চুলি সম্পৰ্কীয় কেইটামান মাছআলা
১। মাছআলা : - ( পুৰুষ সকলে ) কাণৰ লতিৰ সমানলৈকে বা তাতকৈ সামান্য তললৈকে দীঘল কৰি গোটেই মূৰত চুলি ৰখাটো চুন্নত নাইবা খুৰালে গোটেই মূৰটো খুৰোৱা চুন্নত । কটোৱাও জাইজ আছে । কিন্তু অধুনা ফেশ্যন হিচাপে কপালৰ ফালে কিছু পরিমাণ দীঘল কৈ ৰাখি বাকী অংশ কটোৱাটো জাইজ নহয় ।
সেইদৰে কিছু অংশ খুৰোৱা আৰু কিছু অংশ কটোৱাটো জাইজ নহয় । সেইদৰে কিছু অংশ খুৰোৱা আৰু কিছু অংশ এনেয়ে এৰি দিয়া জাইয নহয় । ইয়াৰ দ্বাৰাই বুজা গল যে , আজি - কালিৰ নিয়মে বাৰি ৰখা , হিপ্পি ৰখা বা চাৰিও কাষ কাটি গোলাই কৰি মাজৰ অংশ নকটোৱাকৈ এৰি দিয়াটো জাইজ নহয় ।
২। চুলি দীঘলকৈ ৰাখিলে মহিলা সকলৰ দৰে খোপা বন্ধা , বেণী গোঁথা জাইজ নহয় ।
৩৷ মহিলা সকলে মূৰ খুবোৱা বা পুৰুষ সকলৰ দৰে কটোৱা জাইজ নহয় -হাৰাম । হদীছ চৰিফত এনে কৰাৰ কাৰণে লা'নত কৰা হৈছে ।
৪। ওঁঠৰ চামৰাৰ লগত মিলি যোৱাকৈ সৰুকৈ গোঁফ কটা চুন্নত । খুৰোৱ সম্পর্কে মতভেদ আছে । কিছুমানৰ মতে খুৰোৱা বিদ্আত আৰু কিছুমানে জাইজ আছে বুলি কয় । গতিকে নুখুৰোৱাই উত্তম ।
৫। কোৱাৰীৰ ওপৰত দুয়ো কিনাৰৰ গোঁফ দীঘলকৈ ৰখা জাইজ আছে , কিন্তু ওঁঠৰ ওপৰত দীঘলকৈ ৰাখিব নোৱাৰে ।
৬। দাঢ়ি খুবোৱা বা কটোৱা জাইজ নহয় হাৰাম । অৱশ্যে এমুঠিতকৈ দীঘল হোৱা খিনি কটা জাইজ আছে । সেইদৰে ( এমুঠিতকৈ দীঘলখিনি ) কেউফালে অলপ অলপ কৈ কাটি সমানকৈ ৰখা জাইজ আছে । ( দাঢ়ি ৰখাটো আম্বিয়া সকলৰ চুন্নত । সকলো নবীয়েই দাঢ়ি ৰাখিছিল । কমেও এমুঠি দীঘলকৈ দাঢ়ি ৰখা ওৱাজিব । দাঢ়ি খুৰোৱালোকৰ বা এমুঠিতকৈও কম কৰি কাটি ৰখা সকলৰ সাক্ষী গ্রহণযোগ্য নহয় ।
৭। গালৰ ফালে যিখিনি চুলি ( দাঢ়ি ) বাঢ়ি যায় সেইখিনি সমানকৈ কাটি পেলোৱা জাইয আছে । সেইদৰে চকুৰ চেলাউবি দীঘল হৈ গলে তাকো সামান্য কাটি মিলাই ৰখা জাইজ আছে ।
৮। ( থুতবিৰ তলৰ ) হলকুমৰ কেশখিনিও খুৰাব নেলাগে । কিন্তু হজৰত ইমাম আবু ইউচুফৰ ( ৰঃ ) মতে সেইখিনি কটাত একো বা নাই ।
৯। তলৰ ওঁঠৰ তলফালে গজা কেশখিনি ( বেশ্ববাচ্চা বা উৰফে বিচমিল্লা দাঢ়ি ) খুবোৱা বা তাৰ দুয়োকাষ খুবোৱাক ফুকাহা সকলে বিস্আত বুলি কৈছে ।গতিকে এইখিনি খুৰাব নেলাগে । সেইদৰে মূৰৰ পিছফালৰ চুলিখিনি কাটি ( সমুখ ফাল দীঘলাই ) সজাই ৰখাটোও ফকীহ সকলে মৰূহ বুলি লিখিছে ।
১০৷ সৌন্দর্য অটুট ৰাখিবৰ উদ্দেশ্যে পকা চুলি উভালি পেলোৱা নিষেধ । অৱশ্যে শত্রু পক্ষৰ ওপৰত প্ৰভাৱ পেলাবৰ নিমিত্তে বীৰ যোদ্ধাই উভালি পেলোৱা আৰু নিজকে এজন যুৱ পুৰুষ বুলি পৰিচয় দিয়াটো ভাল ।
