৰাকীয়ে ভাৰতত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে । আল্লাহৰ আজব লীলা , এই বৈঠকৰ কোনো ধৰণৰ প্ৰচাৰ নকৰাৰ পিচতো মূহুৰ্ততে এই খবৰ চতুৰ্পাশে বিয়পি পৰে । এই খবৰৰ ভিত্তিত হাজাৰ হাজাৰ মুছলমানে পাকিস্তান যোৱাৰ মনস্ত ত্যাগ কৰি ভাৰততে থাকি যায় । যি হাৰত মুছলমানে ভাৰত ত্যাগ আৰম্ভ কৰিছিল , যদি পশ্চিম ইউ , পি মুছলমান শুণ্য হৈ পৰিলে হয় , হয়তো আজি দাৰুল উলুম দেওবন্দ , মজাহিৰ উলুম চাহাৰাণপুৰ , আলীগড় আদি শিক্ষানুষ্ঠানৰ অস্তিত্ব বাকী নাথাকিলে হয় । স্বাধীনতাৰ পিচত আমাৰ বুজুর্গ সকলৰ এয়া প্রথম বৈঠক , যিয়ে মুছলমানৰ অন্তৰত এক নতুন আশা - উদ্বীপনাৰ যোগান ধৰিছিল । ফলত কেবালাখ মুছলমান ভাৰততে থাকি গৈছিল । ভাৰত বিভাজনৰ পিচত গোটেই দেশত সাম্প্রদায়িক সংঘাত চলি থকাৰ সময়ত জমিয়ত উলামাৰ সাধাৰণ সম্পাদক মওলানা হিফজুৰ ৰহমান চাহাব মওলানা আজাদৰ খিদমতত উপস্থিত হয় । মওলানা আজাদে অঙ্গীকাৰ কৰি লৈছিল যে এতিয়াৰ পৰা নিচুপ জীৱন অতিবাহিত কৰিব আৰু নিচুপ থাকিয়েই পাৰে মানে দেশ ও জাতিৰ সেৱা কৰি যাব । হিফজুৰ ৰহমান চাহাবৰ কথা শুনি কলে এনে পৰিস্থিতিত মই কি কৰিব পাৰিম ? পিচত হিফজুৰ ৰহমান চাহাবৰ আবেদনৰ খাতিৰত ঘৰৰ পৰা ওলাই গৱনৰ জেনৰেল ৰাজগোপাল আচ্যৰ্যৰ লগতে দিল্লী জামা মছজিদত উপস্থিত হয় । জুম্মাৰ নামাজৰ পিচত মওলানা আজাদ ( ৰঃ ) য়ে এক ঐতিহাসিক ভাষণ প্রদান কৰে । ভাষণৰ একাংশ হৈছে- লক্ষ্য কৰা , মছজিদৰ মিনাৰাই শ্রদ্ধা নিবেদন কৰি প্ৰশ্ন কৰি আছে , তোমালোকে নিজৰ ইতিহাসৰ পাতবোৰ কত হেৰাই পেলাইছা , দুদিন আগৰেই কথা- এই যমুনাৰ তীৰত তোমালোকৰ কাফেলাই ওজু কৰিছিল আৰু আজি তোমালোকে ইয়াত বসবাস কৰোতে ভয় কৰি আছা । এই দিল্লী তোমালোকৰ তেজৰ দ্বাৰাই সজ্জিত হৈ আছে । প্ৰিয় সকল ! নিজৰ মাজত এটি মৌলিক পৰিবৰ্তন সৃষ্টি কৰা , যিদৰে আজিৰ পৰা কেইদিনমান আগতে তোমালোকৰ আবেগ - উত্তেজনা নিৰ্থক আছিল ঠিক আজিও তোমালোকৰ ভয় ভীতি অর্থহীন । মুছলমান আৰু ভয় - ভীতি বা মুছলমান আৰু সন্ত্রাস একত্রিত হ’ব নোৱাৰে । প্ৰকৃত মুছলমানক কোনো ধৰণৰ লোভে আতৰাব নোৱাৰে , আৰু কোনো বস্তুয়ে ভয়াতুৰ কৰিব নোৱাৰে । কেইজনমান মানুহ অদৃশ্য হৈ যোৱাৰ বাবে ভয় কৰিব নালাগে । তেওঁলোকে তোমালোকক যাবলৈ একত্ৰিত কৰিছিল আৰু আজি তেওঁলোকে নিজৰ হাত তোমালোকৰ হাতৰ পৰা আতৰাই লৈছে , ইয়াত আচৰিত হ'ব লগীয়া একো নাই । স্বাধীনতা