Type Here to Get Search Results !

অপৰাধীৰ কোনোধৰ্ম নাই



অপৰাধীৰ কোনোধৰ্ম নাই

আছফিকুৰ ৰহমান

ছাত্ৰ, জামিয়া

ইছলাম শব্দৰ অৰ্থ হ'ল শান্তি । ইছলামে শান্তিৰ শিক্ষা দিয়ে , আৰু এই শান্তিৰ অনুসৰণ কৰা জনেই প্রকৃত মুছলমান । কেৱল আলী , উদ্দিন আদি নামৰ লগত থাকিলেই এজন মানুহ প্ৰকৃত মুছলমান হ’ব নোৱাৰে । প্ৰকৃত অৰ্থত এজন মুছলমান হ'বলৈ তেওঁ আল্লাহ ও ৰছুল ( ছঃ ) ৰ ওপৰত ঈমান আনিব লাগিব , আদেশ - নিষেধ মানি চলিব লাগিব , শ্বৰীয়তৰ বিধানৰ ওপৰত থাকিব লাগিব পূর্ণ আস্থা । যদি কোনো অপৰাধীৰ নামৰ শেষত আলী , উদ্দিন বা আহমেদ আদি পোৱা যায় তেন্তে আমাৰ সমাজৰ কিছু মানুহে গোটেই ধৰ্মক লৈ সমালোচনা কৰা দেখা যায় । পেপাৰ - পত্ৰিকাৰ পৰা আৰম্ভ কৰি টিভি চেনেল আৰু সামাজিক প্ৰচাৰ মাধ্যম ফেছবুক আদিতো একাংশই তুলপাৰ লগোৱা পৰিলক্ষিত হয় । এওঁলোকৰ বাবে এবাৰ ইছলাম ধৰ্ম সম্পৰ্কে অধ্যয়ন কৰাটো ইছলাম ধৰ্মত অপৰাধ আৰু অপৰাধীৰ কোনো স্থান নাই । হজৰত মুহাম্মদ ( ছঃ ) য়ে ফৰ্মাইছে- প্রকৃত মুছলমান সেইজন , যিজনৰ হাত আৰু মুখৰ দ্বাৰা যাতে আনে কেতিয়াও কষ্ট নাপায় । বুজা দৰকাৰ যে হাত আৰু মুখেৰে অন্যক কষ্ট

দিয়াজন যেতিয়া প্রকৃত মুছলমান হ’ব পৰা নাই তেনে স্থলত সন্ত্ৰাসৰ সৃষ্টিকাৰী , বেগুনাহ মানুহক হত্যাকাৰী মুছলমান হ'ব পাৰিবনে ? পৱিত্ৰ কুৰআন শ্বৰীফ আৰু হাদীছ পাকত ভিন ভিন অপৰাধীক ভিন ভিন কঠোৰ শাস্তি দিবলৈ উল্লেখ কৰা হৈছে । যেনে চুৰৰ হাত কাটি শাস্তি দিয়াৰ কথা । বিনা দোষত কাৰোবাক হত্যা কৰিলে হত্যাকাৰীক মৃত্যুদণ্ড দিয়া । জিনা ও ধৰ্ষণ আদি দূৰ কৰাৰ বাবে বিবাহিত জিনাকাৰী বা ধৰ্ষণকাৰী ৰজম অর্থাৎ পাথৰ নিক্ষেপ কৰি কৰি হত্যা কৰা আৰু অবিবাহিত সকলক এশ চাবুকৰ আদেশ কুৰআন পাকত দিয়া হৈছে । এনে স্থলত মুছলমান হৈ এনে কু কৰ্মত লিপ্ত হোৱা কোনো যুক্তিতে জাইজ নহয় । মুছলমানে এনে জঘন্য অপৰাদ কেতিয়াওঁ কৰিব নোৱাৰে । বিভিন্ন সময়ত আলিম - উলামা সকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি এনে পাপিষ্ট সকলৰ ইছলামৰ লগত কোনো সম্পর্ক নাই বুলি ঘোষণা কৰিছে । গতিকে কৰবাত এনে কার্য সংগঠিত হলে মুছলিম সমাজ বা ইছলামক বদনামৰ কৰাৰ কোনো যুক্তি নাথাকে ।