সোণালী অতীত
বৰকৈ মনত পৰে অ' বন্ধু তোলৈ...
অহেতুকে জোকাই লোৱা
কাষলৈ মাতি লুকাই থকা
আহ!
কি যে মিঠা অনুভূতি...
তোৰ ৰসাল বচন আৰু নিভাঁজ মায়াৰ
মোৰ হৃদয় আজিও ভোকাতোৰ।
শাসন মিশ্ৰিত মৰমৰ যেন ইতিহাসৰ পৃষ্ঠা এটি তই।
কাৰণ বিহীন সাবটি বুকুৰ মাজত সোমাই ৰখা
স্বাৰ্থবিহীন ভাবে মই কৰা জগৰক
নিজৰ কান্ধত লোৱা..
সেয়া যেন আছিল অভাৱনীয় প্ৰাপ্য মোৰ।
দূখৰ অমানিশাত আলোকময় জোনাকী হৈ
মোৰ দূৰ্গম বাটৰ সাৰথি আছিলি তই।
আহ!
দিনবোৰ কেনি হেৰাই গ'ল!
গধূলিৰ বেলাত
খেলৰ পৰা উভতা
মটীয়া দেহাৰ পৰিণতি
আইৰ ভৎৰ্সনাৰ একমাত্ৰ প্ৰতিষেধক হৈ
কতবাৰ যে মুক্তি দিছিলি তই!
বৰকৈ মনত পৰে অ বন্ধু তোলৈ