Type Here to Get Search Results !

ৰাতি ৰাতি অনলাইন অহা বোৱাৰীবোৰ

 



নাভাবিব ৰাতি ৰাতি অনলাইন অহা

বোৱাৰীবোৰ নষ্ট চৰিত্রৰ।
অনুগ্ৰহ কৰি
মানসিক নির্যাতন নচলাব তেওঁলোকৰ ওপৰত। ।
ভার্চুৱেল পৃথিৱীৰ অংশীদাৰ হোৱাটো
তেওঁলোকৰ অপৰাধ নহয়।
ব্যস্ততাৰ অন্তত
ৰাতি ৰাতি বিচৰণ কৰে
নিজৰ প্রিয় শিতানত
বিকশিত কৰিব বিচাৰে সুপ্ত প্ৰতিভা
অৱসাদ দূৰ কৰিব পাৰে
স্মৃতিক সুঁৱৰিব খোজে
আপোন মানুহৰ জগতত
এবাৰ খোজ পেলাব বিচাৰে
আৰু সেয়েহে ৰাতি ৰাতি অনলাইন আহে।
নাভাবিব এনে বোৱাৰীবোৰৰ
ঘৰৰ চুক কিম্বা চিলিংফেনত
ওলমি থাকে এলান্ধু।
জানি থওক
ৰাতি ৰাতি অনলাইন থকা বোৱাৰীবোৰে
নিজে সিজোৱা চাউল খাই
ইনচুলিনৰ অভাৱত ভোগা
ঘৰৰ সদস্যকো নাৰাখে খালী পেটে।
অশালীন মেচেজেৰে
ধাৰাশায়ী নকৰিব তেঁওলোকক
বিভিন্ন কথা সুধি
ব্যতিব্যস্ত নকৰিব।
অনুগ্ৰহ কৰি জানি থওক
ৰাতি ৰাতি অনলাইন অহা বোৱাৰীবোৰ
নষ্ট চৰিত্রৰ নহয়।
কর্ম আৰু দায়িত্ববোধৰ
পৰিচয় ল'ব বিচাৰে যদি
এবাৰ ঘৰলৈ আহক ।
নেপথ্যত থাকি মন্তব্যৰে
ভাৰাক্রান্ত নকৰিব মন।
***** ✍️জোনালী পাঠক*****
*******"****** '****