লাভ আৰু ভাৰত বিভাজন পর্যন্ত তথাকথিত মুছলিম দৰদী সংগঠনৰ কোনো অভাৱ নাছিল । এই সংগঠনবোৰে ‘ ইছলাম বিপদত ' বুলি শ্লগান দি মুছলমান সকলক সদায় আবেগিক কৰি ৰাখিছিল । কিন্তু যেতিয়া নিশ্চিতভাৱে ইছলাম আৰু মুছলমানৰ ওপৰত বিপদে দেখা দিয়ে , এওঁলোকে মুছলমানক অসহায় অৱস্থাত এৰি পাকিস্তানলৈ গুছি যায় । মওলানা আজাদে জামে মছজিদৰ ঐতিহাসিক বক্তব্যত এওঁলোকৰ প্ৰতি ইংগিত কৰিহে শেষৰ বাক্যশাৰী কৈছিল । মওলানা আজাদৰ বক্তব্যই সঁচাকৈ মুছলমানৰ মাজত এটি পৰিবৰ্তন সৃষ্টি কৰিছিল । পাকিস্তান যাবলৈ দিল্লীত আহি উপস্থিত হোৱা মুছলমান সকল নিজৰ নিজৰ ঘৰলৈ উভতি আহে । আজি দিল্লী ও তাৰ আশে - পাশে পৰিলক্ষিত হোৱা মুছলমানৰ বেছিভাগেই আজাদৰ বক্তব্যৰ বাবেহে ভাৰত থাকিছিল । স্বাধীন ভাৰতত মুছলমাৰ তৃতীয় সভা ২৭-২৮ ডিচেম্বৰ ১৯৪৭ চনত অনুষ্ঠিত হয় লক্ষ্ণৌত । এই সভা ‘ আজাদ কানফৰ্নচ ' নামেৰে জনাজাত । এই সভা এনে এটি মূহুর্তত অনুষ্ঠিত কৰা হয় , যেতিয়া সাধাৰণতে ভৱা হৈছিল যে স্বাধীন ভাৰতত মুছলমানৰ কোনো অধিকাৰ নাই । মুছলমানৰ অধিকাৰৰ কোনো কল্পনাও নাছিল । সেই সময়ত আজাদ কানফর্নচে মুছলমানক এটি নতুন বাট দেখুৱাইছিল আৰু স্বাধীন ভাৰতত স্বাধীনভাৱে জীৱন যাপন কৰাৰ প্ৰতি উৎসাহিত কৰি তুলিছিল । মওলানা আবুল কালাম আজাদ ( ৰঃ ) আৰু মুজাহিদে মিল্লত মওলানা হিফজুৰ ৰহমান ( ৰঃ ) য়ে মুছলমানক নিৰ্ভীক জীৱন , আত্মমাৰ্যদা আৰু সংগ্ৰামৰ যি পাঠ দিছিল , এয়া স্বাধীন ভাৰতৰ ইতিহাসৰ এটি সোনালী অধ্যায় । এই সভাই ভাৰতত মুছলমানৰ নতুনকৈ মৰ্যদা ও অধিকাৰৰ ভেটি স্থাপন কৰে । স্বাধীন ভাৰতত মুছলমানৰ দৃষ্টিভংগী কি হব , এই বিষয়ৰ ওপৰত মওলানা আজাদ ( ৰঃ ) য়ে স্পষ্ট ভাষাত কয়- মই মুছলমান , আৰু গৌৰৱ অনুভৱ কৰো যে মই মুছলমান । ইছলামৰ তেৰশ বছৰৰ উজ্জল বদন্তী প্রবাদ মই মিৰাছত পাইছো । ইয়াৰ সামান্যৰ পৰা সামান্যতমো অংশ ধ্বংস হ’বলৈ নিদিওঁ । ইছলামৰ শিক্ষা , ইছলামৰ ইতিহাস , ইছলামৰ জ্ঞান - বিজ্ঞান , ইছলামৰ সংস্কৃতি মোৰ সম্পত্তিৰ পুঁজি । মোৰ কৰ্তব্য ইয়াৰ ৰক্ষণাবেক্ষণ কৰা । মওলানা আজাদ ( ৰঃ ) য়ে এই সভাতেই মুছলমানক পৰামৰ্শ দিছিল যে , মুছলমানে মিলিত ৰাজনীতিত ভাগ লব লাগে , দেশৰ উন্নতি ও নির্মাণত মাতৃভূমিক সহায় কৰক । মওলানা আজাদ ( ৰঃ ) য়ে দেখুৱাই যোৱা সেই বাটেৰে ভাৰতীয় মুছলমান আজিলৈকে চলি আছে আৰু আগবাঢ়ি থাকিব ।
ফোন নং- ৮০১১৬০৫৪০৮