Type Here to Get Search Results !

উপজা দিনটোত মনৰ কিছু কথা

 উপজা দিনটোত মনৰ কিছু কথা

আজিৰ পৰা বিশ বছৰ পূৰ্বে আজিৰ এই দিনটোত প্ৰথমবাৰ চিঞৰ মাৰিছিলো l

অৱশেষত প্ৰত্যাশিত অথচ সন্দেহৰ আৱৰ্তত থকা ভাল খবৰটো মাতৃয়ে পাইছিল l সেইদিনা মোৰ ২৩ বছৰীয়া "মা"

💝প্ৰথম বাৰৰ বাবে মাতৃ হৈছিল, অৱশ্যে সেয়া ময়েই আছিলো l সফল হলোঁ, মোৰ কান্দি থকা মুখখন চাই মা-দেউতাই সুখত হাঁহিছিল l
জন্ম দিন বুলি বিশেষ জাক-জমকতা কৰি পোৱা নাই আৰু কৰিও ভাল্ নাপাঁও l পুৱাই উঠি গুৱাহাটীলৈ ৰাওনা হলো, গুৱাহাটীৰ চানমাৰিত আয়োজন হোৱা গ্ৰন্থমেলালৈ বুলি, গ্ৰন্থ মেলাত বিভিন্ন প্ৰান্তৰ পৰা অহা বহুতক লগ পালো l


কিহেৰে তুলনা হব মাৰ্ যি দহমান দহদিন গৰ্ভত ৰাখি প্ৰসৱ যন্ত্ৰণাকো জীৱনৰ প্ৰাপ্তি, সৰ্বোচ্চ সুখ বুলি লৈ সুখানুভূতিৰ লোটকেৰ্ কোলালৈ সন্তানক স্বাগতম জনোৱাৰ পৰা আলফুলে তুলি তালি ডাঙৰ দীঘল কৰে সন্তানক l সন্তানৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু থকা জনীয়েই মা l যাৰ পৰিধি আকাশতকৈও বেছি l চমুকৈ ময়েই মাৰ্ প্ৰথম প্ৰসৱ আছিলো l
মাতৃত্বৰ গৌৰৱত উথলি উঠাৰ পিছত আৰম্ভ হৈছিল মাৰ্ মৰমসনা বোৰ l গৰ্ভ ধাৰণ কৰা দিন ধৰি প্ৰসৱ বেদনালৈকে l আস! কি যে যন্ত্ৰণা , তথাপিতো যন্ত্ৰণাবোৰ মাতৃ সন্তান নামৰ সম্পৰ্কটোৱে ম্লান কৰি দিয়ে l সমস্ত বেদনাৰ কাৰণ হব খোজে সন্তান, সমস্ত আবেগ মৰম জিৰণিৰ ঘাট হব খোজে মাতৃ সন্তানৰ সম্পৰ্কটো l


জীৱনত প্ৰথম শব্দটোই "মা" বুলি উচ্চাৰণ কৰাৰ পৰাই "মা"ৰ উচ্চাৰণেই এক প্ৰেৰণা হৈ উদ্ধুদ্ধ কৰিবলৈ যথেষ্ট l মাৰ মৰমেই অামাক কৰিছে ইমাণ আকলুৱা l মাৰ সান্নিধ্য অান এক প্ৰেৰণা সাহস l মাৰ আশীৰ্বাদ জীৱন বাটত চৰম প্ৰাপ্তিৰ অন্য এক নাম l নিজৰ সকলো ভাল লগাক বিসৰ্জ্জন দি সন্তানৰ সমস্ত দুখ বিনাচৰ্তে সামৰি লৈ সন্তানৰ ভাল চাবলৈ অাগ্ৰহি সেই মা l
মোক লৈ কত সপোন তেওৰ। নিৰবে সকলো ঘাত প্ৰতিঘাত সহি আগবাঢ়ে তেওঁ আকুল প্ৰজ্ঞাৰে l কেৱল মোৰ নামতেই উচৰ্গা কৰে সময়বোৰ l মোৰ প্ৰতি থকা অপত্য স্নেহত ভৰ দি গঢ় লয় মাৰ সপোনবোৰ l
মাৰ কোলাত নিৰাপদে মূৰটো থৈ টোপনি যোৱা সেই স্বাধীনতা, মূৰত আলফুলে হাত ফুৰাই মাৰ কত যে সপোনৰ আখৰা.. l সাধাৰণ চৰ্দি জ্বৰ হৈ থাকিলেউ কাষত বহি লৈ মোৰ মুখৰ পিনে চাই থকা মাৰ সেই চিন্তাক্লিষ্ট মুখখন অথচ সেই সময়তে প্ৰতি মুহূৰ্ততে সাহস দিয়া মানুহজনীও লগত থাকে l পাৰে তেওঁ সকলো কৰিব, সকলো সহিব, কাৰণ তেওঁ মা


মই দুপৰ নিশালৈকে পৰীক্ষাৰ প্ৰস্তুতি চলাইছো, মায়েও টোপনি খতি কৰি মোৰ কাষত বহি থকা উজাগৰী নিশা কটাইছে আৰু.... l মোৰ কিতৃত্বৰ বাবে দোৱা কৰিছে l সেয়াই মাৰ প্ৰাপ্তি, ইয়াতেই মাৰ বিজয়ৰ গাণ বাজে l
জন্ম দিনৰ শুভেচ্ছা দিয়া সকলোকে ধন্যবাদ জনালো🤗💝 মা তোৰ বিষয়ে যিমান লিখোঁ কম হব, তোৰ ঋণ পৰিশোধ কৰিব নোৱাৰিম l


✍️✍️✍️✍️আব্দুল্লা হোজাইফা