ছালৰ বগা দাগ মানে চিন্তনীয় নে
ছালৰ বগা দাগ সন্দৰ্ভত সমাজত বিভিন্ন ভ্ৰান্তিকৰ ধাৰণাৰ প্ৰচলন আছে । বগা দাগৰ কাৰণ বহুতো হব পাৰে । সাধাৰণ ভাৱে বগা দাগ বুলি কলে মানুহে শংকিত হোৱা বেমাৰটো হৈছে ' শ্বেত ৰোগ ' বা 'vitiligo' । কিন্তু ছালৰ কোনো অংশ বগা পৰাৰ বিভিন্ন কাৰণ আছে আৰু বগা পৰিলেই vitiligo হোৱা বুলি ভাবিব নালাগে । আনহাতে vitiligo সম্পৰ্কেও সমাজত বিভ্ৰান্তিকৰ ধাৰণা কিছুমান আছে ।
*কি কি কাৰণত ছালত বগা দাগ পৰিব পাৰে *
১। ছাল শুকান হোৱা : ছাল বেছিকৈ শুকান হলেও বগা দাগ পৰিব পাৰে । এনে বগা দাগ সাধাৰণতে পাতল হয় আৰু দাগটোৰ সীমা চাৰিওফালৰ normal ছালৰ লগত অস্পষ্ট ভাবে মিলি যায় (not well defined )
ছাল শুকান হোৱাৰ ফলত দেখা দিয়া বগা দাগ সাধাৰণতে বয়সীয়াল ব্যক্তি, শীত কাল , থাইৰইড গ্ৰন্থিৰ বেমাৰ ইত্যাদি ক্ষেত্ৰত দেখা যায়
ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় সাধাৰণ । Moisturizer ৰ সঠিক ব্যৱহাৰে এনে বগা দাগ নিৰ্মূল কৰে । নাৰিকল তেল ৰ ব্যবহাৰ কিছুপৰিমানে ফলপ্ৰসূ হব পাৰে ।
সেইদৰে ছাল শুকান হোৱাৰ সমস্যা ঠিক নহলে ছাল বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ৰক্ত পৰীক্ষা কৰাটো জৰুৰী
2। ৰ'দ: ভাবিলে অলপ আচৰিত হলেও ৰ'দৰ কাৰণেও কিছুমান বগা দাগ পৰিব পাৰে । এইবোৰ সাধাৰণতে allergy জনিত সমস্যা । এনে বগা দাগ বোৰো পাতল হয় আৰু পৰিসীমা(border) ভালদৰে চিনাক্ত কৰিব নোৱাৰি অৰ্থাৎ চাৰিওফালৰ normal ছালৰ লগত মিলি থাকে । এনে দাগবোৰ হাত, ডিঙি,পিঠিৰ উপৰ ভাগ , বুকুৰ ওপৰ ভাগ আৰু মুখ অৰ্থাৎ ৰ'দ পৰা অংশ বোৰত থাকে । কেতিয়াবা খজুৱতি হব পাৰে আৰু ৰঙা পৰি ফুলি উঠিবও পাৰে ।
Sunscreen , ছাতি ইত্যাদিৰ ব্যৱহাৰে ইয়াৰ পৰা বাচি থাকিব পাৰি । বেছি কৈ হোৱা এনে দাগৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা বাঞ্চনীয়।
৩। কিছুমান ভেঁকুৰজনিত সংক্ৰমণ :
Pityriasis versicolor নামেৰে এটা ভেঁকুৰ জনিত সংক্ৰমণত বগা দাগ হব পাৰে । Malassezia নামৰ এটা ভেঁকুৰে এই সংক্ৰমণ টো কৰে । এনে দাগ বোৰ সৰু সৰু ঘুৰণীয়াকৈ পৰা দেখা যায় । চুলি বা নোমৰ চাৰিওফালে বেছিকৈ থাকে । বুকু , পিছ হাত, পিঠি ,মুখ ইত্যাদি জেগাত বেছিকৈ হয় আৰু গৰমৰ দিনত সাধাৰণতে দেখা যায়।
