Type Here to Get Search Results !

Some home remedies to enhance beauty সৌন্দৰ্য বৃদ্ধিৰ কেইটামান ঘৰুৱা উপায়





সৌন্দৰ্য বৃদ্ধিৰ কেইটামান ঘৰুৱা উপায়

১) দেহৰ উজ্জ্বলতা বৃদ্ধি :
এগিলাচ বিলাহীৰ ৰসৰ লগত অলপ মৌ মিহলাই খালে দেহৰ উজ্জ্বলতা বৃদ্ধি হয়|

২) শালমইনা :
কেঁচা হালধিৰ ৰস ২৫গ্ৰাম,মচুৰ দাইল ২৫গ্ৰাম(পিচি লৈ),২৫গ্ৰাম গৰুৰ গাখীৰ মিহলি কৰি মুখত সানিলে উপকাৰ পোৱা যায়|

৩) চকু আৰু চুলিৰ উজ্জ্বলতা বৃদ্ধি :
ৰাতিপুৱা ৫০গ্ৰাম কৈ তিল খাই এগিলাচ ঠাণ্ডা পানী নিয়মীয়াকৈ খাব লাগে|

৪) মুখৰ দাগ উঠাবলৈ :
মৌৰ লগত কণীৰ কুহুম আৰু পিঠাগুৰি মিহলাই মলমৰ দৰে মুখত ঘঁহি কিছু সময়ৰ পাছত মুখ ধুই পেলালে মুখৰ বিভিন্ন দাগ উঠি যায়|

৫) মুখৰ ছাল মিহি কৰিব :
২চামুচ গাখীৰত ১চামুচ দৈ মিহলি কৰি তাত ১চামুচ গোলাপ জল দি ফেটি মুখত সানিব লাগে|

৬) মহিলাৰ স্তনদ্বৰ সৌন্দৰ্য বৃদ্ধি :
নাৰীৰ স্তনদ্বয়ে সৌন্দৰ্য বৃদ্ধি কৰে| এই স্তনদ্বয় ৰোগ মুক্ত আৰু আকৰ্ষণীয় কৰিব কাৰণে নিয়মীয়াকৈ বিশুদ্ধ মিঠা তেলেৰে মালিচ কৰিব লাগে|

৭) দেহত বগা চোম পৰিলে :
তুলসী পাতৰ ৰস,কেঁচা হালধিৰ ৰস আৰু মৌজোল একেলগে সানিব লাগে|

৮) দেহত ক'লা দাগ পৰিলে :
ৰাতি শোৱাৰ সময়ত ঘিউ সানি মালিচ কৰিলে দাগ সহজতে উঠে|

""আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি""
👉👉 অনুগ্ৰহ কৰি স্বেয়াৰ কৰিব||||