১১। নাকৰ নোম উভালিব নেলাগে বৰঞ্চ ( দীঘল হলে ) কেচীৰে কাটি পেলাব লাগে ।
১২। বুকু আৰু পিঠিৰ নোম কটা জাইজ আছে যদিও আদবৰ খিলাফ আৰু অনুচিৎ ।
১৩৷ নাইৰ তলৰ ( গুপ্ত অঙ্গৰ ) চুলি পুৰুষ সকলে খুৰোৱা ভাল । খুৰাওতে নাইৰ ফালৰ পৰা আৰম্ভ কৰি তললৈ নিব লাগে । নুখুৰাই আন কিবা ঔষধ লগায়ো পৰিষ্কাৰ কৰা জাইজ আছে । মহিলা সকলে নখৰে বা চেপেনা আদিৰে উভালি পেলোৱাহে চুন্নত নিয়ম । খুৰ বা ব্লেড আদিৰে খুৰাব নেলাগে ।
১৪। কাষলতিৰ ( বগল ) তলৰ নৈাম চেপেনা আদিৰে উভালি পেলোৱা ভাল । খুৰোৱাও জাইজ আছে । আছে ।
১৫। সেইবোৰৰ উপৰি সমগ্ৰ শৰীৰৰ কেশৰাজি ৰখা বা কটা দুয়োটাই জাইজ ৷
১৬৷ ভৰিৰ নখ কটাও চুন্নত । কিন্তু মুজাহিদ সকলে দাৰুল হৰ্বত নখ আৰু গোঁফ নেকাটি ৰখাটোহে মুচ্তাহাব ।
১৭। হাতৰ নখ এনেদৰে কটা উত্তম যে সোঁহাতৰ চাহাদত ( তজনী ) আঙুলিৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে গৈ কেঞা আঙুলিত শেষ কৰিব লাগে । পুনব বাওঁ হাতৰ কেঞা আঙুলিৰ পৰা আৰম্ভ কৰি বুঢ়া আঙুলিত শেষ কৰি সদৌ শেষত সোঁহাতৰ বুঢ়া আঙুলিত শেষ কৰিব লাগে । ভৰি নখ কাটোতে সোঁ ভৰিব কেঞা আঙুলিৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে আটাইবোৰ নখ কাটি গৈ বাওঁ ভবিৰ কেঞা আঙুলিত শেষ কৰিব লাগে । এনে ধৰণে হাত ভবিব নখ কটাটো উত্তম আৰু ভাল নিয়মহে , ইয়াৰ বিপৰীতে আন নিয়মে কটাও জাইজ আছে ।
১৮৷ কটা নখ আৰু চুলি আদি দফন কৰি থব লাগে ৷ দফন নকৰি কোনোবা আচুতীয়া ঠাইত পেলাই দিয়াও জাইজ আছে । কিন্তু নাপাক আৰু লেতেৰা ঠাইত পেলাব নেলাগে । কিয়নো তেনে কৰিলে বেমাৰ হোৱাৰ আশংকা আছে ।
.১৯। দাঁতেৰে কামুৰি নখ কটাটো মকৰূহ । স্বাস্থ্য বিজ্ঞান মতে এনে কৰিলে বৰ্ছ ধলবেথা বা বগাদাগ ) বেমাৰ হোৱাৰ সম্ভাৱনা আছে ।
২০। জনাবতৰ ( গোচল ফজ হোৱা ) অৱস্থাত নখ , চুলি গুপ্তাঙ্গৰ নোম আদি কটা মকৰূহ ।
২১। প্রত্যেক সপ্তাহত এবাৰকৈ গুপ্তাঙ্গৰ নোম , কাষলতিৰ নোম , গোফ , নখ আদি কাটি পৰিষ্কাৰ হোৱাটো উত্তম । ইয়াৰ কাৰণে শুকুৰবাৰৰ দিনটোৱে শ্রেষ্ঠ ।
নামাজৰ পূৰ্বেই এইবোৰ পৰিষ্কাৰ কৰি গা - পা ধুই নামাজলৈ যাব লাগে । প্রত্যেক সপ্তাহত নোৱাৰিলে কমেও পষেকত এবাৰ কাটি পৰিষ্কাৰ হব লাগে । তাকো নোৱাৰিলে চল্লিছ দিনৰ ভিতৰত এবাৰ কাটিবই লাগে । তাতকৈ অধিক দিন নক টাকৈ থকাৰ অনুমতি নাই । চল্লিছ অতিবাহিত হোৱাতো যদি কোনোবাই পৰিষ্কাৰ নকৰে তেনেহলে গুনাহগাৰ হ'ব ।