তেতেলীৰ ঔষধি গুণসমূহ-
১/গৰমত শৰীৰত পুৰণি হলে বা গৰম বায়ু পৰসত অস্হিৰ অৱস্থা হলে তেতেলীৰ চৰবত মিচিৰিৰে বনাই খাব লাগে।
২/যিবোৰ অঞ্চলত পানীত ফ্লৰাইদৰ মাত্রা বেছি থাকে, তেনে অঞ্চলৰ লোকে তেতেলীৰ চৰবত বনাই নিমখ মিহলাই নিয়মিত খায় থাকিব লাগে। ই ফ্লৰচিচ ৰোগৰ পৰা ৰক্ষা কৰে।
৩/অতিসাৰ বা হাগনি হলে, তেতেলীৰ পাতৰ ৰস উলিয়াই গৰম কৰি কেইবাৰ মানে খালে ভাল হয়।
৪/মোচোকা খোৱা ঠাইত তেতেলীৰ পাত পিহি অকণ গৰম কৰি লেপ দি ৰাখিলে আৰাম পোৱা যায়।
৫) জণ্ডিছ ৰোগত তেতেলীৰ চৰবত খালে, ভাল ফল পোৱা যায়।
৬/ফোঁহাত তেতেলীৰ গুটি পিহি লগাব লাগে।
৭/পেটৰ বিষ হলে, তেতেলীৰ পাত মিহিকৈ বটি দুচামুচ লৈ একাপ পানীত ক'লা নিমখ দি খাব। দিনে তিনিবাৰকৈ খালে পেটৰ বিষ ভাল হয়।
৮/মূৰৰ বিষত তেতেলীৰ চৰবত বনাই চেনি গুলি তিনিবাৰকৈ খাব লাগে।
৯/ভোক কমি গৈ থাকিলে তেতেলীৰ পাত মিহিকৈ বটি চাটনিৰ দৰে ভাতৰ লগত খাব লাগে।
১০/ভাং, মদ আদিৰ নিচা আঁতৰাবলৈ তেতেলীৰ চৰবত বনাই খুৱাব লাগে। এবাৰত নিচা নকমিলে আকৌ খুৱাব লাগে।
১১/তেজ ওলোৱা পাইলচ ৰোগত তেতেলীৰ গুটি পুৰি তাৰ চাই দুই গ্ৰাম দৈত মিহলাই খাব লাগে। দিনে দুবাৰকৈ ২০দিন।
১২/শৌচ ভালকৈ নহলে পুৱা আৰু ৰাতি শোনার আগে তেতেলীৰ চৰবত খাব লাগে।
১৩/পাইলচ ৰোগত তেতেলীৰ পাতৰ ৰস দুচামোচকৈ দিনে দুবাৰকৈ ২০ দিন খাব লাগে।
১৪/মূৰ ঘূৰণি হলে তেতেলীৰ চৰবত চেনিৰে খাব লাগে।
১৫/উচ্চ ৰক্তচাপ ৰোগীয়ে নিয়মিত তেতেলীৰ চৰবত খায় থাকিলে ৰক্তচাপ নিয়ন্ত্রণত থাকে। ভাতৰ লগতো তেতেলী খাব পাৰে।
১৬/চাধা, গুটখা, পানমচালা, আইৰনযুক্ত পানী খায় দাঁতত দাগ লাগিলে, তেতেলীৰ গুটিৰ শুকান গুড়িৰে দাঁত দিনে ২বাৰকৈ মাজিলে দাঁতৰ দাগ নোহোৱা হৈ দাঁত পৰিষ্কাৰ হয়।
১৭/জুয়ে পুৰা ঘাঁ বহুদিনলৈ ঠিক নহলে তেতেলী গছৰ ছালৰ শুকান গুড়ি আৰু ঘিঁ মিলাই লৈ মলমৰ দৰে বনাই লগালে ভাল হয়।