ছাল বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি লোৱা antifungal দৰবে ইয়াক সম্পূৰ্ণ ভাল কৰিব পাৰে
৪। কুষ্ঠ ৰোগ : কুষ্ঠ ৰোগ (leprosy) ত ছালৰ কিছু অংশ বগা পৰিব পাৰে ।লগতে এনে বগা অংশ অচেতন হব পাৰে অৰ্থাৎ চুলে গম নাপাব পাৰে । হয়তো বগা দাগ ৰ প্ৰতি সমাজত থকা বেয়া ধাৰণাৰ মূলতে কুষ্ঠ্য ৰোগ । কাৰণ অতীজতে কুষ্ঠ ৰোগ যথেষ্ট বেছি আছিল আৰু ফলপ্ৰসূ চিকিৎসা নাছিল। অতীজতে বগা দাগ মানেই কুষ্ঠ বুলি ভবা হৈছিল । হয়তো চিকিৎসা ব্যৱস্থাৰ অনগ্ৰসৰ অৱস্থাৰ কাৰণে শ্বেত ৰোগ ( vitiligo) আৰু কুষ্ঠ ৰোগৰ পাৰ্থক্য কৰাটো আনকি চিকিৎসকৰ কাৰণেও জটিল আছিল । দুয়োটা সম্পূৰ্ণ বেলেগ বেমাৰ । কুষ্ঠ ৰোগ এটা বীজাণুৰ কাৰণে হয় (Mycobacterium Leprae) আনহাতে vitiligo কোনো বীজাণুৰ কাৰণে নহয়।
ভাৰতবৰ্ষ ত এতিয়াও কুষ্ঠ ৰোগ আছে । আজিকালি ইয়াৰ সম্পূৰ্ণ চিকিৎসা হোৱাটো সম্ভৱ।
৫।Vitiligo বা শ্বেত ৰোগ : সমাজত ইয়াৰ বিষয়ে বহুত বেয়া ধাৰণা আছে । ঘৰৰ দেৱালৰ ৰং কিবা কাৰণত যেনেকৈ এৰাই যাব পাৰে , ঠিক তেনে দৰে মানুহৰ ছালৰ ৰঙটোও গুচি যাব পাৰে। Vitiligo বেমাৰটো সিমানেই সাধাৰণ । মানুহৰ ছালৰ ৰং আহে melanin নামৰ পদাৰ্থৰ পৰা আৰু ইয়াক প্ৰস্তুত কৰে melanocyte নামৰে কিছুমান কোষে । Melanin কমি বগা দাগ হোৱাৰ বহুত কাৰণ থাকে (multifactorial) অৰ্থাৎ সাধাৰণতে ভবাৰ দৰে ই কেৱল বংশগত নহয়।
Vitiligo সন্দৰ্ভত থকা ভুল ধাৰণা সমূহ
- ই বিয়পে । Vitiligo সংক্ৰামক নহয় ।যিহেতু ই মাত্ৰ ছালৰ ৰং গুচি যোৱাটো বুজাই আৰু ইয়াৰ কাৰণ কোনো বীজাণু নহয়।
- ইয়াৰ কোনো চিকিৎসা নাই । Vitiligo ৰ চিকিৎসা আছে মাথোঁ চিকিৎসা প্ৰণালী অন্য বেমাৰৰ দৰে নহয় ।আন কিছুমান বেমাৰত এবাৰ বা দুবাৰ চিকিৎসকৰ ওচৰলৈ গলেই ভাল পোৱা যায় । Vitiligo ৰ চিকিৎসা দীঘলীয়া হয় আৰু ভাল পোৱাৰ পিছতো চিকিৎসকৰ পৰামৰ্শ মতে চলাটো বাঞ্চনীয়।
তদুপৰি vitiligo ক লৈ বহুত অন্ধবিশ্বাস , কুসংস্কাৰ চলি আহিছে । এনে অন্ধবিশ্বাসক নিৰ্মূল কৰিবলৈ শিক্ষিত সমাজে আগভাগ লব লাগিব।
ইয়াৰ উপৰিও অন্যান্য বহুত কাৰণত ছালৰ বগা দাগে দেখা দিব পাৰে । বগা দাগ বুলি কলেই শংকিত নহৈ সোনকালে চিকিৎসকৰ পৰামৰ্শ ললে সুফল পোৱা যায় ।