Type Here to Get Search Results !

Kobita_আজিও তোমাক বিচাৰোঁ



জীৱনৰ মাদকতাৰে আজিও তোমাক বিচাৰোঁ
তুমি মোৰ গালত আঁকি যোৱা
তপত চকুলোবোৰে প্ৰতিদিনে জীয়া যৌৱনহৈ
স্বাগতম জনায় অশান্ত বুকুত জাহ যোৱা
বিশ্বাসৰ পটভূমিত এতিয়াও উমলি থকা
আমাৰ সেউজ প্ৰেমৰ অনামী ফাগুনত
কঁপি থকা স্নিগ্ধ জোনাকৰ হেৰোৱা সুৰক।
দূৰৈত বিনাই থকা সঙ্গীবিহীন বাটৰুৱা পখীৰ
হিয়াভঙা কন্দনেও সদায়েই মোক লৈ যায়
নিঃসঙ্গতাৰে সমাধিস্থ প্ৰেমৰ অশ্ৰু মচিবলৈ
য'ত মোৰ ভাৱনাত তুমি অচিনাকী হৈ
আমাৰ প্ৰতিশ্ৰুতি, বিশ্বাস আৰু সম্পৰ্কক
স্বাৰ্থপৰতাই অসন্মান কৰি আঁতৰি গৈছিলা।
সময়ৰ কুটিলতাক হাঁহিবলৈ সুযোগ দি
তোমাৰ প্ৰয়োজনীয়তাত মোক স্বপ্নাতুৰ কথাৰে
'মোৰ বাবে তুমি' - বুলি কৈ এবাৰো নুসুধিলা
ভালপোৱাৰ মিছা প্ৰতিশ্ৰুতিৰ জোঁৱাৰে তুমি
সোণৰ সাঁথৰ ভাঙি জান হৈ উখল মাখলে
মোৰ বুকুত কিদৰে অশ্ৰু অঞ্জলি নমাই আনিছিলা?
মোৰ অভিমানত লিপিৱদ্ধ জীয়া সপোনবোৰক
আজিও বিচাৰি ফুৰিছোঁ তোমাৰ অচিনা হৃদয়ত
কিজানিবা কাল অমানিশাতো তুমি জোনাক ভালপোৱা,
আমাৰ আধৰুৱা জীৱনৰ বাটত অনুভৱী হৈ মই
তোমাৰ বিচ্ছেদ-প্ৰতাৰণাৰ অজুহাতেৰে বিধ্বস্ত ভেঁটিতেই
আকৌ বিচাৰোঁ বসন্তৰ সৌন্দৰ্য্যৰে নতুন আৰম্ভণি।
__ মনোজ দত্ত