Type Here to Get Search Results !

Did you know these 19 amazing benefits of Amla?আমলখিৰ ১৯টা ঔষোধি গুন

 




আমলখিৰ ১৯টা ঔষোধি গুন
১)হাপানী(BRONCHITIS)-আমলখিৰ শিপাৰ ৰস দৈনিক ৪চামুচকৈ ব্যৱহাৰ কৰিলে হাপানী ৰোগ ভাল পোৱা যায় |

২)হৃদয়ৰোগ(HEART DISEASE)- আমলখিৰ ৰস ২চামুচ,২৫০মি:লি: গৰুৰ গাখীৰৰ সৈতে মিহলাই খালে হৃদয়ৰোগ ভাল পোৱা যায় |

৩)উচ্চ ৰক্তচাপHIGH BLOOD PRESSURE)-আমলখি ৭/৮টা খুন্দি মিচিৰিৰ সৈতে খালে ৰক্তচাপ স্বাভাৱিক হয় |

৪)ছাল সোতৰা পৰা- কেঁচা আমলখি ৮/১০টা বটি গা,মুৰ,হাত,ভৰি,আদিত ঘহি আমলখিৰ ৰসেৰে গা ধুলে সুফল পোৱা যায়|৩০দিন কৰিব |

৫)অৰুচি(LOSS OF APPETITE)-আমলখিৰ ৰস ৰাতিপুৱা খালে অৰুচি দূৰ হয়|

৬)অম্লশাল(ACIDITY)-আমলখিৰ ৰসৰ লগত মৌ মিহলায় খালে আৰোগ্য পোৱা যায়|
৭)গ্ৰহনী(DYSENTERY)-আমলখিৰ পাতৰ ৰস ১০০মি.লি. লৈ ১চামুচ মৌজোলৰ লগত আধা কাপ ছাগলীৰ গাখীৰ খালে গ্ৰহনী ৰোগ ভায় হয়|

৮)অজীৰ্ন(APERIA, DYSPEPSIA)-আমলখিৰ ৰস ৪চামুচ,মাটি কঠালৰ ৰস ৪চামুচ, আৰু ২চামুচ মৌ মিহলী কৰি ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ পিছত খালে আৰোগ্য পোৱা যায়|

৯)চুলি পকা- আমলখি ৪/৫টা পিচি লৈ মুৰত ভৰন দিলে চুলি গলা হয়|৩০দিন ব্যৱহাৰ কৰিব লাগে|

১০)পেটচলা (DIARHOEA)-৫টা শুকান আমলখি পিচি গুড়া কৰি তাত কলা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে পেটচলা ৰোগ ভাল হয়|

১১)চুলি সৰিলে- আমলখিৰ ৩/৪টা থেতেলিয়াই এৰাতি মূৰত বান্ধি ৰাখি পিচদিনা মূৰ ধুলে চুলি সৰা বন্ধ হয়|

১২)ৰক্তপিত্ত- আমলখিৰ ৰস ৪চামুচত অলপ চেনি মিহলি কৰি খালে যথেষ্ট আৰাম পোৱা যায়|

১৩)পাকস্থলিৰ ঘাঁ(GASTRIC ULCER) দুই চামুচ আমলখিৰ ৰস দুই চামুচ মৌ মিহলাই ৰাতিপুৱা খালে আৰোগ্য পোৱা যায়|

১৪)বমি(VOMITING)-২চামুচ আমলখিৰ ৰসৰ লগত আধা চামুচ চেনি মিহলায় খালে বমি বন্ধ হয়|

১৫)যকৃত ৰোগ(LIVER DISEASE)- আমলখিৰ ৰস খালে অতিসোনকালে আৰোগ্য পোৱা যায়|

১৬)ওকণি(PERDICULOSIS) - আমলখি আৰু গোলনেমুৰ ৰস সম পৰিমানে মিহলাই তাত অলপ কুহুমীয়া পানী দি সেই মিশ্ৰনেৰে মূৰ ধুলে ওকণি নোহোৱা হয়|

১৭)অম্লশাল(ACIDITY)- আমলখিৰ ৰসৰ লগত মৌ মিহলায় খালে আৰোগ্য পোৱা যায়|

১৮)স্নায়ৱিক দুৰ্বলতা(NERVOUSNESS)- আমলখি ৫/৬টাৰ ৰস উলিয়াই মিচিৰিৰ সৈতে খালে স্নায়ৱিক দুৰ্বলতা ভাল হয়|

১৯)পেটচলা শোথ(ASCITES)-আমলখিৰ আৰু পিপলি গুড়া ৫গ্ৰামকৈ লৈ পুৰনি গুৰ ৫গ্ৰাম মিহলি কৰি খালে সুফল পোৱা যায়|

👉👉অনুগ্ৰহ কৰি স্বেয়াৰ কৰিব||