হৃদয়ৰ আহ্বান-1
: ঐ দহ টকাৰ বাদাম দেচোন ..
ঠাণ্ডাৰ দিন । বাহিৰত বলা চেঁচা বতাহজাকে অৰুণীমাৰ আঁচল খন কঁপাই তুলিছে। কেৱল আঁচল খনেই নে ?? হাতখন বৰফৰ দৰে গধুৰ হৈ পৰিছে। জীৱনৰ হিচাপ বিহীন সংগ্ৰামত হাৰ মানিব নোখোজা অৰুণীমাই অহৰহ বাদাম ভাজি বিক্ৰী কৰিছে বাটৰুৱাক। বগা কাগজ এখনত বাদাম দহ টকাৰ বান্ধি ক'লা নিমখ অকণমানেৰে আগুৱাই দিছে মানুহজনলৈ। বাদাম লোৱাৰ চলেৰে মানুহজনে যেন তাইৰ উন্মুক্ত হাত খনতহে খাপ মাৰি ধৰিলে।
: ভাল দাম পাবি ..
আজিকালি অৰুণীমা চিৰসহচৰ এই অশ্লীল ইংগিতবোৰৰ সৈতে। সেয়েহে অলপো পলম নকৰি তাই সজোৰে হাতখন টানি আনিলে
: খাবলৈ পিন্ধিবলৈ পোৱা নাই বুলি ভাবিছ নেকি ??
কথাষাৰ তাই হিচাপতকৈ ডাঙৰকৈ কওঁ বুলিয়েই ক'লে। কাষৰ দুই এটা বাটৰুৱাই ডিঙি মেলি চোৱাত মানুহজন সেই ঠাইৰ পৰা উধাও হ'ল। দহ টকা হেৰুৱালে তাই। কাগজৰ বাদাম খিনি ৰাস্তাটোৰ সোঁমাজতে সিঁচৰতি হৈ পৰি ৰ'ল।
সন্ধ্যা নামি আহিল। অকাশখনো অকাৰণ বিষাদত ওফন্দি উঠা। হয়তো ৰাতিলৈ ইয়াৰ প্ৰভাৱ পৰিব, বৰষুণ দিব। বাদমৰ গুমটি সামৰি ততাতৈয়াকৈ ঘৰলৈ বুলি উভতিল অৰুণীমা। কণিমুনি পোহৰত লেম্প এটা লৈ আমন জিমনকৈ বহি আছে তাইৰ পখিলাজনী। মাক যোৱা দেখি দৌৰি আহি বুকুত সোমালেহি।
: ৰ' হাত ভৰি কেইটা ধুই লওঁ .. তই চৰুতে থকা ভাত কেইটাকে দুইজনীলৈ উলিয়াগৈ যাচোন।
এইজনীয়েই অৰুণীমাৰ পখিলা , সংসাৰ। পখিলাৰ বাহিৰেনো কোন আছে তাইৰ ?? আছে জানো কোনোবা আপোন বুলিবলৈ?? একমাত্ৰ আপোন জনকচোন নিয়তিয়ে দুবছৰৰ আগতেই বুকু উকা কৰি কাঢ়ি নিলে তাইৰ পৰা। এতিয়া মাত্ৰ স্মৃতিৰ পাততেই তেওঁৰ সুবাস বিচাৰিব লাগে। ল'ৰা হেৰুৱাৰ বেদনাত শহুৰেক শাহুৱেকৰ চকুতো অৰুণীমা বোৱাৰী গুচি যখিনি হ'ল। খেদা খালে তাই সেইখন ঘৰৰ পৰা। ভাবিছিলে এখন ঘৰৰ পৰা আঁতৰাই পঠিয়াই দিলে যেতিয়া আনখন ঘৰে আঁকোৱালি ল'ব। পিছে ভবা কথা সিদ্ধি নহ'ল। ককায়েক নবৌয়েকৰো এলাগী হ'ল তাই। এদিন কিবা কথাতে দোষ এটাই খুন্দা মাৰি ধৰাত পখিলাক লৈ ওলাই আহিল তাই। আৰম্ভ হ'ল সংগ্ৰামৰ নৈ।
ভাত কেইটা খাই চকু লাগিছিলেহে মাত্ৰ হঠাৎ কাৰোবাৰ মাতত খকমকাকৈ সাৰ পাই উঠিল মানুহজনী। এই ৰাতি !! এই ৰাতি আকৌ কোন আহি ওলালহি বুলি অৰুণীমা বাহিৰলৈ ওলাই আহিল। গ্লেমাৰ বাইক এখন বাহিৰত থৈ বাৰাণ্ডাতে পখিলাৰ সৈতে খেলি আছে নীলাভে। নীলাভ বৰ্তমানৰ যুৱক। একো নুবুজে এই নীলাভে। বুজালেও নুবুজে। অৰুণীমাই হাজাৰ বুজায়ো সৈমান কৰিব পৰা নাই তাক যে এজনী পতিহীন তিৰোতাৰ ঘৰত এনেদৰে অহা যোৱা কৰাটো উচিত হোৱা নাই বুলি। নীলাভৰ দুচকুত অজস্ৰ প্ৰশ্ন ওলমি থকা দেখা পাই অৰুণীমাই। পিছে তাইয়ো জানে এই প্ৰশ্নৰ উত্তৰ দিয়াটো ইমান সহজ নহয়। সেয়েহে এৰাই চলে। এৰাই চলিব বিচাৰে তাই তাৰ পৰা।
: কি চাই আছা অৰুণীমা ??
নীলাভৰ সজল দুচকুত ফুটি উঠিল পুনৰ এটা জীপাল প্ৰশ্ন। মুহূৰ্ততে সচকিত হৈ উঠিল অৰুণীমা। প্ৰত্যুত্তৰত কোনো সঁহাৰি নিদিয়াকৈয়ে পখিলাক লৈ ভিতৰলৈ সোমাই গ'ল তাই।
আগলৈ ......